--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দুত্ববাদী সংগঠনৰ বাধাৰ পিছতো শ্বাহৰুখ খানৰ 'পাঠান' ছবি খনে মুক্তিৰ প্ৰথম দিনটোতে অভিলেখ সৃষ্টি কৰিলে। ছবি খনৰ এনে জনপ্ৰিয়া দেখি আৰম্ভনিৰে পৰা ছবি খনৰ বিৰুদ্ধে গুজৰি থকা মধ্য প্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰৰ সুৰ সলনি হৈছে।

এটা সময়ত  তেঁৱেই  প্ৰথমে শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত 'পাঠান' সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। এতিয়া তেওঁ নিজৰ মত যেন  সলনি কৰিছে। তেওঁৰ মতে আৰু প্ৰতিবাদ কৰাৰ কোনো অৰ্থ নাই। কিয়? কাৰণ ইতিমধ্যে চেঞ্চৰ বোৰ্ডৰে ছবি খনত কেঁচি চলাইছেই। ছবিখনৰ কেইবাটাও সংলাপো  সলনি কৰা হৈছে।

মধ্য প্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে কয় "মই বিশ্বাস কৰোঁ যে সকলো ধৰণৰ বিতৰ্কিত দৃশ্য সংশোধন কৰা হৈছে। চেঞ্চৰ বোৰ্ডে সকলো ভুল শুধৰাই দিছে । গতিকে আৰু প্ৰতিবাদ কৰাৰ কোনো অৰ্থ নাই। "

ইয়াৰ আগতে নৰোত্তম মিশ্ৰই দাবী কৰিছিল যে 'পাঠান’ ছবি খনে  ভাৰতৰ 'পৰম্পৰাগত সংস্কৃতি'ক অপমান কৰিছে। সেয়েহে তেওঁ এই ছবিখন ভাৰতত চলিবলৈ দিব নোৱাৰি বুলি কৈছিল। কিন্তু এতিয়া তেওঁৰ কণ্ঠত আন এটা সুৰ শুনা গৈছে।

উল্লেখ্য ২৫ জানুৱাৰীত 'পাঠান' মুক্তি পোৱাৰ পিছৰে পৰা দৰ্শকৰ মাজত  এক উন্মাদনাৰ সৃষ্টি হৈছে।  ধুমুহাৰ গতিত বিক্ৰী হৈছে ছবি খনৰ টিকট। ছবি খনে দেশ আৰু বিদেশত দুদিনত ১২৫ কোটিতকৈও অধিক টকা অৰ্জন  কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে