--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দুত্ববাদী সংগঠনৰ বাধাৰ পিছতো শ্বাহৰুখ খানৰ 'পাঠান' ছবি খনে মুক্তিৰ প্ৰথম দিনটোতে অভিলেখ সৃষ্টি কৰিলে। ছবি খনৰ এনে জনপ্ৰিয়া দেখি আৰম্ভনিৰে পৰা ছবি খনৰ বিৰুদ্ধে গুজৰি থকা মধ্য প্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰৰ সুৰ সলনি হৈছে।

এটা সময়ত  তেঁৱেই  প্ৰথমে শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত 'পাঠান' সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। এতিয়া তেওঁ নিজৰ মত যেন  সলনি কৰিছে। তেওঁৰ মতে আৰু প্ৰতিবাদ কৰাৰ কোনো অৰ্থ নাই। কিয়? কাৰণ ইতিমধ্যে চেঞ্চৰ বোৰ্ডৰে ছবি খনত কেঁচি চলাইছেই। ছবিখনৰ কেইবাটাও সংলাপো  সলনি কৰা হৈছে।

মধ্য প্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে কয় "মই বিশ্বাস কৰোঁ যে সকলো ধৰণৰ বিতৰ্কিত দৃশ্য সংশোধন কৰা হৈছে। চেঞ্চৰ বোৰ্ডে সকলো ভুল শুধৰাই দিছে । গতিকে আৰু প্ৰতিবাদ কৰাৰ কোনো অৰ্থ নাই। "

ইয়াৰ আগতে নৰোত্তম মিশ্ৰই দাবী কৰিছিল যে 'পাঠান’ ছবি খনে  ভাৰতৰ 'পৰম্পৰাগত সংস্কৃতি'ক অপমান কৰিছে। সেয়েহে তেওঁ এই ছবিখন ভাৰতত চলিবলৈ দিব নোৱাৰি বুলি কৈছিল। কিন্তু এতিয়া তেওঁৰ কণ্ঠত আন এটা সুৰ শুনা গৈছে।

উল্লেখ্য ২৫ জানুৱাৰীত 'পাঠান' মুক্তি পোৱাৰ পিছৰে পৰা দৰ্শকৰ মাজত  এক উন্মাদনাৰ সৃষ্টি হৈছে।  ধুমুহাৰ গতিত বিক্ৰী হৈছে ছবি খনৰ টিকট। ছবি খনে দেশ আৰু বিদেশত দুদিনত ১২৫ কোটিতকৈও অধিক টকা অৰ্জন  কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক