--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গেৰুৱা শিবিৰৰ একান্ত ভক্ত কংগনা ৰাণাৱটৰ এতিয়া সুৰ সলনি হৈছে৷ 'পাঠান'ৰ অভূতপূৰ্ব সফলতাৰ পিছত কংগনাই এতিয়া ছবি খনৰ বন্দনা কৰিবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াকৈ কংগনা ৰাণাৱটে তেওঁৰ  টুইটাৰ একাউণ্ট ঘূৰাই পোৱাৰ পিছত  ইটোৰ পিঠত সিটোকৈ মন্তব্যৰ বোমা পেলাই গৈছে৷  

তেওঁ আৰম্ভণিতে 'পাঠান' সন্দৰ্ভত নেতিবাচক  মন্তব্য কৰিছিল। তেওঁ দাবী কৰিছিল যে ছবিখনৰ বিষয়ে চিন্তা কৰাটো অপ্ৰয়োজনীয় কথা । ছবিখনৰ মান   বক্স অফিচত নিৰ্ধাৰণ হ’ব বুলিও তেওঁ কৈছিল। অৱশ্যে, ছবিখন চোৱাৰ পিছত কংগনাই তেওঁৰ  সুৰ সলনি কৰিছে । তেওঁৰ মতে, যোৱা ১০  বছৰত এয়া শ্বাহৰুখৰ শ্ৰেষ্ঠ ছবি৷কংগনাই এতিয়া কৈছে  যে   "পাঠানৰ বক্স অফিচৰ সফলতা ঘৃণাৰ ওপৰত প্ৰেমৰ জয়"। তেওঁ লগতে কয় যে ইমান বৰ্জনৰ পিছতো   "দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি পাঠানে প্ৰেম লাভ কৰিছে। ''

কংগনাৰ পোষ্টত প্ৰতি ক্ৰিয়া প্ৰকাশ কৰি এজন ব্যক্তিয়ে মনত পেলাই দিছে , "কংগনাৰ অন্তিম খন ছবি 'ধাকাদে' প্ৰথম দিনাই মাত্ৰ ৫৫ লাখ টকা উপাৰ্জন কৰিছিল আৰু ছবিখনৰ মুঠ সংগ্ৰহ হৈছে ২.৫৮ কোটি টকা। অৱশ্যে, পাঠানে প্ৰথম দিনাই ১০০ কোটিৰো অধিক চকা উপাৰ্জন কৰিছে। এই মন্তব্যৰ উত্তৰত কংগনাই কয়, "হয়, ধাকাদ ঐতিহাসিক বিফলতাৰ এক উদাহৰণ, মই ইয়াক কেতিয়া অস্বীকাৰ কৰিছিলো? বৰঞ্চ, 'পাঠান' হৈছে শ্বাহৰুখৰ যোৱা দহ বছৰৰ প্ৰথম সফল ছবি, আমিও তেওঁৰ পৰা অনুপ্ৰেৰণা পাইছিলো। মই আশা কৰোঁ যে দেশখনে তেওঁক দিয়া একেই সুযোগ আমি পাম। এই সকলোবোৰৰ স্বত্বেও, ভাৰত মহান, উদাৰ, জয় শ্ৰী ৰাম। "

কংগনাই কয়  "লক্ষ্য কৰক যে ভাৰতীয়সকলে টিকট ক্ৰয় কৰি আছে। এয়া ভাৰতৰ জনসাধাৰণৰ প্ৰেম। টিকট কিনাসকলৰ  ৮০ শতাংশ  হিন্দু। তেওঁলোকে ছবি খন  চাই আছে। ইয়াৰ অৰ্থ হৈছে যে দেশখন এতিয়াও ধৰ্মৰ প্ৰতি সহনশীল। যি জিকিছে সেয়া হৈছে ভাৰতৰ জনসাধাৰণৰ প্ৰেম। ''

শেষত, কংগনাই আকৌ এবাৰ স্বীকাৰ কৰিলে যে 'পাঠান' খুব ভালদৰে চলি আছে। হিন্দী চলচ্চিত্ৰত মন্দাৱস্থাৰ দিনত এনেধৰণৰ আৰু কাম কৰাৰ প্ৰয়োজন আছে।তেওঁ ভাৰতীয় মুছলমানসকল দেশপ্ৰেমিক বুলিও প্ৰশংসা কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক