--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গেৰুৱা শিবিৰৰ একান্ত ভক্ত কংগনা ৰাণাৱটৰ এতিয়া সুৰ সলনি হৈছে৷ 'পাঠান'ৰ অভূতপূৰ্ব সফলতাৰ পিছত কংগনাই এতিয়া ছবি খনৰ বন্দনা কৰিবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াকৈ কংগনা ৰাণাৱটে তেওঁৰ  টুইটাৰ একাউণ্ট ঘূৰাই পোৱাৰ পিছত  ইটোৰ পিঠত সিটোকৈ মন্তব্যৰ বোমা পেলাই গৈছে৷  

তেওঁ আৰম্ভণিতে 'পাঠান' সন্দৰ্ভত নেতিবাচক  মন্তব্য কৰিছিল। তেওঁ দাবী কৰিছিল যে ছবিখনৰ বিষয়ে চিন্তা কৰাটো অপ্ৰয়োজনীয় কথা । ছবিখনৰ মান   বক্স অফিচত নিৰ্ধাৰণ হ’ব বুলিও তেওঁ কৈছিল। অৱশ্যে, ছবিখন চোৱাৰ পিছত কংগনাই তেওঁৰ  সুৰ সলনি কৰিছে । তেওঁৰ মতে, যোৱা ১০  বছৰত এয়া শ্বাহৰুখৰ শ্ৰেষ্ঠ ছবি৷কংগনাই এতিয়া কৈছে  যে   "পাঠানৰ বক্স অফিচৰ সফলতা ঘৃণাৰ ওপৰত প্ৰেমৰ জয়"। তেওঁ লগতে কয় যে ইমান বৰ্জনৰ পিছতো   "দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি পাঠানে প্ৰেম লাভ কৰিছে। ''

কংগনাৰ পোষ্টত প্ৰতি ক্ৰিয়া প্ৰকাশ কৰি এজন ব্যক্তিয়ে মনত পেলাই দিছে , "কংগনাৰ অন্তিম খন ছবি 'ধাকাদে' প্ৰথম দিনাই মাত্ৰ ৫৫ লাখ টকা উপাৰ্জন কৰিছিল আৰু ছবিখনৰ মুঠ সংগ্ৰহ হৈছে ২.৫৮ কোটি টকা। অৱশ্যে, পাঠানে প্ৰথম দিনাই ১০০ কোটিৰো অধিক চকা উপাৰ্জন কৰিছে। এই মন্তব্যৰ উত্তৰত কংগনাই কয়, "হয়, ধাকাদ ঐতিহাসিক বিফলতাৰ এক উদাহৰণ, মই ইয়াক কেতিয়া অস্বীকাৰ কৰিছিলো? বৰঞ্চ, 'পাঠান' হৈছে শ্বাহৰুখৰ যোৱা দহ বছৰৰ প্ৰথম সফল ছবি, আমিও তেওঁৰ পৰা অনুপ্ৰেৰণা পাইছিলো। মই আশা কৰোঁ যে দেশখনে তেওঁক দিয়া একেই সুযোগ আমি পাম। এই সকলোবোৰৰ স্বত্বেও, ভাৰত মহান, উদাৰ, জয় শ্ৰী ৰাম। "

কংগনাই কয়  "লক্ষ্য কৰক যে ভাৰতীয়সকলে টিকট ক্ৰয় কৰি আছে। এয়া ভাৰতৰ জনসাধাৰণৰ প্ৰেম। টিকট কিনাসকলৰ  ৮০ শতাংশ  হিন্দু। তেওঁলোকে ছবি খন  চাই আছে। ইয়াৰ অৰ্থ হৈছে যে দেশখন এতিয়াও ধৰ্মৰ প্ৰতি সহনশীল। যি জিকিছে সেয়া হৈছে ভাৰতৰ জনসাধাৰণৰ প্ৰেম। ''

শেষত, কংগনাই আকৌ এবাৰ স্বীকাৰ কৰিলে যে 'পাঠান' খুব ভালদৰে চলি আছে। হিন্দী চলচ্চিত্ৰত মন্দাৱস্থাৰ দিনত এনেধৰণৰ আৰু কাম কৰাৰ প্ৰয়োজন আছে।তেওঁ ভাৰতীয় মুছলমানসকল দেশপ্ৰেমিক বুলিও প্ৰশংসা কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে