--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখৰ সময়ত সকলো লগত থাকে কিন্তু যি দুখৰ সময়তো সংগ দিয়ে তেওঁকহে প্ৰকৃত বন্ধু বা শুভাকাংক্ষী বুলি কোৱা হয়। জনপ্ৰিয় গায়ক য় য় হানী সিঙে শেহতীয়াকৈ প্ৰকাশ কৰিছে তেওঁৰ জীৱনৰ কিছু কথা। বহুকেইটা গীতেৰে জনপ্ৰিয়তাৰ তুংগত উঠা হানী সিং হঠাতে গানৰ জগতৰ পৰা অন্তৰ্ধান হৈছিল। কিন্তু অতি সোনকালে অতি সোনকালে তেওঁ নতুন সংগীত এলবাম ‘হানী ৩.০’ৰ সৈতে পুনৰ উভতি আহিব সংগীতৰ পৃথিৱীলৈ।

ইয়াৰ পূৰ্বে হানি সিঙে তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰিছিল। শেহতীয়াকৈ হানী সিঙে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে তেওঁ বাইপোলাৰ ডিছঅৰ্ডাৰ নামৰ ৰোগত আক্ৰান্ত। এই কাৰণেই তেওঁ মানুহক লগ পোৱা বন্ধ কৰি দিছিল। একে সময়তে তেওঁ এই কথাও প্ৰকাশ কৰে যে বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে তেওঁক কঠিন সময়ত সমৰ্থন কৰিছিল।

হানী সিঙে কয় যে তেওঁৰ সুস্থ হ’বলৈ প্ৰায় ৫ বছৰ সময় লাগিছিল। কিন্তু এতিয়া তেওঁ স্বাভাৱিক জীৱন যাপন কৰিছে। হানী সিঙে সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে দীপিকা পাডুকনে তেওঁৰ বাবে চিকিৎসকৰ পৰামৰ্শ দিছিল। হানী সিঙে কয়- 'বলীউডৰ পৰা সকলোৰে সমৰ্থন পাইছিলোঁ। যেতিয়া মোৰ অসুস্থতা অতি সংকটজনক হৈ পৰিল, তেতিয়া মই কোন ডাক্তৰৰ ওচৰলৈ যাব লাগে সেইটো বুজিব পৰা নাছিলো। তাৰপাছত দীপিকাই মোক সহায় কৰিলে কাৰণ তাইৰো মোৰ দৰেই সমস্যা আছিল। কিন্তু মোৰ ৰোগটো দীপিকাতকৈ অলপ বেছি গুৰুতৰ আছিল’।

সাক্ষাৎকাৰত হানী সিঙে কয় যে তেওঁ শ্বাহৰুখ খানৰ পৰাও যথেষ্ট সমৰ্থন লাভ কৰিছিল। ইয়াৰ উপৰিও অক্ষয় কুমাৰে হানীৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ প্ৰায়ে ফোন কৰিছিল। কিন্তু হানী সিঙে ফোনতো কথা পতা নাছিল। তেওঁ প্ৰায় ৫ বছৰ ধৰি ফোনত কথা পতা নাছিল আৰু ৩ বছৰ ধৰি টিভিও চোৱা নাছিল। হানী সিঙে কয় যে অক্ষয় কুমাৰ আৰু ছলমান খানে তেওঁক সংগীতৰ উদ্যোগলৈ ঘূৰি অহাত যথেষ্ট সহায় কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক