--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখৰ সময়ত সকলো লগত থাকে কিন্তু যি দুখৰ সময়তো সংগ দিয়ে তেওঁকহে প্ৰকৃত বন্ধু বা শুভাকাংক্ষী বুলি কোৱা হয়। জনপ্ৰিয় গায়ক য় য় হানী সিঙে শেহতীয়াকৈ প্ৰকাশ কৰিছে তেওঁৰ জীৱনৰ কিছু কথা। বহুকেইটা গীতেৰে জনপ্ৰিয়তাৰ তুংগত উঠা হানী সিং হঠাতে গানৰ জগতৰ পৰা অন্তৰ্ধান হৈছিল। কিন্তু অতি সোনকালে অতি সোনকালে তেওঁ নতুন সংগীত এলবাম ‘হানী ৩.০’ৰ সৈতে পুনৰ উভতি আহিব সংগীতৰ পৃথিৱীলৈ।

ইয়াৰ পূৰ্বে হানি সিঙে তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰিছিল। শেহতীয়াকৈ হানী সিঙে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে তেওঁ বাইপোলাৰ ডিছঅৰ্ডাৰ নামৰ ৰোগত আক্ৰান্ত। এই কাৰণেই তেওঁ মানুহক লগ পোৱা বন্ধ কৰি দিছিল। একে সময়তে তেওঁ এই কথাও প্ৰকাশ কৰে যে বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে তেওঁক কঠিন সময়ত সমৰ্থন কৰিছিল।

হানী সিঙে কয় যে তেওঁৰ সুস্থ হ’বলৈ প্ৰায় ৫ বছৰ সময় লাগিছিল। কিন্তু এতিয়া তেওঁ স্বাভাৱিক জীৱন যাপন কৰিছে। হানী সিঙে সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে দীপিকা পাডুকনে তেওঁৰ বাবে চিকিৎসকৰ পৰামৰ্শ দিছিল। হানী সিঙে কয়- 'বলীউডৰ পৰা সকলোৰে সমৰ্থন পাইছিলোঁ। যেতিয়া মোৰ অসুস্থতা অতি সংকটজনক হৈ পৰিল, তেতিয়া মই কোন ডাক্তৰৰ ওচৰলৈ যাব লাগে সেইটো বুজিব পৰা নাছিলো। তাৰপাছত দীপিকাই মোক সহায় কৰিলে কাৰণ তাইৰো মোৰ দৰেই সমস্যা আছিল। কিন্তু মোৰ ৰোগটো দীপিকাতকৈ অলপ বেছি গুৰুতৰ আছিল’।

সাক্ষাৎকাৰত হানী সিঙে কয় যে তেওঁ শ্বাহৰুখ খানৰ পৰাও যথেষ্ট সমৰ্থন লাভ কৰিছিল। ইয়াৰ উপৰিও অক্ষয় কুমাৰে হানীৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ প্ৰায়ে ফোন কৰিছিল। কিন্তু হানী সিঙে ফোনতো কথা পতা নাছিল। তেওঁ প্ৰায় ৫ বছৰ ধৰি ফোনত কথা পতা নাছিল আৰু ৩ বছৰ ধৰি টিভিও চোৱা নাছিল। হানী সিঙে কয় যে অক্ষয় কুমাৰ আৰু ছলমান খানে তেওঁক সংগীতৰ উদ্যোগলৈ ঘূৰি অহাত যথেষ্ট সহায় কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু