--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ শীৰ্ষ ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ এংগেজমেণ্টৰ ফটো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিয়া ঠিক হৈছে অনন্তৰ। ফটোবোৰত স্পষ্টকৈ ধৰিব পৰা গৈছে যে অনন্ত আম্বানীৰ ওজন বহু বৃদ্ধি পাইছে। কেইবছৰমান আগতে অনন্ত আম্বানীৰ ওজন বহু পৰিমাণে কমি গৈছিল যদিও এতিয়া তেওঁ পুনৰ পুৰণি অৱস্থালৈ ঘূৰি আহিছে। পূৰ্বৰে পৰা বহু শকত আছিল অনন্ত কিন্তু তেওঁ নিজৰ ওজন হ্ৰাস কৰি ফিট এণ্ড ফাইন হৈ পৰিছিল। এতিয়া পুনৰ তেওঁ আগৰ শকত অৱস্থালৈ ঘূৰি গৈছে।
Inside Anant Ambani and Radhika Merchant's big Indian wedding
কেইবছৰমান আগতে আই পি এল মেচৰ সময়ত অনন্ত আম্বানীয়ে চোফাত বহি লাইভ মেচ চাই থকাৰ সময়ত তেওঁৰ ছবি ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছিল। তেওঁৰ মেদবহুলতাক লৈ মানুহে বহুত প্ৰশ্ন কৰিছিল আৰু ট্ৰ’লো কৰিছিল। তাৰপাছত প্ৰশিক্ষক বিনোদ চান্নাৰ অধীনত ডায়েট কণ্ট্ৰল আৰু গধুৰ ৱৰ্কআউটৰ জৰিয়তে প্ৰায় ১০৮ কিলোগ্ৰাম ওজন হ্ৰাস কৰে অনন্তই।
Mukesh Ambani's son Anant lost more than 100kg thanks to Bollywood star  John Abraham's celebrity trainer Vinod Channa, and a really wild diet – how  did he do it? | South China
অনন্তই দৈনিক প্ৰায় ৫ ঘণ্টা ব্যায়াম কৰিছিল, য’ত তেওঁ প্ৰায় ২০ কিলোমিটাৰ খোজ কাঢ়িছিল আৰু যোগাসনো কৰিছিল। অনন্তই আগতে স্বাস্থ্যসন্মত খাদ্যত কম কাৰ্ব, উচ্চ আঁহযুক্ত খাদ্যৰ লগতে সতেজ ফলমূল আৰু শাক-পাচলি খাইছিল। ইয়াৰ বাহিৰেও তেওঁ তেলীয়া আৰু মিঠা বস্তু খোৱাটো বহু পৰিমাণে হ্ৰাস কৰিছিল।

ইয়াৰ পিছত অনন্ত আম্বানীৰ পৰিৱৰ্তন দেখি সকলোৱে আচৰিত হৈ পৰিছিল কাৰণ ইমান ওজন কম কৰাটো সহজ নহয়। নিজৰ কঠোৰ পৰিশ্ৰমেৰে অনন্তই অতি কঠিন যেন লগা কামটো সম্ভৱ কৰি তুলিছিল। সেই সময়ত তেওঁক ট্ৰ’ল কৰাসকলে তেওঁক প্ৰশংসা কৰি ভাগৰি পৰা নাছিল। এজন সুন্দৰ-সুঠাম যুৱকত পৰিণত হৈছিল অনন্ত আম্বানী। কিন্তু ২০২৩ চনত পুনৰ অনন্ত আম্বানী শকত হৈ পৰিল।
 
বহু গৱেষণাত প্ৰমাণিত হৈছে যে ওজন কমোৱাৰ পিছত ইয়াক বজাই ৰখাটো অতি প্ৰয়োজনীয়, নহ’লে আপুনি পুনৰ পুৰণি আকৃতিলৈ ঘূৰি আহিব। গতিকে ওজন কমি যোৱাৰ পিছত তেলীয়া আৰু মিঠা বস্তু পুনৰ খাব পৰা যাব বুলি নাভাবিব। ইয়াৰ লগতে শাৰীৰিক ক্ৰিয়া-কলাপ কৰি থাকিব লাগিব, নহ’লে সকলো কষ্ট অথলে যাব।
Anant Ambani New Look
 ওজন কমি যোৱাৰ পাছত ক্ষুধাৰ হৰম’ন বৃদ্ধি পায়, আনহাতে পেশী ক্ষয়ৰ বাবে বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, তাৰ পিছত কম খাদ্য খালেও ওজন বৃদ্ধি হ’ব পাৰে। কিশোৰ বয়সত ডায়েটিং কৰিলেও ভৱিষ্যতে মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি পায়। সেইবাবেই ওজন কমোৱাৰ পিছতো স্বাস্থ্যসন্মত খাদ্য আৰু জীৱনশৈলী মানি চলিব লাগে আৰু ওজন কমিল বুলি ব্যায়াম কৰা বন্ধ কৰিব নালাগে। জানিব পৰা মতে অনন্ত আম্বানীয়ে সেই ৰুটিন অনুসৰণ নকৰা বাবে তেওঁৰ পুনৰ ওজন বৃদ্ধি পালে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement