--°C
Loading...
Listen to Article
2 min read
80%

হত্যাকাণ্ডৰ ছমাহৰ পাছতহে স্বীকাৰোক্তি নৃশংস ঘাতকৰ

ডিজিটেল ডেস্ক : এগৰাকী শিক্ষয়িত্ৰীক হত্যা। নৃশংস হত্যা। ভয়ংকৰ আক্ৰোশ। শোকাৱহ পৰিণতি! চেকনিৰ আগত বিদ্যা, এই কথাষাৰ এতিয়া আৰু কোনো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। সেই শিক্ষক-শিক্ষয়িত্ৰী এতিয়া নাই। সেই ছাত্ৰও এতিয়া নাই। চেকনিৰ আগেৰে বিদ্যা-শিক্ষা দিবলৈ গ’লে হিতে বিপৰীত হোৱাটো নিশ্চিত। কিন্তু কিমান ভয়ংকৰ হ’ব পাৰে এই পৰিণতি? কিমান আক্ৰোশ পুহি ৰাখিব পাৰে এগৰাকী শিক্ষাৰ্থীয়ে নিজৰ শিক্ষকৰ ওপৰত? শ্ৰেণীকোঠাত শিক্ষকে ‘অপমান’ কৰাৰ প্ৰতিশোধ হিচাপেই এজন ছাত্ৰই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে। এই ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী শিক্ষয়িত্ৰীক  তেওঁৰে প্ৰাক্তন ছাত্ৰই হত্যা কৰিলে অতি নৃশংসভাৱে। তাকো ৩০ বছৰৰ পাছত। ৩৭বছৰীয়া এজন লোকে তেওঁৰ শিক্ষাগুৰুক ১০১বাৰ ছুৰীৰে হানি-খুচি হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। লোকজন প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁক এগৰাকী শিক্ষয়িত্ৰীয়ে ককৰ্থনা কৰিছিল। এই ককৰ্থনা শুনি তেওঁ অপমানিত বোধ কৰিছিল আৰু শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে আক্ৰোশ ৩০ বছৰে পুহি ৰাখিছিল। ৩০ বছৰ পাছত তেওঁ সেই শিক্ষয়িত্ৰীগৰাকীক শতাধিকবাৰ ছুৰীকাঘাত কৰি হত্যা কৰে।  ২০২০ চনতে সংঘটিত এই ঘটনা সম্পৰ্কত স্বীকাৰোক্তি দিছে হত্যাকাৰীয়ে। এই নৃশংস হত্যাকাৰীজনৰ নাম হৈছে গুণ্টাৰ ইউৱেণ্টছ। তেওঁ তদন্তকাৰীৰ আগত দিয়া স্বীকাৰোক্তিত প্ৰকাশ কৰিছে যে, ১৯৯০ৰ দশকৰ আগভাগত তেওঁ যেতিয়া প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি আছিল সেই সময়তে তেওঁক শিক্ষয়িত্ৰী মাৰিয়া ভেৰলিনডেনে কটু কথা শুনাইছিল। এই কথাত অপমানিত বোধ কৰা গুণ্টাৰে শিক্ষয়িত্ৰীগৰাকীৰ প্ৰতি ইমান দিনে আক্ৰোশ পুহি ৰাখিছিল। সেই সময়ত সাত বছৰীয়া শিশু গুণ্টাৰৰ বয়স এতিয়া হৈছে ৩৭ বছৰ। ৩০ বছৰ পাছত ২০২০ তনত তেওঁ ৫৯বছৰীয়া শিক্ষয়িত্ৰীগৰাকীক বেলজিয়ামৰ হেৰেনটালছৰ ঘৰত হত্যা কৰে। দীঘলীয়া সময় ধৰি বেলজিয়ান আৰক্ষীয়ে চেষ্টা চলাই থাকিও হত্যাকাৰীক বিচাৰি পোৱা নাছিল। শতাধিক ডিএনএৰ নমুনা পৰীক্ষা কৰাৰ পাছত হত্যাকাৰীজনৰ তথ্য পোহৰলৈ আহে। আৰু আৰক্ষীৰ নিৰন্তৰ জেৰাত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হয়। শিক্ষয়িত্ৰীগৰাকী নৃশংস ঘাতকজনে ১০১বাৰ ছুৰীৰে আঘাত কৰিছিল। হত্যাকাৰীয়ে নগদ ধনেৰে পূৰ্ণ শিক্ষয়িত্ৰীগৰাকীৰ পাৰ্চত হাত নিদিয়ালৈ চাই এই ঘটনাটো ডকাইটীৰ ঘটনা নহয় বুলি আৰক্ষী নিশ্চিত হয়। কিন্তু তাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি পোৱা নাছিল। হত্যাকাণ্ডৰ ১৬মাহৰ পাছত গুণ্টাৰ ইউৱেণ্টছে তেওঁৰ এজন বন্ধুৰ আগত প্ৰকাশ কৰিছিল হত্যাকাণ্ডৰ কথা। তেওঁৰ বন্ধুজনেই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে তেওঁক জালত পেলায়। ৩০ বছৰে নিজৰ শিক্ষাগুৰুৰ বিৰু্দ্ধে আক্ৰোশ পুহি ৰখা আৰু তেওঁক নৃশংসভাৱে হত্যা কৰাৰ এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক