--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ জুনত বিহাৰৰ ৰাজধানী পাটনাত অনুষ্ঠিত হ’বলগীয়া বিৰোধীৰ মেগা বৈঠকৰ সন্দৰ্ভত ইতিমধ্যে বিৰোধী দলৰ নেতা পাটনাত উপস্থিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শুকুৰবাৰে (২৩ জুন) অনুষ্ঠিত হ’বলগীয়া বৈঠকলৈ সমৰ্থন আগবঢ়াইছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে।

ইয়াৰ বাহিৰেও বহু নেতাৰ পাটনা পোৱাৰ প্ৰক্ৰিয়া আজিও অব্যাহত হৈ আছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও এই বৈঠকৰ বাবে পাটনাত উপস্থিত হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আজি নিজেই পাটনাত উপস্থিত হৈছে৷

শুকুৰবাৰে পাটনাত অনুষ্ঠিত হ’বলগীয়া বিৰোধীৰ বৈঠক গঠনমূলক হ’ব বুলি আশাবাদী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। তেওঁ কয় যে দেশখনক ‘বিপৰ্যয়’ৰ পৰা বচাবলৈ পৰৱৰ্তী লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব লাগিব।

কাইলৈ সভাত উপস্থিত থাকিবলগীয়া নেতাসমূহৰ তালিকা তলত উল্লেখ কৰা হ’ল-
কংগ্ৰেছ নেতা, ৰাহুল গান্ধী
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে
এন চি পিৰ মুৰব্বী, শাৰদ পাৱাৰ
টিএমচিৰ মুৰব্বী, মমতা বেনাৰ্জী
আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল
ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিন
ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী, হেমন্ত সোৰেইন
সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ
শিৱসেনাৰ মুৰব্বী, উদ্ধৱ থাকৰে
পিডিপিৰ মুৰব্বী, মেহবুবা মুফতি
ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বী,ওমৰ আব্দুল্লা
চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজা
চিপিএমৰ মুৰব্বী সীতাৰাম য়েচুৰী
চিপিআই(এমএল)ৰ সাধাৰণ সম্পাদক, দিপাংকৰ ভট্টাচাৰ্য

একে সময়তে এটা সূত্ৰই জনাইছে যে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে বৈঠকত কেন্দ্ৰৰ অধ্যাদেশৰ বিষয়টো উত্থাপন কৰিব। যদিহে কংগ্ৰেছে অধ্যাদেশৰ বিৰুদ্ধে কেজৰিৱালক সমৰ্থন ঘোষণা নকৰে, তেন্তে তেওঁ বৈঠকৰ পৰা ওলাই আহিব পাৰে।


টিএমচিৰ মুখপাত্ৰ ৰিজু দত্তই কয় যে, "দলৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে দেশৰ স্বাৰ্থত আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে বিৰোধী সভালৈ গৈছে। জাতীয় স্বাৰ্থৰ কথা মনত ৰাখি নিৰ্বাচনত বিজেপিক নিৰ্মূল কৰিব লাগিব।"

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আহ্বান জনোৱা বিৰোধী বৈঠকৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈছে পাটনা। বর্তমান মুখ্যমন্ত্রী আৰু ৰাজ্যসমূহৰ প্রাক্তন মুখ্যমন্ত্রীসকল অতিথিশালাত থাকিব আৰু সভাও এই অতিথিশালাতে অনুষ্ঠিত হ’ব৷ তেওঁলোকৰ লগত অহা লোকসকলৰ বাবে পাটনাৰ বহু হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে বিভিন্ন স্থানত বিৰোধী নেতাৰ পোষ্টাৰ লগোৱা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক