--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় মানুহৰ ঘৰে ঘৰে এতিয়া গেছৰ সমস্যা। আজিকালি অধিকাংশ লোকৰে গেছৰ সমস্যা আছে। যাৰ গেছৰ সমস্যা নাই তেওঁ সঁচাকৈয়ে ভাগ্যৱান। পেটত অত্যাধিক গেছ হোৱাৰ ফলত পেট ফুলি অহাৰ লগতে যি বেদনাদায়ক বিষ অনুভৱ হয় সেয়া কেৱল ভুক্তভোগীয়েহে বুজি পায়। ফুলা সমস্যা, হৰমনৰ ভাৰসাম্যহীনতা, বাহি খাদ্য গ্ৰহণ, কোষ্ঠকাঠিন্য, ভোক নলগা, একে ঠাইতে কেইবা ঘণ্টা ধৰি বহি থকা আৰু ঋতুস্ৰাৱজনিত সমস্যাৰ বাবেও পেট ফুলি গেছৰ সমস্যা হয়।  কিন্তু কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি এইবোৰ সমস্যা দূৰ কৰিব পাৰি।

কি কি ঘৰুৱা উপায় জানো আহক-

১)ৰাতিপুৱা গৰম পানী সেৱন কৰাঃ নিয়মীয়াকৈ গেছৰ সমস্যাত ভুগি থকা সকলে ৰাতিপুৱা গৰম কুহুমীয়া পানী খোৱা অভ্যাস কৰাটো উচিত। গৰম পানী সেৱন কৰাৰ ফলত পেট পৰিষ্কাৰ হোৱাৰ লগতেই শৰীৰৰ পৰা অতি সহজে গেছ ওলাই যোৱাত সহায় কৰে। 

২) পেটত গেছ তৈয়াৰ কৰা বস্তু নাখাবঃ পেটত গেছ তৈয়াৰ কৰা বস্তু যেনে ব্ৰকলি আৰু বীন আদি গ্ৰহণ নকৰিব। বহুলোকে দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰি গেছৰ সমস্যাৰ সন্মুখীন হয়, সেয়েহে এই বস্তুবোৰৰ পৰা আঁতৰি থাকক। ভজা খাদ্য আৰু মিঠাই খোৱা পৰিহাৰ কৰিব, কিয়নো এই বস্তুবোৰে পাচন তন্ত্ৰত অত্যাধিক গেছ সৃষ্টি কৰিব পাৰে।  কেঁচা বুট, মাহজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থকাই উচিত।

৩) খোৱাৰ সময়ত কথা নাপাতিবঃ খাই থাকোতে কথা নাপাতিব। এনে অভ্যাসে গেছৰ সমস্যা বৃদ্ধি কৰে।

৪)চৰ্বিযুক্ত খাদ্য নাখাবঃ তেলেতীয়া, চৰ্বিযুক্ত খাদ্যই পেটৰ হজম শক্তি দুৰ্বল কৰি পেলায়। কেৱল সেয়াই নহয়, এই খাদ্যসমূহ গ্ৰহণ কৰিলে পেটত গেছৰ সৃষ্টি হৈ বিষো হ'ব পাৰে। যদি কোনো লোকৰ হজমৰ সমস্যা বা পাকস্থলীত সমস্যা হৈ আছে, তেনেহ'লে  এনে খাদ্য বস্তু সেৱন কৰা বন্ধ কৰাই উচিত। 

৫) আজৱাইন বা জিৰা গুড়ি খাবঃ গেছৰ সমস্যাত ভুগি থকা লোকসকলে গৰম পানী খাবলৈ অসুবিধা পালে, ১চামুচ আজৱাইন বা জিৰা গুড়ি অলপ পানীত গৰম কৰি লৈ ভালদৰে উতলোৱাৰ পাছত পানীখিনি ঠাণ্ডা কৰি এটা পৃথক পাত্রত ৰাখক। তাৰপিছত সেই পানী ২বাৰকৈ খাব পাৰে।

৬)শীতল পানীয়ঃ বহুলোকৰ এটি ভুল ধাৰণা আছে যে কাৰ্বনেটেডযুক্ত পানীয় অৰ্থাৎ শীতল পানীয় গ্ৰহণ কৰিলে পাকস্থলীত উৎপন্ন হোলা গেছৰ মাত্ৰা হ্ৰাস কৰিব পাৰি, কিন্তু এইটো সঁচা নহয়, দৰাচলতে ই একেবাৰে বিপৰীত। কাৰ্বনেটেড পানীয়ত উচ্চ পৰিমাণৰ গেছীয় উপাদান থাকে যাক কাৰ্বন ডাই অক্সাইড বুলি কোৱা হয়। যেতিয়া গেছত ভুগি থকা কোনো ব্যক্তিয়ে এই পানীয়বোৰ খায় তেন্তে ই পাচন তন্ত্ৰত আৱদ্ধ হৈ পৰে, যি গেছৰ সমস্যা অধিক বৃদ্ধিহে কৰে।

৭) অধিক মাত্ৰাত নিমখ সেৱনঃ অত্যাধিক মাত্ৰাত নিমখ সেৱনে শৰীৰত থকা তৰল প্ৰতিহত কৰে। ইয়াৰ ফলত পাকস্থলী ফুলি যায়। গতিকে খাদ্যত নিমখ কমাই খোৱাৰ লগতে স্বাস্থ্যকৰ খাদ্য খাবলৈ চেষ্টা কৰক। 

৮) চফ আৰু গুৰঃ খাদ্য খোৱাৰ পাছত কম পৰিমাণে চফ বা গুৰ খালে খাদ্য হজম হোৱাত সহায় হয়। গেছ আৰু এচিডিটিৰ সমস্যাৰ উপশম হয়।

৯) ঘেঁহুঃ যদি কোনো ব্যক্তিয়ে ঘেঁহুৰে তৈয়াৰ কৰা ৰুটি, খাদ্যশস্য, বিস্কুট আৰু পাস্তা আদি গ্ৰহণ কৰাৰ ফলত গেছৰ সমস্যাত ভুগি আহিছে, তেন্তে সেইসমূহ পৰিহাৰ কৰি তাৰ সলনি গ্লুটেন-মুক্ত খাদ্য গ্ৰহণ কৰাটো উচিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক