--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতৰে দাঁতত নানান কাৰণত দাগ পৰিব পাৰে। দাঁতৰ স্বাস্থ্যৰ ওপৰতে শৰীৰৰ সামগ্ৰীক স্বাস্থ্য নিৰ্ভৰ কৰে৷ কাৰণ দাঁতেৰে ভালকৈ খাদ্য আদি চোবাই খালেহে হজম হোৱাত সহায় হয় আৰু শৰীৰেও পুষ্টি লাভ কৰে৷ দাঁতে লোক এজনৰ সৌন্দৰ্য ভালে খিনি বঢ়াই তোলে।

বিভিন্ন কাৰণত দাঁতত কেতিয়াবা দাগ পৰা দেখা যায়। দাঁতত ক’লা অথবা  হালধীয়া দাগ পৰাৰ এটা অন্যতম কাৰণ হৈছে প্ৰায়ে চোডা জাতীয় খাদ্য গ্ৰহণ কৰা।

আমি গৰমৰ দিনত দেহ শীতল কৰিবলৈ বজাৰত পোৱা নানান কোম্পানীৰ শীতল পানীয় পান কৰো।

এনে শীতল পানীয়ৰ নানান অপকাৰী দিশ থাকে। শীতল পানীয়ৰ প্ৰধান উপাদানেই হৈছে চোডা।

সেয়ে প্ৰায়ে শীতল পানীয় খালে দাঁতৰ এনামেলৰ ক্ষতি হোৱাৰ আশংকা থাকে আৰু দাঁত হালধীয়া হৈ পৰিব পাৰে।

উচ্চ ৰক্তচাপ,এজমা আদিৰ দৰৱ ব্যৱহাৰৰ বাবেও বহু সময়ত দাঁতত হালধীয়া দাগ পৰা দেখা যায়।

দাঁতৰ  দাগ অতি সহজে ঘৰুৱা উপায়েৰে দূৰ কৰিব পৰা যায়।

ইয়াৰ বাবে আপুনি তেনেই সাধাৰণ দুটা ঘৰুৱা প্ৰাকৃতিক উপায় অৱলম্বন কৰিলেই হ’ল।

প্ৰথম উপায়টো হ’ল বজাৰৰ পৰা মেথি গুটি কিনি আনি সেয়া ভালদৰে গুড়ি কৰি লওঁক।

মেথি গুটিৰ গুড়িৰে নিতৌ পুৱা দাঁত ঘঁহিলে দাঁতৰ  দাগ দূৰ হ’ব।

দ্বিতীয় উপায়টো হ’ব নাৰিকলৰ তেলৰ সৈতে নিমখ ভালদৰে মিহলাই এটা পেষ্ট তৈয়াৰ কৰক।

সেই পেষ্টেৰে দাঁত ঘঁহাৰ লগতে দাঁতৰ আলু মালিচ কৰক। এনে কৰিলে কম দিনৰ ভিতৰতে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ