--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-প্ৰদেশ, বিহাৰৰ লোকেৰে ভৰি আছে দেশৰ ৰাজধানী চহৰ দিল্লী। চিএছডিএছৰ শেহতীয়া  জৰীপে দেখুৱাইছে যে উত্তৰ প্ৰদেশ, বিহাৰ আৰু বংগৰ পৰা যোৱা সৰ্বাধিক সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক আছে দিল্লীত । দৰাচলতে দেশৰ ৰাজধানী চহৰ দিল্লীত আন ৰাজ্যৰ বহু সংখ্যক লোক বাস কৰে।  

চিএছডিএছ চলোৱা  জৰীপ অনুসৰি, দিল্লীত বস্তিপ্ৰধান স্থান  আৰু অননুমোদিত বসতিস্থলত বাস কৰা ১০ জন লোকৰ ভিতৰত আঠজনেই উত্তৰ প্ৰদেশ, বিহাৰ বা পশ্চিম বংগৰ পৰা যোৱা লোক। এক কথাত ক’বলৈ গ’লে  ৭০ শতাংশ লোক উত্তৰ প্ৰদেশ আৰু বিহাৰৰ। তাতকৈও আশ্চৰ্যজনক কথাটো হ'ল যে এই লোকসকলৰ ৭৮ শতাংশৰ পৰিয়ালৰ উপাৰ্জন প্ৰতি মাহে ২০,০০০ টকাতকৈ কম। সমীক্ষাত পোৱা গৈছে  যে সেই বাহিৰৰ পৰা যোৱা  লোকৰ প্ৰায় ৪৫.৫  শতাংশ ১০ বছৰতকৈও অধিক সময় ধৰি চহৰখনত বাস কৰি আছে। 

একে সময়তে,  ২৮.৭ শতাংশ লোক ইয়াত জন্মগ্ৰহণ কৰিছে। লগতে ৪৮.২ শতাংশৰ বয়স ৩৫  বছৰৰ তলত। বাহিৰৰ পৰা যোৱা লোকৰ জনসংখ্যাত বহুসংখ্যক পুৰুষ আছে। লগতে, এই লোকসকলৰ বেছিভাগৰ ঘৰত ২ টা কোঠাও নাই। ৮১.৯ শতাংশ পুৰুষ বিবাহিত। যোৱা কেইবাটাও লোকপিয়লৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে যে যদি দিল্লীক প্ৰব্ৰজনকাৰীৰ চহৰ বুলিও কোৱা হয় তেন্তে কোনো ভুল কোৱা নহ’ব। 

ইয়াৰ উপৰি জৰীপটোৱে এই কথাও প্ৰকাশ কৰিছিল যে ৬০  শতাংশৰো অধিক লোকে মধ্য বিদ্যালয়ৰ বাহিৰৰে  কোনো শিক্ষা গ্ৰহণ কৰা নাই। ইয়াৰ ভিতৰত, মাত্ৰ ৮.৫ শতাংশৰ  হয় মহাবিদ্যালয়ৰ স্নাতক বা উচ্চ শিক্ষাগত অৰ্হতা আছে। একে সময়তে ৮৩.৭  শতাংশ লোকে এলপিজি ব্যৱহাৰ কৰে। 

৫৩  শতাংশ লোকৰ ঘৰত টেলিভিছন ছেট আছে। ইয়াৰ বাহিৰেও ৮৪.২ শতাংশ লোকৰ বেঙ্ক বা ডাকঘৰত একাউণ্ট আছে। মাত্ৰ ৪০ শতাংশৰ এটিএম আৰু ক্ৰেডিট কাৰ্ড আছে। একে সময়তে ৯৬ শতাংশৰো অধিক লোকৰ আধাৰ কাৰ্ড আছে। লগতে প্ৰতি তিনিজনৰ ভিতৰত মাত্ৰ এজনে দিল্লী চৰকাৰৰ কল্যাণমূলক আঁচনিৰ সুবিধা ল'বলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ৬০  শতাংশ লোকে বিদ্যুতৰ ৰাজসাহায্য লাভ কৰিছে আৰু ৪০  শতাংশ লোকে বিনামূলীয়া ৰেচন লাভ কৰিছে। চৰকাৰৰ বিনামূলীয়া পানী যোগান আঁচনিৰ দ্বাৰা প্ৰায় ২৭ শতাংশ লোক উপকৃত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ