--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-প্ৰদেশ, বিহাৰৰ লোকেৰে ভৰি আছে দেশৰ ৰাজধানী চহৰ দিল্লী। চিএছডিএছৰ শেহতীয়া  জৰীপে দেখুৱাইছে যে উত্তৰ প্ৰদেশ, বিহাৰ আৰু বংগৰ পৰা যোৱা সৰ্বাধিক সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক আছে দিল্লীত । দৰাচলতে দেশৰ ৰাজধানী চহৰ দিল্লীত আন ৰাজ্যৰ বহু সংখ্যক লোক বাস কৰে।  

চিএছডিএছ চলোৱা  জৰীপ অনুসৰি, দিল্লীত বস্তিপ্ৰধান স্থান  আৰু অননুমোদিত বসতিস্থলত বাস কৰা ১০ জন লোকৰ ভিতৰত আঠজনেই উত্তৰ প্ৰদেশ, বিহাৰ বা পশ্চিম বংগৰ পৰা যোৱা লোক। এক কথাত ক’বলৈ গ’লে  ৭০ শতাংশ লোক উত্তৰ প্ৰদেশ আৰু বিহাৰৰ। তাতকৈও আশ্চৰ্যজনক কথাটো হ'ল যে এই লোকসকলৰ ৭৮ শতাংশৰ পৰিয়ালৰ উপাৰ্জন প্ৰতি মাহে ২০,০০০ টকাতকৈ কম। সমীক্ষাত পোৱা গৈছে  যে সেই বাহিৰৰ পৰা যোৱা  লোকৰ প্ৰায় ৪৫.৫  শতাংশ ১০ বছৰতকৈও অধিক সময় ধৰি চহৰখনত বাস কৰি আছে। 

একে সময়তে,  ২৮.৭ শতাংশ লোক ইয়াত জন্মগ্ৰহণ কৰিছে। লগতে ৪৮.২ শতাংশৰ বয়স ৩৫  বছৰৰ তলত। বাহিৰৰ পৰা যোৱা লোকৰ জনসংখ্যাত বহুসংখ্যক পুৰুষ আছে। লগতে, এই লোকসকলৰ বেছিভাগৰ ঘৰত ২ টা কোঠাও নাই। ৮১.৯ শতাংশ পুৰুষ বিবাহিত। যোৱা কেইবাটাও লোকপিয়লৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে যে যদি দিল্লীক প্ৰব্ৰজনকাৰীৰ চহৰ বুলিও কোৱা হয় তেন্তে কোনো ভুল কোৱা নহ’ব। 

ইয়াৰ উপৰি জৰীপটোৱে এই কথাও প্ৰকাশ কৰিছিল যে ৬০  শতাংশৰো অধিক লোকে মধ্য বিদ্যালয়ৰ বাহিৰৰে  কোনো শিক্ষা গ্ৰহণ কৰা নাই। ইয়াৰ ভিতৰত, মাত্ৰ ৮.৫ শতাংশৰ  হয় মহাবিদ্যালয়ৰ স্নাতক বা উচ্চ শিক্ষাগত অৰ্হতা আছে। একে সময়তে ৮৩.৭  শতাংশ লোকে এলপিজি ব্যৱহাৰ কৰে। 

৫৩  শতাংশ লোকৰ ঘৰত টেলিভিছন ছেট আছে। ইয়াৰ বাহিৰেও ৮৪.২ শতাংশ লোকৰ বেঙ্ক বা ডাকঘৰত একাউণ্ট আছে। মাত্ৰ ৪০ শতাংশৰ এটিএম আৰু ক্ৰেডিট কাৰ্ড আছে। একে সময়তে ৯৬ শতাংশৰো অধিক লোকৰ আধাৰ কাৰ্ড আছে। লগতে প্ৰতি তিনিজনৰ ভিতৰত মাত্ৰ এজনে দিল্লী চৰকাৰৰ কল্যাণমূলক আঁচনিৰ সুবিধা ল'বলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ৬০  শতাংশ লোকে বিদ্যুতৰ ৰাজসাহায্য লাভ কৰিছে আৰু ৪০  শতাংশ লোকে বিনামূলীয়া ৰেচন লাভ কৰিছে। চৰকাৰৰ বিনামূলীয়া পানী যোগান আঁচনিৰ দ্বাৰা প্ৰায় ২৭ শতাংশ লোক উপকৃত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু