--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ধবিশ্বাসৰ সকৰুণ পৰিণতি দেখা গ’ল উত্তৰ প্ৰদেশৰ ভদোহী জিলাত৷ একবিংশ শতিকাৰ কৃত্ৰিম বুদ্ধিমত্তা পৃথিৱী নিয়ন্ত্ৰণ কৰিবলৈ লোৱা সময়ত উত্তৰ প্ৰদেশৰ এই ঘটনাই জোকাৰি গৈছে সভ্য সমাজক৷ ভদোহী জিলাৰ কৈৰাউনা আৰক্ষী থানাৰ অন্তৰ্গত এটা মন্দিৰত ভূত আঁতৰোৱাৰ অজুহাতত এগৰাকী যুৱতীক এজন ব্যক্তিয়ে উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।

ভাদোহীৰ আৰক্ষী অধীক্ষক মীনাক্ষী কাতিয়ানে শনিবাৰে কয় যে মিৰ্জাপুৰৰ এটা পৰিয়াল কিছুদিন পূৰ্বে সীতামাঢ়ী দৰ্শন কৰিবলৈ ভদোহীলৈ আহিছিল, য’ত মতিলালে (৫২) দাবী কৰিছিল যে পৰিয়ালটোৰ ১৮ বছৰীয়া কিশোৰীগৰাকীক ভূতে লম্ভিছে৷

মতিলালে এই ক্ষেত্ৰত এজন বিশেষজ্ঞ বুলি দাবী কৰি তেওঁৰ দেউতাকক আশ্বাস দিছিল যে তেওঁ ভূতটো আঁতৰাই নিব৷ আৰক্ষীয়ে জনোৱা অনুসৰি মতিলালে ৪,০০০ টকা (পূজাৰ সামগ্ৰীৰ বাবে) দাবী কৰিছিল আৰু তেওঁক লগত আনিবলৈ কৈছিল।

বৃহস্পতিবাৰে সন্ধিয়া যেতিয়া ছোৱালীজনী তেওঁৰ দেউতাকৰ সৈতে তাত উপস্থিত হৈছিল, মতিলালে তেওঁৰ দেউতাকক তাত ৰৈ থাকিবলৈ কৈছিল আৰু কিশোৰীগৰাকীক এখন বাইকত দৰৱাচী গাঁৱৰ হনুমান মন্দিৰৰ পিছফালে থকা এটা কোঠালৈ লৈ গৈছিল৷ কাতিয়ানৰ মতে, মতিলালে কিশোৰীৰাকীক সেই কোঠাটোত ধৰ্ষণ কৰিছিল আৰু তিনি ঘণ্টাৰ পাছত বাহিৰলৈ লৈ আহিছিল আৰু পাছদিনা তেওঁক পুনৰ উপাসনা কৰিবলৈ কৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, মতিলালে কিশোৰীগৰাকীক ধৰ্ষণৰ বিষয়ে কাৰোবাক ক’লে হত্যা কৰাৰ ভাবুকি দিছিল।

কাতিয়ানে কৈছিল যে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত মতিলালৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

কিশোৰীগৰাকীৰ চিকিৎসা পৰীক্ষাত ধৰ্ষণ নিশ্চিত হোৱাৰ পাছত অভিযুক্ত মতিলালক আজি আবেলি কালিঞ্জৰা ম’ৰৰ পৰা তেওঁৰ বাইকৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় আৰু আদালতত এক লিখিত বিবৃতি প্ৰদান কৰে৷ গোচৰটোত আগতীয়া আইনী ব্যৱস্থা লোৱা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ