--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ধবিশ্বাসৰ সকৰুণ পৰিণতি দেখা গ’ল উত্তৰ প্ৰদেশৰ ভদোহী জিলাত৷ একবিংশ শতিকাৰ কৃত্ৰিম বুদ্ধিমত্তা পৃথিৱী নিয়ন্ত্ৰণ কৰিবলৈ লোৱা সময়ত উত্তৰ প্ৰদেশৰ এই ঘটনাই জোকাৰি গৈছে সভ্য সমাজক৷ ভদোহী জিলাৰ কৈৰাউনা আৰক্ষী থানাৰ অন্তৰ্গত এটা মন্দিৰত ভূত আঁতৰোৱাৰ অজুহাতত এগৰাকী যুৱতীক এজন ব্যক্তিয়ে উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।

ভাদোহীৰ আৰক্ষী অধীক্ষক মীনাক্ষী কাতিয়ানে শনিবাৰে কয় যে মিৰ্জাপুৰৰ এটা পৰিয়াল কিছুদিন পূৰ্বে সীতামাঢ়ী দৰ্শন কৰিবলৈ ভদোহীলৈ আহিছিল, য’ত মতিলালে (৫২) দাবী কৰিছিল যে পৰিয়ালটোৰ ১৮ বছৰীয়া কিশোৰীগৰাকীক ভূতে লম্ভিছে৷

মতিলালে এই ক্ষেত্ৰত এজন বিশেষজ্ঞ বুলি দাবী কৰি তেওঁৰ দেউতাকক আশ্বাস দিছিল যে তেওঁ ভূতটো আঁতৰাই নিব৷ আৰক্ষীয়ে জনোৱা অনুসৰি মতিলালে ৪,০০০ টকা (পূজাৰ সামগ্ৰীৰ বাবে) দাবী কৰিছিল আৰু তেওঁক লগত আনিবলৈ কৈছিল।

বৃহস্পতিবাৰে সন্ধিয়া যেতিয়া ছোৱালীজনী তেওঁৰ দেউতাকৰ সৈতে তাত উপস্থিত হৈছিল, মতিলালে তেওঁৰ দেউতাকক তাত ৰৈ থাকিবলৈ কৈছিল আৰু কিশোৰীগৰাকীক এখন বাইকত দৰৱাচী গাঁৱৰ হনুমান মন্দিৰৰ পিছফালে থকা এটা কোঠালৈ লৈ গৈছিল৷ কাতিয়ানৰ মতে, মতিলালে কিশোৰীৰাকীক সেই কোঠাটোত ধৰ্ষণ কৰিছিল আৰু তিনি ঘণ্টাৰ পাছত বাহিৰলৈ লৈ আহিছিল আৰু পাছদিনা তেওঁক পুনৰ উপাসনা কৰিবলৈ কৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, মতিলালে কিশোৰীগৰাকীক ধৰ্ষণৰ বিষয়ে কাৰোবাক ক’লে হত্যা কৰাৰ ভাবুকি দিছিল।

কাতিয়ানে কৈছিল যে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত মতিলালৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

কিশোৰীগৰাকীৰ চিকিৎসা পৰীক্ষাত ধৰ্ষণ নিশ্চিত হোৱাৰ পাছত অভিযুক্ত মতিলালক আজি আবেলি কালিঞ্জৰা ম’ৰৰ পৰা তেওঁৰ বাইকৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় আৰু আদালতত এক লিখিত বিবৃতি প্ৰদান কৰে৷ গোচৰটোত আগতীয়া আইনী ব্যৱস্থা লোৱা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু