--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰাচ্যৰ খাদ্য চিকেন শ্বাৱাৰমা আজিকালি ভাৰতত অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। আৰু এই শ্বাৱাৰমাৰ বাবেই সংঘটিত হয় এক কৰুণ ঘটনা। 

চিকেন শ্বাৱাৰমা খোৱাৰ পিছতেই এগৰাকী ১৯ বছৰীয়া যুৱকৰ মৃত্যু।

মুম্বাইৰ মহাৰাষ্ট্ৰ নগৰত পচা কুকুৰা মাংসৰ পৰা তৈয়াৰী চিকেন শ্বাৱাৰমা খাই মৃত্যু হয় যুৱকজনৰ। আনহাতে আন বহু লোকৰো স্বাস্থ্যৰ অৱনতি ঘটে। এই বিষয়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত দোকানীজনক গ্ৰেপ্তাৰ কৰিছে।

৩ মে’ৰ সন্ধিয়া ৬ বজাত ১৯ বছৰীয়া প্ৰথমেশ ভোকছে নামৰ যুৱকজনে চিকেন শ্বাৱাৰমা খাইছিল। পাছদিনা ৪ মে’ত পুৱা ৭ বজাত তেওঁৰ পেটৰ বিষ আৰু বমিৰ সমস্যা হবলৈ ধৰিলে। পৰিয়ালৰ লোকে প্ৰথমে ওচৰৰ চিকিৎসকক দেখুৱায়। ডাক্তৰৰ ঔষধৰ পৰা কিছু সকাহ পাই তেওঁ ঘৰলৈ আহিল। ইয়াৰ পিছত তেওঁ গোটেই দিনটো একো নাখালে।

৫ মে’ৰ পুৱা ৮ বজাৰ পৰা প্ৰথমেশৰ পুনৰ পেটৰ বিষ, বমি আৰু ডায়েৰিয়া হ’বলৈ ধৰিলে। তাৰ পিছত পৰিয়ালৰ লোকে তেওঁক কে ই এম হাস্পতাললৈ লৈ যায়, য’ত চিকিৎসকে প্ৰথমেশক চিকিৎসা কৰি ঘৰলৈ পঠিয়াই দিয়ে, কিন্তু সন্ধিয়াৰ পৰা প্ৰথমেশৰ পুনৰ সমস্যা হ’বলৈ ধৰিলে, সেয়ে পুনৰ ভুক্তভোগীক কে ই এম হাস্পতাললৈ লৈ যোৱা হয়।

স্বাস্থ্যৰ অৱনতি ঘটা দেখি চিকিৎসকে ৰোগীজনক ভৰ্তি কৰে। চিকিৎসকৰ চিকিৎসাৰ পিছতো প্ৰথমেশৰ অৱস্থাৰ কোনো উন্নতি নহ’ল আৰু ৭ মে’ত পুৱা প্ৰায় ১০:৩০ বজাত প্ৰথমেশৰ মৃত্যু হয়।
 
এই গোচৰত আৰক্ষীয়ে আটক কৰিছে দোকানী আনন্দ কাম্বলে আৰু মহম্মদ আহমেদ ৰাজাক। ইয়াৰ উপৰিও শ্বাৱাৰমাৰ নমুনা পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰা হৈছে।

প্ৰাথমিক তদন্ত অনুসৰি পচা কুকুৰা মাংসৰ পৰা তৈয়াৰী শ্বাৱাৰমা খাই প্ৰথমেশৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তাৰ পিছত তেওঁৰ মৃত্যু হয়। এই বিষয়ত আই পি চিৰ ৩০৪, ৩৩৬, ২৭৩/৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু দুয়োজন অভিযুক্তৰ জেৰা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement