--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰাচ্যৰ খাদ্য চিকেন শ্বাৱাৰমা আজিকালি ভাৰতত অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। আৰু এই শ্বাৱাৰমাৰ বাবেই সংঘটিত হয় এক কৰুণ ঘটনা। 

চিকেন শ্বাৱাৰমা খোৱাৰ পিছতেই এগৰাকী ১৯ বছৰীয়া যুৱকৰ মৃত্যু।

মুম্বাইৰ মহাৰাষ্ট্ৰ নগৰত পচা কুকুৰা মাংসৰ পৰা তৈয়াৰী চিকেন শ্বাৱাৰমা খাই মৃত্যু হয় যুৱকজনৰ। আনহাতে আন বহু লোকৰো স্বাস্থ্যৰ অৱনতি ঘটে। এই বিষয়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত দোকানীজনক গ্ৰেপ্তাৰ কৰিছে।

৩ মে’ৰ সন্ধিয়া ৬ বজাত ১৯ বছৰীয়া প্ৰথমেশ ভোকছে নামৰ যুৱকজনে চিকেন শ্বাৱাৰমা খাইছিল। পাছদিনা ৪ মে’ত পুৱা ৭ বজাত তেওঁৰ পেটৰ বিষ আৰু বমিৰ সমস্যা হবলৈ ধৰিলে। পৰিয়ালৰ লোকে প্ৰথমে ওচৰৰ চিকিৎসকক দেখুৱায়। ডাক্তৰৰ ঔষধৰ পৰা কিছু সকাহ পাই তেওঁ ঘৰলৈ আহিল। ইয়াৰ পিছত তেওঁ গোটেই দিনটো একো নাখালে।

৫ মে’ৰ পুৱা ৮ বজাৰ পৰা প্ৰথমেশৰ পুনৰ পেটৰ বিষ, বমি আৰু ডায়েৰিয়া হ’বলৈ ধৰিলে। তাৰ পিছত পৰিয়ালৰ লোকে তেওঁক কে ই এম হাস্পতাললৈ লৈ যায়, য’ত চিকিৎসকে প্ৰথমেশক চিকিৎসা কৰি ঘৰলৈ পঠিয়াই দিয়ে, কিন্তু সন্ধিয়াৰ পৰা প্ৰথমেশৰ পুনৰ সমস্যা হ’বলৈ ধৰিলে, সেয়ে পুনৰ ভুক্তভোগীক কে ই এম হাস্পতাললৈ লৈ যোৱা হয়।

স্বাস্থ্যৰ অৱনতি ঘটা দেখি চিকিৎসকে ৰোগীজনক ভৰ্তি কৰে। চিকিৎসকৰ চিকিৎসাৰ পিছতো প্ৰথমেশৰ অৱস্থাৰ কোনো উন্নতি নহ’ল আৰু ৭ মে’ত পুৱা প্ৰায় ১০:৩০ বজাত প্ৰথমেশৰ মৃত্যু হয়।
 
এই গোচৰত আৰক্ষীয়ে আটক কৰিছে দোকানী আনন্দ কাম্বলে আৰু মহম্মদ আহমেদ ৰাজাক। ইয়াৰ উপৰিও শ্বাৱাৰমাৰ নমুনা পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰা হৈছে।

প্ৰাথমিক তদন্ত অনুসৰি পচা কুকুৰা মাংসৰ পৰা তৈয়াৰী শ্বাৱাৰমা খাই প্ৰথমেশৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তাৰ পিছত তেওঁৰ মৃত্যু হয়। এই বিষয়ত আই পি চিৰ ৩০৪, ৩৩৬, ২৭৩/৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু দুয়োজন অভিযুক্তৰ জেৰা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু