--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ সময়ত নিৰাপত্তা বাহিনী-মাওবাদী সংঘৰ্ষত পুনৰ তেজ বৈছে। ছত্তীশগড়ৰ পিছত এইবাৰ মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুগৰাকী মহিলাসহ তিনিগৰাকী মাওবাদী নিহত হয়। মহাৰাষ্ট্ৰ আৰক্ষীয়ে দাবী কৰিছে যে নিহত লোকসকল চিপিআই (মাওবাদী)ৰ সশস্ত্ৰ শাখা পিএলজিএ (পিপলছ লিবাৰেচন গেৰিলা আৰ্মি)ৰ সংযুক্ত পেৰিমিলি ডালামৰ সক্ৰিয় সদস্য।

সোমবাৰে আৰক্ষী অধীক্ষক গাডচিৰৌলি নীলোৎপালে কয় যে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মহাৰাষ্ট্ৰ আৰক্ষীৰ মাওবাদী দমন বাহিনী, চি-৬০ কমাণ্ডো আৰু জিলা আৰক্ষী বাহিনীয়ে ভামৰাগড় তালুকৰ কাত্ৰাংগাটা গাঁৱৰ সমীপৰ বনাঞ্চলত নক্সালবাদী সমৰ্থক যোদ্ধাৰ শিবিৰত অভিযান চলাইছে। তেওঁ কয়, ‘যোৱা মাৰ্চ মাহৰ পৰা নক্সাল বাহিনীয়ে সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে ‘কৌশলীয় প্ৰতিহত অভিযান’ (টিচিঅ’চি) আৰম্ভ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি নক্সাল আক্ৰান্ত অঞ্চলতো অবিৰত অভিযান চলাই আছো।

নিহত মাওবাদীসকলৰ ভিতৰত এজন পেৰিমিলি ডালামৰ কমাণ্ডাৰ বসু বুলি চিনাক্ত কৰা হৈছে বুলি নীলোৎপালে জানিবলৈ দিয়ে। তেওঁ ক’লে, নক্সালবাদীয়ে ঘন হাবিত বিচাৰি ফুৰাৰ সময়তে আমাৰ জোৱানক গুলীচালনা কৰিবলৈ ধৰিলে। আমিও সঁহাৰি জনাইছো। বন্দুকৰ সংঘৰ্ষ শেষ হোৱাৰ পিছতে উদ্ধাৰ হয় তিনিজন লোকৰ মৃতদেহ। তাৰ লগতে এটা AK-47, এটা Insus ৰাইফল, এটা কাৰবাইন আৰু কাৰ্টিজ উদ্ধাৰ কৰা হয়। তাৰ লগতে নক্সালবাদীৰ বহু অপপ্ৰচাৰৰ পমফ্লেটো পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ