--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজ্যই ৰাজ্যই এতিয়া গ্ৰাষ্ম প্ৰবাহে কালান্তক ৰূপ ধাৰণ কৰিছে। অসমতো এইবাৰ গৰমৰ মাত্ৰা বৃদ্ধি পাব বুলি কোৱা হৈছে। এনে সময়তে গৰমৰ দিন কেইটাত আমি ঘৰতে কেতবোৰ বিশেষ পানীয় প্ৰস্তুত কৰি ল’ব পাৰে। এনেবোৰ পানীয়ই দেহ জুৰ পেলাই ৰখাৰ লগতে শৰীৰটোক সুস্থ, সৱল কৰি ৰাখিব পাৰে। তদুপৰি  শৰীৰৰ মেদ দূৰ কৰাটো এনেবোৰ পানীয়ই সহায় কৰিব। আহক চাওঁ আমি ঘৰতে কি কি পানীয় প্ৰস্তুত কৰি ল’ব পাৰো 

তিয়ঁহৰ ৰস

ঘৰতে মিক্সি ব্যৱহাৰ কৰি বা পটাত বটিও তিয়ঁহৰ ৰস উলিয়াই ল’ব পাৰি। ৰাতি শোৱাৰ পূৰ্বে তিয়ঁহৰ ৰস খাব লাগে, ই বৰ উপকাৰী। তিয়ঁহৰ ৰসে পেটৰ মেদ দূৰ কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে।তিয়ঁহৰ ৰস শীতল আৰু ই  ৪৫ কেলেৰীযুক্ত।ছালৰ স্বাস্থ্য ৰক্ষাতো তিয়ঁহৰ ৰস উপকাৰী।

নেমুৰ ৰস

নেমুৰ ৰসেৰে তৈয়াৰী পানীয় গৰম কালত শৰীৰৰ বাবে অতি উপকাৰী। এই ৰসে শৰীৰত জমা হোৱা সকলো ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰাৰ লগতে দেহৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। মেদ হ্ৰাস কৰি এনে পানীয়ই  শৰীৰৰ ওজন কমাব পাৰে। তদুপৰি নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। প্ৰাকৃতিক ভাবে ভিটামিন চি পোৱাৰ বিকল্প নেমুৰ ৰসৰ বাদে আন একো হ’ব নোৱাৰে।

এল’ভেৰাৰ ৰস

এল’ভেৰাৰ জুচো ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰি। মাত্ৰ এই ক্ষেত্ৰত সাৱধান হ’ব লাগিব যাতে যিজোপা গছৰ পৰা এনে ৰস উলিওৱা হয় সেই গছজোপা যাতে এল’ভেৰা হয়। বহুতে দেখাত একে হোৱা বাবে আন গছকো এল’ভেৰা বুলি ভুল কৰে।এল’ভেৰাৰ ৰসে ছাল মসৃণ কৰি তোলে আৰু শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে।ই দেহৰ তাপমাত্ৰা সঠিক ৰখাত সহায় কৰে। ৰাতি শোৱাৰ পূৰ্বে একাপ এল’ভেৰাৰ জুচ খালে বহু উপকাৰ পোৱা যায়।

আদাৰ ৰস

আদা হজমী শক্তিৰ বাবে উপাদেয় হোৱাৰ লগতে ই অম্লপিত্তৰ সমস্যাও দূৰ কৰিব পাৰে। দৈনিক কেইচামুচমান আদাৰ ৰস খালেও শৰীৰ মেদ কমাৰ লগতে হজমী শক্তিও বৃদ্ধি পায়। অৱশ্যে সকলো মানুহে আদাৰ ৰস সহ্য কৰিব নোৱাৰে। সেই যিসকলৰ এনে ৰসে অপকাৰ কৰা যেন ভাব হয় তেওঁলোকে আদাৰ ৰস নোখোৱাই ভাল। অত্যধিক আদাৰ ৰস খালে দেহত তেজ গোট মৰা শক্তি কমি যাব পাৰে। সেইবাবে কেইচামুচমান আদাৰ ৰসেই যথেষ্ট।


মিশ্ৰিত ৰস

কেইবাবিধো ৰস মিহলি কৰি ঘৰতে এবিধ অতি সুন্দৰ ৰস প্ৰস্তুত কৰি ল’ব পাৰি।
তিয়ঁহ,  ধনীয়া, নেমু, আধা আৰু এল’ভেৰাৰ ৰস পানীৰ লগত মিহলাই তাত সামান্য ক’লা নিমখ দি আধা কাপকৈ ৰাতি শোৱাৰ পূৰ্বে খালে পেটৰ মেদ  কমে আৰু দেহো শাঁত পৰে। 

তৰমুজৰ ৰস
সতেজ তৰমুজ টুকুৰা-টুকুৰকৈ কাটি মিক্সিত ৰস উলিয়াব পাৰি। মিক্সি অবিহনে খুন্দনাত খুন্দিও ৰস উলিয়াব পাৰি। তৰমুজৰ ৰসে নিমিষতে দেহ শীতল কৰি তুলিব। লগতে এনেধৰণৰ ৰস সেৱনে দেহত পানীৰ পৰিমাণো সঠিক কৰি ৰাখিব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
গোলাঘাটত কৰুণ ঘটনা! শাহুৱেকৰ অত্যাচাৰ সহিব নোৱাৰি সন্তানক বুকুত বান্ধি পুখুৰীত জাঁপ মাতৃৰ
SIT জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অসম অসম এছʼচিয়েচনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা