--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি বিশ্বাস নকৰিলেও এয়াই সত্য। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰৰ সুৰক্ষা বেষ্টনীক প্ৰত্যাহ্বান জনাই এজন প্ৰবঞ্চকে জম্মু আৰু কাশ্মীৰত ৰাজআতিথ্য লাভ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

উল্লেখ্য যে এজন ব্যক্তিয়ে নিজকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়া হিচাপে ছদ্মবেশ লৈছিল, উক্ত প্ৰৱঞ্চকজনে দুবাৰ জম্মু আৰু কাশ্মীৰৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰিছিল৷

 কিৰণ ভাই পেটেল নামৰ গুজৰাটৰ এজন ব্যক্তিয়ে নিজকে  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পিএমঅ') বিষয়া হিচাপে পৰিচয় দি জম্মু আৰু কাশ্মীৰ কৰ্তৃপক্ষৰ ফালৰ পৰা জেড-প্লাছ নিৰাপত্তা আৱৰণ, বুলেটপ্ৰুফ মহিন্দ্ৰা স্কৰ্পিঅ' এছইউভি, এখন পাঁচতাৰকা হোটেলত চৰকাৰী আৱাস আদি বহুতো সুবিধা লাভ কৰে৷

কিৰণ ভাই পেটেলে জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনিক আৰু সামৰিক সেৱাৰ বিষয়াসকলক লগ কৰিছিল আৰু নিৰাপত্তা দলবোৰে কিৰণ ভাই পেটেলক ভ্ৰমণৰ বাবে লৈ গৈছিল। খবৰ অনুসৰি, পেটেলে এই বছৰৰ আৰম্ভণিতে শ্ৰীনগৰলৈ আগৰ দুটা ভ্ৰমণৰ সময়ত জম্মু আৰু কাশ্মীৰৰ বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছিল৷

পেটেলে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত নীতিনিৰ্ধাৰণ আৰু প্ৰচাৰ বিভাগৰ এজন অতিৰিক্ত সঞ্চালকৰ ছদ্মবেশ লৈ আছিল আৰু ১০ দিন আগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি এজন দণ্ডাধীশে কিৰণ ভাই পেটেলক ন্যায়িক জিম্মালৈ প্ৰেৰণ নকৰালৈকে তেওঁৰ গ্ৰেপ্তাৰ গোপন কৰি ৰখা হৈছিল। 

প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে পেটেলে প্ৰথমবাৰৰ বাবে ফেব্ৰুৱাৰীত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিছিল আৰু পেটেলৰ এটা প্ৰমাণীকৃত টুইটাৰ একাউণ্টো আছে। 

লাভ কৰা তথ্য অনুসৰি, তেওঁৰ এহেজাৰৰো অধিক টুইটাৰত ফ’লৱাৰ্ছ আছে, যাৰ ভিতৰত আছে বিজেপি গুজৰাটৰ সাধাৰণ সম্পাদক প্ৰদীপসিংহ বাঘেলা। কিৰণ ভাই পেটেলে কাশ্মীৰত অৰ্ধসামৰিক বাহিনীৰ দ্বাৰা পৰিবেষ্টিত তেওঁৰ 'চৰকাৰী ভ্ৰমণ'ৰ কেইবাটাও ভিডিঅ' আৰু ছবিও শ্বেয়াৰ কৰিছিল, যাৰ অন্তিমটো আছিল ২ মাৰ্চত। 

পেটেলে নিজৰ টুইটাৰ বায়'ত নিজকে ভাৰ্জিনিয়াৰ কমনৱেলথ বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি, আইআইএম ট্ৰিচিৰ পৰা এমবিএ, কম্পিউটাৰ বিজ্ঞানত M.Tech আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিংত বি.ই. লাভ কৰাৰ দাবী কৰে।

পেটেলক অৰ্ধসামৰিক সুৰক্ষাকৰ্মীৰ সৈতে বুদগামৰ দুধপথাৰীত বৰফৰ মাজেৰে খোজ কাঢ়ি থকা দেখা গৈছিল। কিছুমান ভিডিঅ'ত, পেটেলক শ্ৰীনগৰৰ ক্লক টাৱাৰ লাল চকৰ সন্মুখত ফটো ৰখা দেখা গৈছিল। 

বিশেষ সূত্ৰ অনুসৰি পেটেলে গুজৰাটৰ পৰা অধিক পৰ্যটক অনাৰ উপায় আৰু দুধপাথৰীক এটা মুখ্য পৰ্যটন স্থল হিচাপে গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰিবলৈ বিষয়াসকলৰ সৈতে বৈঠকো কৰিছিল। 

দুসপ্তাহৰ ভিতৰত তেওঁৰ দ্বিতীয় ভ্ৰমণত শ্ৰীনগৰত উপস্থিত হোৱাৰ পিছত তেওঁ সন্দেহৰ আৱৰ্তত আহিছিল।এজন আইএএছ বিষয়া যি এজন জিলা দণ্ডাধীশ, তেওঁ যোৱা মাহত এজন "জ্যেষ্ঠ পিএমঅ' বিষয়া গৰাকীৰ ওপৰত সন্দেহ কৰি ভ্ৰমণৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। 

ইয়াৰ পিছত, চোৰাংচোৱা সংস্থাবোৰে এইজন প্ৰৱঞ্চক কিৰণ ভাই পেটেলৰ বিষয়ে আৰক্ষীক সতৰ্ক কৰি দিছিল। তাৰ পৰৱৰ্তী সময়ত কিৰণ ভাই পেটেলৰ বিষয়েপৰীক্ষা কৰাৰ পিছত, চোৰাংচোৱা সংস্থাসমূহে আৰক্ষীৰ সহযোগত পেটেলক শ্ৰীনগৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ কৈছিল।

জানিবলৈ পোৱা মতে গুজৰাট আৰক্ষীৰ এটা দলেও এই তদন্তৰ সৈতে চোৰাংচোৱা সংস্থাসমূহৰ সৈতে সংযুক্ত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু