--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি বিশ্বাস নকৰিলেও এয়াই সত্য। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰৰ সুৰক্ষা বেষ্টনীক প্ৰত্যাহ্বান জনাই এজন প্ৰবঞ্চকে জম্মু আৰু কাশ্মীৰত ৰাজআতিথ্য লাভ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

উল্লেখ্য যে এজন ব্যক্তিয়ে নিজকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়া হিচাপে ছদ্মবেশ লৈছিল, উক্ত প্ৰৱঞ্চকজনে দুবাৰ জম্মু আৰু কাশ্মীৰৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰিছিল৷

 কিৰণ ভাই পেটেল নামৰ গুজৰাটৰ এজন ব্যক্তিয়ে নিজকে  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পিএমঅ') বিষয়া হিচাপে পৰিচয় দি জম্মু আৰু কাশ্মীৰ কৰ্তৃপক্ষৰ ফালৰ পৰা জেড-প্লাছ নিৰাপত্তা আৱৰণ, বুলেটপ্ৰুফ মহিন্দ্ৰা স্কৰ্পিঅ' এছইউভি, এখন পাঁচতাৰকা হোটেলত চৰকাৰী আৱাস আদি বহুতো সুবিধা লাভ কৰে৷

কিৰণ ভাই পেটেলে জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনিক আৰু সামৰিক সেৱাৰ বিষয়াসকলক লগ কৰিছিল আৰু নিৰাপত্তা দলবোৰে কিৰণ ভাই পেটেলক ভ্ৰমণৰ বাবে লৈ গৈছিল। খবৰ অনুসৰি, পেটেলে এই বছৰৰ আৰম্ভণিতে শ্ৰীনগৰলৈ আগৰ দুটা ভ্ৰমণৰ সময়ত জম্মু আৰু কাশ্মীৰৰ বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছিল৷

পেটেলে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত নীতিনিৰ্ধাৰণ আৰু প্ৰচাৰ বিভাগৰ এজন অতিৰিক্ত সঞ্চালকৰ ছদ্মবেশ লৈ আছিল আৰু ১০ দিন আগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি এজন দণ্ডাধীশে কিৰণ ভাই পেটেলক ন্যায়িক জিম্মালৈ প্ৰেৰণ নকৰালৈকে তেওঁৰ গ্ৰেপ্তাৰ গোপন কৰি ৰখা হৈছিল। 

প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে পেটেলে প্ৰথমবাৰৰ বাবে ফেব্ৰুৱাৰীত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিছিল আৰু পেটেলৰ এটা প্ৰমাণীকৃত টুইটাৰ একাউণ্টো আছে। 

লাভ কৰা তথ্য অনুসৰি, তেওঁৰ এহেজাৰৰো অধিক টুইটাৰত ফ’লৱাৰ্ছ আছে, যাৰ ভিতৰত আছে বিজেপি গুজৰাটৰ সাধাৰণ সম্পাদক প্ৰদীপসিংহ বাঘেলা। কিৰণ ভাই পেটেলে কাশ্মীৰত অৰ্ধসামৰিক বাহিনীৰ দ্বাৰা পৰিবেষ্টিত তেওঁৰ 'চৰকাৰী ভ্ৰমণ'ৰ কেইবাটাও ভিডিঅ' আৰু ছবিও শ্বেয়াৰ কৰিছিল, যাৰ অন্তিমটো আছিল ২ মাৰ্চত। 

পেটেলে নিজৰ টুইটাৰ বায়'ত নিজকে ভাৰ্জিনিয়াৰ কমনৱেলথ বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি, আইআইএম ট্ৰিচিৰ পৰা এমবিএ, কম্পিউটাৰ বিজ্ঞানত M.Tech আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিংত বি.ই. লাভ কৰাৰ দাবী কৰে।

পেটেলক অৰ্ধসামৰিক সুৰক্ষাকৰ্মীৰ সৈতে বুদগামৰ দুধপথাৰীত বৰফৰ মাজেৰে খোজ কাঢ়ি থকা দেখা গৈছিল। কিছুমান ভিডিঅ'ত, পেটেলক শ্ৰীনগৰৰ ক্লক টাৱাৰ লাল চকৰ সন্মুখত ফটো ৰখা দেখা গৈছিল। 

বিশেষ সূত্ৰ অনুসৰি পেটেলে গুজৰাটৰ পৰা অধিক পৰ্যটক অনাৰ উপায় আৰু দুধপাথৰীক এটা মুখ্য পৰ্যটন স্থল হিচাপে গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰিবলৈ বিষয়াসকলৰ সৈতে বৈঠকো কৰিছিল। 

দুসপ্তাহৰ ভিতৰত তেওঁৰ দ্বিতীয় ভ্ৰমণত শ্ৰীনগৰত উপস্থিত হোৱাৰ পিছত তেওঁ সন্দেহৰ আৱৰ্তত আহিছিল।এজন আইএএছ বিষয়া যি এজন জিলা দণ্ডাধীশ, তেওঁ যোৱা মাহত এজন "জ্যেষ্ঠ পিএমঅ' বিষয়া গৰাকীৰ ওপৰত সন্দেহ কৰি ভ্ৰমণৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। 

ইয়াৰ পিছত, চোৰাংচোৱা সংস্থাবোৰে এইজন প্ৰৱঞ্চক কিৰণ ভাই পেটেলৰ বিষয়ে আৰক্ষীক সতৰ্ক কৰি দিছিল। তাৰ পৰৱৰ্তী সময়ত কিৰণ ভাই পেটেলৰ বিষয়েপৰীক্ষা কৰাৰ পিছত, চোৰাংচোৱা সংস্থাসমূহে আৰক্ষীৰ সহযোগত পেটেলক শ্ৰীনগৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ কৈছিল।

জানিবলৈ পোৱা মতে গুজৰাট আৰক্ষীৰ এটা দলেও এই তদন্তৰ সৈতে চোৰাংচোৱা সংস্থাসমূহৰ সৈতে সংযুক্ত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement