--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত এক বিশেষ মন্দিৰৰ দানপাত্ৰৰ ধন৷ ৰাজস্থানৰ ভিলৱাৰাৰ গুৰ্জৰ সম্প্ৰদায়ৰ বিখ্যাত পূজাস্থলী মালাছেৰী ডুংৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দান কৰা খাম মুকলি কৰা হৈছে। এই খামটোত ২১ টকাৰ পোৱা গৈছে য’ত আছে ২০ টকীয়া নোট আৰু এটা এটকীয়া মুদ্ৰা। প্ৰধানমন্ত্ৰীৰ এই খামটো লৈ সকলোৱে বৰ কৌতুহলী হৈ পৰিছিল। এই প্ৰশ্নটো যোৱা ৮ মাহ ধৰি সকলোৰে মনত আছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰলৈ কিমান অনুদানৰ পৰিমাণ দিছে। অৱশেষত সকলোৱে এই কথাৰ উত্তৰ পালে।

তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জিলাখনৰ অসিন্দ তহচিলত অৱস্থিত মালাছেৰী ডুংৰিলৈ গৈছিল। ইয়াত তেওঁ পূজা কৰি মন্দিৰৰ দান বাকচত বগা খাম এটা ভৰাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই খামটোৰ ওপৰত সকলোৰে চকু আছিল। কিন্তু, মন্দিৰৰ নিয়ম অনুসৰি বছৰত এবাৰহে দান বাকচ খোলা হয়। সেয়েহে এই দান বাকচটো শেহতীয়াকৈ মুকলি কৰা হৈছে। চান্দা বাকচত সৰ্বমুঠ সংগ্ৰহ হৈছে প্ৰায় ১৯ লাখ টকা।

চান্দা বাকচত পোৱা মুঠ অনুদানৰ পৰিমাণ ইতিমধ্যে গণনা কৰা হৈছে। কিন্তু, ইফালে, দান বাকচত তিনিটা খাম উদ্ধাৰ কৰা হৈছে। মন্দিৰৰ পুৰোহিতগৰাকীয়ে দাবী কৰিছে যে উদ্ধাৰ হোৱা তিনিওটা খাম বেলেগ বেলেগ ৰঙৰ আছিল য’ত পিএম মোদীৰ খাম বগা আছিল। পুৰোহিতে দান বাকচৰ পৰা এই খামটো উলিয়াই সকলোৰে সন্মুখত খুলি দিলে। ইয়াৰ ভিডিঅ’ও ৰেকৰ্ডিং কৰা হৈছে। 

পুৰোহিতে এই খামটো তুলি লৈ সকলোৰে সন্মুখত দেখুৱাই দিলে। ইয়াৰ পাছত তেওঁ এই বগা খামটো খোলে। খামটোৰ ভিতৰত থকা ধনখিনি দেখি সকলোৱে আচৰিত হৈ পৰিল। পুৰোহিত হেমৰাজ পাছৱালে জনাইছে যে ভিডিঅ’টোত মোদীয়ে বগা ৰঙৰ খাম দিয়া দেখা গৈছিল, ইয়াৰ পৰা অনুমান কৰা হৈছে যে এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া খামটো। লগতে তেওঁ কয় যে দান বাকচৰ পৰা পোৱা তিনিটা খামৰ ভিতৰত এটাত ১০১ টকা, এটাত ২১০০ টকা আৰু বগা খামটোত ২১ টকা।

মালাছেৰী ডুংৰি গুৰ্জৰ সম্প্ৰদায়ৰ উপাসক ভগৱান দেৱনাৰায়ণৰ জন্মস্থান বুলি গণ্য কৰা হয়। কোৱা হয় যে ১১১১ বছৰ আগতে ভগৱান দেৱনাৰায়ণৰ মাতৃয়ে এই স্থানত তপস্যা কৰিছিল। ইয়াৰ পাছত ভগৱান বিষ্ণু নিজেই ইয়াত দেৱনাৰায়ণ ৰূপত আবিৰ্ভাৱ হৈছিল। এই মন্দিৰৰ প্ৰতি সমগ্ৰ গুৰ্জৰ জনগোষ্ঠীৰ বিশেষ বিশ্বাস আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু