--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত এক বিশেষ মন্দিৰৰ দানপাত্ৰৰ ধন৷ ৰাজস্থানৰ ভিলৱাৰাৰ গুৰ্জৰ সম্প্ৰদায়ৰ বিখ্যাত পূজাস্থলী মালাছেৰী ডুংৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দান কৰা খাম মুকলি কৰা হৈছে। এই খামটোত ২১ টকাৰ পোৱা গৈছে য’ত আছে ২০ টকীয়া নোট আৰু এটা এটকীয়া মুদ্ৰা। প্ৰধানমন্ত্ৰীৰ এই খামটো লৈ সকলোৱে বৰ কৌতুহলী হৈ পৰিছিল। এই প্ৰশ্নটো যোৱা ৮ মাহ ধৰি সকলোৰে মনত আছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰলৈ কিমান অনুদানৰ পৰিমাণ দিছে। অৱশেষত সকলোৱে এই কথাৰ উত্তৰ পালে।

তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জিলাখনৰ অসিন্দ তহচিলত অৱস্থিত মালাছেৰী ডুংৰিলৈ গৈছিল। ইয়াত তেওঁ পূজা কৰি মন্দিৰৰ দান বাকচত বগা খাম এটা ভৰাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই খামটোৰ ওপৰত সকলোৰে চকু আছিল। কিন্তু, মন্দিৰৰ নিয়ম অনুসৰি বছৰত এবাৰহে দান বাকচ খোলা হয়। সেয়েহে এই দান বাকচটো শেহতীয়াকৈ মুকলি কৰা হৈছে। চান্দা বাকচত সৰ্বমুঠ সংগ্ৰহ হৈছে প্ৰায় ১৯ লাখ টকা।

চান্দা বাকচত পোৱা মুঠ অনুদানৰ পৰিমাণ ইতিমধ্যে গণনা কৰা হৈছে। কিন্তু, ইফালে, দান বাকচত তিনিটা খাম উদ্ধাৰ কৰা হৈছে। মন্দিৰৰ পুৰোহিতগৰাকীয়ে দাবী কৰিছে যে উদ্ধাৰ হোৱা তিনিওটা খাম বেলেগ বেলেগ ৰঙৰ আছিল য’ত পিএম মোদীৰ খাম বগা আছিল। পুৰোহিতে দান বাকচৰ পৰা এই খামটো উলিয়াই সকলোৰে সন্মুখত খুলি দিলে। ইয়াৰ ভিডিঅ’ও ৰেকৰ্ডিং কৰা হৈছে। 

পুৰোহিতে এই খামটো তুলি লৈ সকলোৰে সন্মুখত দেখুৱাই দিলে। ইয়াৰ পাছত তেওঁ এই বগা খামটো খোলে। খামটোৰ ভিতৰত থকা ধনখিনি দেখি সকলোৱে আচৰিত হৈ পৰিল। পুৰোহিত হেমৰাজ পাছৱালে জনাইছে যে ভিডিঅ’টোত মোদীয়ে বগা ৰঙৰ খাম দিয়া দেখা গৈছিল, ইয়াৰ পৰা অনুমান কৰা হৈছে যে এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া খামটো। লগতে তেওঁ কয় যে দান বাকচৰ পৰা পোৱা তিনিটা খামৰ ভিতৰত এটাত ১০১ টকা, এটাত ২১০০ টকা আৰু বগা খামটোত ২১ টকা।

মালাছেৰী ডুংৰি গুৰ্জৰ সম্প্ৰদায়ৰ উপাসক ভগৱান দেৱনাৰায়ণৰ জন্মস্থান বুলি গণ্য কৰা হয়। কোৱা হয় যে ১১১১ বছৰ আগতে ভগৱান দেৱনাৰায়ণৰ মাতৃয়ে এই স্থানত তপস্যা কৰিছিল। ইয়াৰ পাছত ভগৱান বিষ্ণু নিজেই ইয়াত দেৱনাৰায়ণ ৰূপত আবিৰ্ভাৱ হৈছিল। এই মন্দিৰৰ প্ৰতি সমগ্ৰ গুৰ্জৰ জনগোষ্ঠীৰ বিশেষ বিশ্বাস আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক