--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদীয় মজিয়াত ভূমিকম্পত বিধ্বস্ত তুৰস্কৰ কথা ক’বলৈ গৈ আবেগপ্ৰৱণ হৈ পৰিল প্ৰধনমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তেওঁৰ মনত ভাঁহি  উঠিল ভুজত ভূমিকম্পই সৃষ্টি কৰা ধ্বংসলীলাৰ দৃশ্য৷ তুৰস্ক আৰু ছিৰিয়া এই প্ৰতিবেদন প্ৰকাশ কৰাৰ সময়ত মৃত্যুৰ সংখ্যা ৫,৬০০ অতিক্ৰম কৰিছে। ১৫,০০০ ৰো অধিক লোক  আহত হৈছে । আশংকা কৰা হৈছে যে হতাহতৰ সংখ্যা বহুগুণে বৃদ্ধি পাব পাৰে।

এই দুৰ্যোগত ভাৰতে তুৰস্ক আৰু চিৰিয়াৰ কাষত থিয় দিছে। সোমবাৰে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে দুৰ্যোগত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লিখিছে, "শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। মই প্ৰাৰ্থনা কৰোঁ যাতে আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হয়। তুৰ্কীৰ এই ভূমিকম্পই অপূৰণীয় ক্ষতি সাধন কৰিছে। ভাৰতে এই দুৰ্যোগৰ মোকাবিলাত সকলো সহায়ৰ সৈতে তুৰস্কৰ কাষত থিয় দিবলৈ সাজু। ''

প্ৰধানমন্ত্ৰীৰ টুইটৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে তৎক্ষণাৎ উদ্ধাৰ অভিযানৰ   বাবে তুৰস্কলৈ সাহায্য সামগ্ৰী সহ  দল প্ৰেৰণ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভাৰতীয় উদ্ধাৰকাৰীৰ দলে মঙলবাৰে ড্ৰিলিং মেচিনকে ধৰি প্ৰয়োজনীয় সঁজুলি লৈ ৰাওনা হৈছে।

দেওবাৰে মাজনিশা তুৰস্ক আৰু চিৰিয়াত ভূমিকম্প সংঘটিত হৈছিল। সেই দুৰ্যোগৰ মাজতসোমবাৰে, গোটেই দিনটো পুনৰ ভূমিকম্প হয়। ভূমিকম্পত   তুৰ্কীয়েই আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। মৃত্যুৰ সংখ্যা বাঢ়ি গৈ আছে। চহৰবোৰ ধ্বংস হৈ গৈছে। 

উদ্ধাৰকাৰীৰ দল  আৰু সাহায্য কঢ়িয়াই আজি  ভাৰতীয় বায়ু সেনাৰ আৰু দুখন বিমান তুৰস্কলৈ ৰাওনা হৈছে।

তুৰ্কীৰ সৈতে ২০০২ চনৰ ভুজ ভূমিকম্পৰ তুলনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।সংসদীয় বৈঠকত দুৰ্যোগৰ বিষয়ে কওঁতে নৰেন্দ্ৰ মোদী আৱেগিক হৈ পৰে৷ তুৰস্কৰ আলেপ্পো, হামা আৰু লাটাকিয়াৰ দৰে চহৰত সৰ্বাধিক মৃত্যু হৈছে। 

ঔষধ আৰু সাহায্য সামগ্ৰী কঢ়িয়াই অনা ভাৰতৰ প্ৰথমখন চি-১৭ বিমান তুৰস্কৰ আদানা বিমানবন্দৰত অৱতৰণ কৰাৰ খবৰ আহিছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড তুৰ্কীৰ কাষত থিয় হৈ  বিত্তীয় সাহায্য ঘোষণা কৰিছে। দুয়োখন দেশে ১১ নিযুত ডলাৰ প্ৰেৰণ কৰিব।তুৰ্কীৰ স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই গৈছে ।  সূত্ৰঅনুসৰি, এতিয়ালৈকে ৭৮০০ লোকক উদ্ধাৰ কৰা হৈছে। শ শ পৰিয়াল এতিয়াও চিৰিয়াত আৱদ্ধ হৈ আছে। 

ভাৰতৰ  আগ্ৰাৰ পৰা তুৰস্কলৈ আন এটা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে। দলটোৱে ভেণ্টিলেটৰ, অক্সিজেন চিলিণ্ডাৰৰ দৰে গুৰুত্বপূৰ্ণ চিকিৎসা সঁজুলিলৈ উৰা মাৰিছে৷ । তাত অৰ্থোপেডিক চাৰ্জন আৰু শল্য চিকিৎসকো আছে।  জাৰ্মানী আৰু পাকিস্তানেও সাহায্য  প্ৰেৰণ কৰিছে৷ তুৰস্কত সংঘটিত ভয়ংকৰ ভূমিকম্পত নিহতৰ সংখ্যা ৪০,০০০ অতিক্ৰম কৰিব পাৰে! বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰিছে।

তুৰস্কত পুনৰ কম্পন। এইবাৰ ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.৫। ইস্তাম্বুলৰ পৰা ১৩,০০০ উদ্ধাৰকাৰী কৰ্মী ঘটনাস্থলীলৈ গৈ আছে। ৱাশ্বিংটনে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। 
 আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপক  ফোন কৰিছে। তেওঁ বিপদৰ সময়ত সকলো ধৰণে তেওঁৰ কাষত থকাৰ আশ্বাস দিছে৷  





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক