--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাপ্ত হ’ল জি-২০ৰ শীৰ্ষ সন্মিলন৷এই সন্মিলনৰ পাছত ভিয়েটনামত উপস্থিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন৷ যোৱা ১০ ছেপ্টেম্বৰ দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জি-২০ সন্মিলনৰ আঁৰত হোৱা আলোচনাত মানৱ অধিকাৰ সন্মানৰ বিষয়টো উত্থাপন কৰা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভিয়েটনামত উল্লেখ কৰিছে৷

জি-২০ সন্মিলন সমাপ্ত হোৱাৰ পূৰ্বে দিল্লীৰ পৰা ৰাওনা হোৱাৰ পাছত দেওবাৰে পুৱা ভিয়েটনামৰ ৰাজধানী হানয়ত উপস্থিত হয় বাইডেন। এই ভ্ৰমণক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অংশীদাৰৰ বাবে এক গুৰুত্বপূৰ্ণ  ভ্ৰমণ হিচাপে দেখা গৈছে।মুকলি ভাষণত বাইডেনে স্বেচ্ছাই কয় যে তেওঁৰ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰোঁতে মানৱ অধিকাৰৰ বিষয়টো উত্থাপন হৈছে।

বাইডেনে কয় যে ‘যোৱা জুন মাহত প্ৰধানমন্ত্ৰীয়ে হোৱাইট হাউছ ভ্ৰমণৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু আমেৰিকাৰ মাজত অংশীদাৰিত্ব কেনেকৈ শক্তিশালী কৰি যাম সেই সম্পৰ্কে তেওঁ আৰু মই যথেষ্ট আলোচনা কৰিছো। আৰু মই মানৱ অধিকাৰক সন্মান জনোৱাৰ গুৰুত্ব আৰু মোদী ডাঙৰীয়াৰ সৈতে এখন শক্তিশালী আৰু সমৃদ্ধিশালী দেশ গঢ়ি তোলাত নাগৰিক সমাজ আৰু মুক্ত প্ৰেছৰ যি গুৰুত্বপূৰ্ণ ভূমিকা আছে সেই কথা আলোচনা কৰোঁ।’

হোৱাইট হাউছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে সুস্থ গণতন্ত্ৰৰ গুৰুত্বৰ বিষয়ে কথা পাতিছিল। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পৰিক্ৰমাৰ সমন্বয়ক কাৰ্ট কেম্পবেলে সাংবাদিকৰ আগত  কয় যে বাইডেনে মোডীৰ সৈতে সুস্থ গণতন্ত্ৰৰ গুৰুত্ব সন্দৰ্ভতো আলোচনা কৰে৷

শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ সময়ত আমেৰিকাৰ সংবাদ মাধ্যমে কূটনৈতিক আদান-প্ৰদানৰ স্থানৰ অভাৱৰ বিষয়েও বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিল।যেতিয়া মোদীয়ে ভ্ৰমণৰ বাবে আমেৰিকাত আছিল, তেতিয়া মোদীয়ে বাইডেনৰ সৈতে এক  সংবাদমেলত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ সংখ্যালঘুসকলৰ প্ৰতি থকা ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে আমেৰিকাৰ এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা