--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাপ্ত হ’ল জি-২০ৰ শীৰ্ষ সন্মিলন৷এই সন্মিলনৰ পাছত ভিয়েটনামত উপস্থিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন৷ যোৱা ১০ ছেপ্টেম্বৰ দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জি-২০ সন্মিলনৰ আঁৰত হোৱা আলোচনাত মানৱ অধিকাৰ সন্মানৰ বিষয়টো উত্থাপন কৰা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভিয়েটনামত উল্লেখ কৰিছে৷

জি-২০ সন্মিলন সমাপ্ত হোৱাৰ পূৰ্বে দিল্লীৰ পৰা ৰাওনা হোৱাৰ পাছত দেওবাৰে পুৱা ভিয়েটনামৰ ৰাজধানী হানয়ত উপস্থিত হয় বাইডেন। এই ভ্ৰমণক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অংশীদাৰৰ বাবে এক গুৰুত্বপূৰ্ণ  ভ্ৰমণ হিচাপে দেখা গৈছে।মুকলি ভাষণত বাইডেনে স্বেচ্ছাই কয় যে তেওঁৰ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰোঁতে মানৱ অধিকাৰৰ বিষয়টো উত্থাপন হৈছে।

বাইডেনে কয় যে ‘যোৱা জুন মাহত প্ৰধানমন্ত্ৰীয়ে হোৱাইট হাউছ ভ্ৰমণৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু আমেৰিকাৰ মাজত অংশীদাৰিত্ব কেনেকৈ শক্তিশালী কৰি যাম সেই সম্পৰ্কে তেওঁ আৰু মই যথেষ্ট আলোচনা কৰিছো। আৰু মই মানৱ অধিকাৰক সন্মান জনোৱাৰ গুৰুত্ব আৰু মোদী ডাঙৰীয়াৰ সৈতে এখন শক্তিশালী আৰু সমৃদ্ধিশালী দেশ গঢ়ি তোলাত নাগৰিক সমাজ আৰু মুক্ত প্ৰেছৰ যি গুৰুত্বপূৰ্ণ ভূমিকা আছে সেই কথা আলোচনা কৰোঁ।’

হোৱাইট হাউছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে সুস্থ গণতন্ত্ৰৰ গুৰুত্বৰ বিষয়ে কথা পাতিছিল। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পৰিক্ৰমাৰ সমন্বয়ক কাৰ্ট কেম্পবেলে সাংবাদিকৰ আগত  কয় যে বাইডেনে মোডীৰ সৈতে সুস্থ গণতন্ত্ৰৰ গুৰুত্ব সন্দৰ্ভতো আলোচনা কৰে৷

শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ সময়ত আমেৰিকাৰ সংবাদ মাধ্যমে কূটনৈতিক আদান-প্ৰদানৰ স্থানৰ অভাৱৰ বিষয়েও বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিল।যেতিয়া মোদীয়ে ভ্ৰমণৰ বাবে আমেৰিকাত আছিল, তেতিয়া মোদীয়ে বাইডেনৰ সৈতে এক  সংবাদমেলত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ সংখ্যালঘুসকলৰ প্ৰতি থকা ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে আমেৰিকাৰ এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব