--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ নাদিয়া জিলাত দিনৰ পোহৰতে হত্যা কৰা হ’ল তৃণমূল কংগ্ৰেছৰ এজন নেতাক। নাদিয়াৰ হান্সখালি থানা এলেকাৰ ৰামনগৰ বডা চৌপৰীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। নিহত তৃণমূল নেতাজনৰ নাম  আহমেদ আলী বিশ্বাস।

ঘটনা অনুসৰি আহমেদ আলী বিশ্বাস আন দিনৰ দৰে বজাৰলৈ ওলাই গৈছিল৷এই সময়ছোৱাত দুস্কৃতিকাৰীয়ে তেওঁক দোকানৰ পৰা বাহিৰলৈ মাতি আনি গুলীচালনা কৰে। আহমেদ আলী ৰামনগৰ বডা চৌপাদিয়া ১ নং আঞ্চলিকৰ তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি আছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে, বিশ্ববজাৰৰ এখন চাহৰ দোকানত বহি আছিল টিএমচিৰ নেতাজন। এই সময়ছোৱাত কিছুমান মানুহ আহি তেওঁক বাহিৰলৈ মাতি লৈ যায়। বিশ্বাস ওলাই অহাৰ লগে লগে তেওঁৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰা হয়৷

বৰ্ণনা অনুসৰি দুষ্কৃতিকাৰী দলটোৱে মুখত কাপোৰ বান্ধি আহিছিল। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। ঘটনাৰ আঁৰত কিবা ৰাজনৈতিক ষড়যন্ত্ৰৰ সম্ভাৱনাও থাকিব পাৰে আৰু ইয়াৰ ওপৰত বৰ্তমান তদন্ত চলি আছে৷

পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। দিনৰ পোহৰত তৃণমূল নেতাগৰাকীক হত্যা কৰাৰ বাবে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত টিএমচিৰ সাংসদ শান্তনু সেনে কয়, কাকো ৰেহাই দিয়া নহ’ব। অপৰাধীক শাস্তি দিয়া হ’ব। পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে বিৰোধীয়ে উচটনিমূলক বক্তব্য দিবলৈ আৰম্ভ কৰিছে। ভাড়াতীয়া হত্যাকাৰীক আনিছে। বিৰোধীয়ে বংগক অস্থিৰ কৰাৰ চেষ্টা চলাইছে। এয়া শান্তিৰ বংগ। যিসকলে বংগক অশান্তি কৰিবলৈ চেষ্টা কৰিছে,তেনে অপশক্তিক ৰাইজে দলিয়াই দিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ