--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ নাদিয়া জিলাত দিনৰ পোহৰতে হত্যা কৰা হ’ল তৃণমূল কংগ্ৰেছৰ এজন নেতাক। নাদিয়াৰ হান্সখালি থানা এলেকাৰ ৰামনগৰ বডা চৌপৰীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। নিহত তৃণমূল নেতাজনৰ নাম  আহমেদ আলী বিশ্বাস।

ঘটনা অনুসৰি আহমেদ আলী বিশ্বাস আন দিনৰ দৰে বজাৰলৈ ওলাই গৈছিল৷এই সময়ছোৱাত দুস্কৃতিকাৰীয়ে তেওঁক দোকানৰ পৰা বাহিৰলৈ মাতি আনি গুলীচালনা কৰে। আহমেদ আলী ৰামনগৰ বডা চৌপাদিয়া ১ নং আঞ্চলিকৰ তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি আছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে, বিশ্ববজাৰৰ এখন চাহৰ দোকানত বহি আছিল টিএমচিৰ নেতাজন। এই সময়ছোৱাত কিছুমান মানুহ আহি তেওঁক বাহিৰলৈ মাতি লৈ যায়। বিশ্বাস ওলাই অহাৰ লগে লগে তেওঁৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰা হয়৷

বৰ্ণনা অনুসৰি দুষ্কৃতিকাৰী দলটোৱে মুখত কাপোৰ বান্ধি আহিছিল। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। ঘটনাৰ আঁৰত কিবা ৰাজনৈতিক ষড়যন্ত্ৰৰ সম্ভাৱনাও থাকিব পাৰে আৰু ইয়াৰ ওপৰত বৰ্তমান তদন্ত চলি আছে৷

পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। দিনৰ পোহৰত তৃণমূল নেতাগৰাকীক হত্যা কৰাৰ বাবে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত টিএমচিৰ সাংসদ শান্তনু সেনে কয়, কাকো ৰেহাই দিয়া নহ’ব। অপৰাধীক শাস্তি দিয়া হ’ব। পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে বিৰোধীয়ে উচটনিমূলক বক্তব্য দিবলৈ আৰম্ভ কৰিছে। ভাড়াতীয়া হত্যাকাৰীক আনিছে। বিৰোধীয়ে বংগক অস্থিৰ কৰাৰ চেষ্টা চলাইছে। এয়া শান্তিৰ বংগ। যিসকলে বংগক অশান্তি কৰিবলৈ চেষ্টা কৰিছে,তেনে অপশক্তিক ৰাইজে দলিয়াই দিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল