--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তেলেংগানা ৰাষ্ট্ৰ সমিতি (টিআৰএছ) দলৰ কাৰ্যকৰী সভাপতি তথা পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন মন্ত্ৰী (এমএ এণ্ড ইউডি) কেটি ৰামা ৰাওৱে আজি প্ৰধানমন্ত্ৰী মোদীক ‘পক্ষপাতিত্বৰ আইকন’ বুলি অভিহিত কৰি সমালোচনা কৰিছে৷ টুইটাৰৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে লিখিছে, ‘আইকন অব্ পাৰ্টিলিটি’য়ে ‘ষ্টেচু অব্ ইকুৱেলিটি’ উন্মোচন কৰে। এয়া এক বিড়ম্বনা! উল্লেখযোগ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদত ‘সমতাৰ প্ৰতিমূৰ্তি’ উন্মোচন কৰে। লক্ষণীয়ভাৱে, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু শাসকীয় টিআৰএছ দলৰ আন সকলো মন্ত্ৰী কালি উদ্বোধনী অনুষ্ঠানৰ পৰা আঁতৰি আছিল, য’ত প্ৰধানমন্ত্ৰী মুখ্য অতিথি হিচাপে আছিল। ভাৰতীয় জনতা পাৰ্টীয়ে অনুষ্ঠানটোত উপস্থিত নোহোৱাৰ বাবে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক সমালোচনা কৰিছিল। দলটোৰ মুখপাত্ৰ কৃষ্ণ সাগৰ ৰাৱে কয়, প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰী ৰাওৱে অভ্যর্থনা নকৰাতো মুখ্যমন্ত্ৰীৰ বাবে অশোভনীয়৷ বিজেপিয়ে দাবী কৰিছে যে টিআৰএছ মুৰব্বীৰ ‘গেম প্লেন’ হৈছে প্ৰধানমন্ত্ৰী মোদীৰৰ ওপৰত ভিত্তিহীন আক্ৰমণত লিপ্ত হৈ আঞ্চলিক উৎসাহ আৰু অনুভূতি প্ৰজ্জ্বলিত কৰা আৰু দাবী কৰে যে ই কোনো ফলাফল লাভ নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু