--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ মণিপুৰত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল৷ সাজু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছো৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছে মণিপুৰৰ আঞ্চলিক অখণ্ডতা ৰক্ষাৰ বাবে AFSPA বাতিলৰ প্ৰতিশ্ৰুতি দিছে৷ উল্লেখযোগ্য যে, মণিপুৰত ওক্ৰাম ইবোবি সিঙ নেতৃত্বাধীন পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ১৯৫৮ চনৰ আইনখন সাতটা বিধানসভা সমষ্টিৰ পৰা প্ৰত্যাহাৰ কৰিছিল। এইবাৰ কংগ্ৰেছে মণিপুৰৰ আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত ক্ষমতালৈ আহিলে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, চমুকৈ ‘আফস্পা’ বাতিল কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে। নগালেণ্ডৰ মন জিলাত সেনাৰ দ্বাৰা সংঘটিত এক আক্ৰমণত যোৱা বছৰ ৪ ডিচেম্বৰত সাধাৰণ লোকৰ হত্যাৰ পিছত উত্তৰ-পূবৰ পৰা আফস্পা বাতিলৰ দাবী তীব্ৰ হৈ উঠিছে। কংগ্ৰেছে দলটোৰ নিৰ্বাচনী ইস্তাহাৰত সকলো আন্তঃৰাজ্যিক আৰু ভাৰত-ম্যানমাৰ সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ ওপৰত চাপ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে। দলটোৱে দিয়া আন কেইবাটাও প্ৰতিশ্ৰুতিৰ ভিতৰত আছে- শিশুসকলৰ বাবে বিনামূলীয়া গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰদান, ভুলভাৱে আটক কৰা সংবাদ মাধ্যমৰ লোকসকলক ক্ষতিপূৰণ, সমতল আৰু পাহাৰীয়া জিলাসমূহৰ একত্ৰিত বিকাশৰ বাবে ‘মাউণ্টেইন ইকনমি’ গ্ৰহণ, এছটিৰ বাবে সংৰক্ষিত প্ৰত্যক্ষ নিযুক্তি আৰু পদোন্নতিৰ বাবে সকলো খালী পদ পূৰণ কৰা ইত্যাদি৷ ইপিনে কালি মণিপুৰৰ বিজেপিৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে৷ তেওঁ হেইংগাং সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু