--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ মণিপুৰত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল৷ সাজু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছো৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছে মণিপুৰৰ আঞ্চলিক অখণ্ডতা ৰক্ষাৰ বাবে AFSPA বাতিলৰ প্ৰতিশ্ৰুতি দিছে৷ উল্লেখযোগ্য যে, মণিপুৰত ওক্ৰাম ইবোবি সিঙ নেতৃত্বাধীন পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ১৯৫৮ চনৰ আইনখন সাতটা বিধানসভা সমষ্টিৰ পৰা প্ৰত্যাহাৰ কৰিছিল। এইবাৰ কংগ্ৰেছে মণিপুৰৰ আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত ক্ষমতালৈ আহিলে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, চমুকৈ ‘আফস্পা’ বাতিল কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে। নগালেণ্ডৰ মন জিলাত সেনাৰ দ্বাৰা সংঘটিত এক আক্ৰমণত যোৱা বছৰ ৪ ডিচেম্বৰত সাধাৰণ লোকৰ হত্যাৰ পিছত উত্তৰ-পূবৰ পৰা আফস্পা বাতিলৰ দাবী তীব্ৰ হৈ উঠিছে। কংগ্ৰেছে দলটোৰ নিৰ্বাচনী ইস্তাহাৰত সকলো আন্তঃৰাজ্যিক আৰু ভাৰত-ম্যানমাৰ সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ ওপৰত চাপ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে। দলটোৱে দিয়া আন কেইবাটাও প্ৰতিশ্ৰুতিৰ ভিতৰত আছে- শিশুসকলৰ বাবে বিনামূলীয়া গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰদান, ভুলভাৱে আটক কৰা সংবাদ মাধ্যমৰ লোকসকলক ক্ষতিপূৰণ, সমতল আৰু পাহাৰীয়া জিলাসমূহৰ একত্ৰিত বিকাশৰ বাবে ‘মাউণ্টেইন ইকনমি’ গ্ৰহণ, এছটিৰ বাবে সংৰক্ষিত প্ৰত্যক্ষ নিযুক্তি আৰু পদোন্নতিৰ বাবে সকলো খালী পদ পূৰণ কৰা ইত্যাদি৷ ইপিনে কালি মণিপুৰৰ বিজেপিৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে৷ তেওঁ হেইংগাং সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ