--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত বৰ্ষৰ ডিচেম্বৰত উন্মোচন হৈছিল প্ৰাক্তন ৰাষ্ট্রপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ কন্যাৰ গ্ৰন্থ। পিতৃ প্ৰণৱ মুখ্যৰ্জীৰ জীৱনৰ আধাৰত ৰচিত শৰ্মিষ্ঠা মুখাৰ্জীৰ ‘প্ৰণৱ মাই ফাডাৰ: এ ড’টাৰ্ছ ৰিমেম্বাৰ্ছ’ গ্ৰন্থখন উন্মোচন হৈছিল ডিচেম্বৰত। 

শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ বাসভৱনত উপস্থিত হৈ মোদীক গ্ৰন্থখন উপহাৰ দিয়ে শৰ্মিষ্ঠা মুখাৰ্জীয়ে। ইয়াৰ পাছতে সামাজিক মাধ্যমত প্ৰচাৰ হয় শৰ্মিষ্ঠা মুখাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো। ইয়াকে লৈ ৰাজনৈতিক মহলত সৃষ্টি হয় বিভিন্ন জল্পনা-কল্পনা। 

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিমুখী হ’ব নেকি প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জী? অৱশ্যে এই সংক্ৰান্তত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই শৰ্মিষ্ঠা মুখাৰ্জীয়ে। উল্লেখ্য যে শৰ্মিষ্ঠা মুখাৰ্জীৰ গ্ৰন্থখনত উন্মোচিত হৈছিল কংগ্ৰেছৰ ভিতৰচ’ৰাৰ বহু কথা। ৰাহুল গান্ধীক লৈ প্ৰণৱ মুখাৰ্জীৰ বিৰক্তিৰ কথাও প্ৰকাশ হৈছে শৰ্মিষ্ঠা মুখাৰ্জীৰ গ্ৰন্থত। 

ইফালে, মোদী সন্দৰ্ভত প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ নৰম মনোভাৱৰ তথ্যও সন্নৱিষ্ট আছে গ্ৰন্থখনত। শেহতীয়াভাৱে পুনৰ চৰ্চালৈ আহিছে প্ৰণৱ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীৰ প্ৰসংগ। মোদীক নিজৰ গ্ৰন্থ উপহাৰ দি বিজেপি গমনৰ ইংগিত দিছে নেকি শৰ্মিষ্ঠাই?

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক