--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত বৰ্ষৰ ডিচেম্বৰত উন্মোচন হৈছিল প্ৰাক্তন ৰাষ্ট্রপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ কন্যাৰ গ্ৰন্থ। পিতৃ প্ৰণৱ মুখ্যৰ্জীৰ জীৱনৰ আধাৰত ৰচিত শৰ্মিষ্ঠা মুখাৰ্জীৰ ‘প্ৰণৱ মাই ফাডাৰ: এ ড’টাৰ্ছ ৰিমেম্বাৰ্ছ’ গ্ৰন্থখন উন্মোচন হৈছিল ডিচেম্বৰত। 

শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ বাসভৱনত উপস্থিত হৈ মোদীক গ্ৰন্থখন উপহাৰ দিয়ে শৰ্মিষ্ঠা মুখাৰ্জীয়ে। ইয়াৰ পাছতে সামাজিক মাধ্যমত প্ৰচাৰ হয় শৰ্মিষ্ঠা মুখাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো। ইয়াকে লৈ ৰাজনৈতিক মহলত সৃষ্টি হয় বিভিন্ন জল্পনা-কল্পনা। 

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিমুখী হ’ব নেকি প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জী? অৱশ্যে এই সংক্ৰান্তত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই শৰ্মিষ্ঠা মুখাৰ্জীয়ে। উল্লেখ্য যে শৰ্মিষ্ঠা মুখাৰ্জীৰ গ্ৰন্থখনত উন্মোচিত হৈছিল কংগ্ৰেছৰ ভিতৰচ’ৰাৰ বহু কথা। ৰাহুল গান্ধীক লৈ প্ৰণৱ মুখাৰ্জীৰ বিৰক্তিৰ কথাও প্ৰকাশ হৈছে শৰ্মিষ্ঠা মুখাৰ্জীৰ গ্ৰন্থত। 

ইফালে, মোদী সন্দৰ্ভত প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ নৰম মনোভাৱৰ তথ্যও সন্নৱিষ্ট আছে গ্ৰন্থখনত। শেহতীয়াভাৱে পুনৰ চৰ্চালৈ আহিছে প্ৰণৱ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীৰ প্ৰসংগ। মোদীক নিজৰ গ্ৰন্থ উপহাৰ দি বিজেপি গমনৰ ইংগিত দিছে নেকি শৰ্মিষ্ঠাই?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু