--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৱে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকি দিছে। সন্ত্ৰাসবাদী পান্নুৱে এটা নতুন ভিডিঅ’ মুকলি কৰিছে, য’ত তেওঁ পঞ্জাবৰ গেংষ্টাৰক যোগাযোগ কৰিবলৈ কয়। লগতে খালিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত পৰিবেশ বিনষ্ট কৰাৰ হুংকাৰ দিছে।


ৰাজ্যখনৰ আইন-শৃংখলা উন্নত কৰাৰ বাবে পঞ্জাৱ আৰক্ষীয়ে কৰা প্ৰচেষ্টাক গৰিহণা দিছে খালিস্তানী সন্ত্ৰাসবাদীয়ে। দৰাচলতে পান্নুৱে পঞ্জাবত শেহতীয়াকৈ হোৱা মুখামুখিৰ কথা কৈছিল। ইয়াৰ সমান্তৰালকৈ পান্নুৱে পঞ্জাবৰ গেংষ্টাৰক ভিডিঅ’টোত যোগাযোগ কৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী মানক প্ৰাক্তন মুখ্যমন্ত্ৰী বন্ত সিং বুলি অভিহিত কৰি পঞ্জাৱৰ ডিজিপি গৌৰৱ যাদৱক প্ৰাক্তন ডিজিপি গোবিন্দ ৰামৰ সৈতে তুলনা কৰিছে।


২৬ জানুৱাৰীত গণৰাজ্য দিৱসত পৰিবেশ নষ্ট কৰাৰো সকীয়নি দিছে পান্নুৱে। তেওঁ মুখ্যমন্ত্ৰী মানক জনাইছে যে তেওঁ য’তেই ত্ৰিৰংগা উত্তোলন কৰে তাতেই পৰিবেশ নষ্ট কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। খালিস্তানী সন্ত্ৰাসবাদীয়ে মুখ্যমন্ত্ৰী মানক শাস্তি দিয়াৰ কথা ক’লে। ইয়াৰ পূৰ্বেও বহুবাৰ  ভাবুকি দিছিল পান্নুৱে। পঞ্জাব-হাৰিয়ানাৰ বহু অঞ্চলত খালিস্তানী শ্লোগান লিখাৰ ক্ষেত্ৰতো পান্নুৰ অৰিহণা আছে। ইয়াৰ পূৰ্বে পান্নুৱে ১৩ ডিচেম্বৰত সংসদত আক্ৰমণ কৰাৰ ভাবুকি দিছিল।উল্লেখ্য যে পান্নু মূলতঃ পঞ্জাবৰ অমৃতসৰ খানকোটৰ বাসিন্দা। বৰ্তমান তেওঁ আমেৰিকা আৰু কানাডাৰ বাসিন্দা। তেওঁ প্ৰায়ে খালিস্তানৰ দাবীৰ নামত ভিডিঅ’ মুকলি কৰি পঞ্জাবত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক