--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৱে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকি দিছে। সন্ত্ৰাসবাদী পান্নুৱে এটা নতুন ভিডিঅ’ মুকলি কৰিছে, য’ত তেওঁ পঞ্জাবৰ গেংষ্টাৰক যোগাযোগ কৰিবলৈ কয়। লগতে খালিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত পৰিবেশ বিনষ্ট কৰাৰ হুংকাৰ দিছে।


ৰাজ্যখনৰ আইন-শৃংখলা উন্নত কৰাৰ বাবে পঞ্জাৱ আৰক্ষীয়ে কৰা প্ৰচেষ্টাক গৰিহণা দিছে খালিস্তানী সন্ত্ৰাসবাদীয়ে। দৰাচলতে পান্নুৱে পঞ্জাবত শেহতীয়াকৈ হোৱা মুখামুখিৰ কথা কৈছিল। ইয়াৰ সমান্তৰালকৈ পান্নুৱে পঞ্জাবৰ গেংষ্টাৰক ভিডিঅ’টোত যোগাযোগ কৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী মানক প্ৰাক্তন মুখ্যমন্ত্ৰী বন্ত সিং বুলি অভিহিত কৰি পঞ্জাৱৰ ডিজিপি গৌৰৱ যাদৱক প্ৰাক্তন ডিজিপি গোবিন্দ ৰামৰ সৈতে তুলনা কৰিছে।


২৬ জানুৱাৰীত গণৰাজ্য দিৱসত পৰিবেশ নষ্ট কৰাৰো সকীয়নি দিছে পান্নুৱে। তেওঁ মুখ্যমন্ত্ৰী মানক জনাইছে যে তেওঁ য’তেই ত্ৰিৰংগা উত্তোলন কৰে তাতেই পৰিবেশ নষ্ট কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। খালিস্তানী সন্ত্ৰাসবাদীয়ে মুখ্যমন্ত্ৰী মানক শাস্তি দিয়াৰ কথা ক’লে। ইয়াৰ পূৰ্বেও বহুবাৰ  ভাবুকি দিছিল পান্নুৱে। পঞ্জাব-হাৰিয়ানাৰ বহু অঞ্চলত খালিস্তানী শ্লোগান লিখাৰ ক্ষেত্ৰতো পান্নুৰ অৰিহণা আছে। ইয়াৰ পূৰ্বে পান্নুৱে ১৩ ডিচেম্বৰত সংসদত আক্ৰমণ কৰাৰ ভাবুকি দিছিল।উল্লেখ্য যে পান্নু মূলতঃ পঞ্জাবৰ অমৃতসৰ খানকোটৰ বাসিন্দা। বৰ্তমান তেওঁ আমেৰিকা আৰু কানাডাৰ বাসিন্দা। তেওঁ প্ৰায়ে খালিস্তানৰ দাবীৰ নামত ভিডিঅ’ মুকলি কৰি পঞ্জাবত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু