--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশৰ আটাইতকৈ দীৰ্ঘতম সামুদ্ৰিক সেতু ‘মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক (এমটিএইচএল)’ উদ্বোধন কৰে। অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত সাগৰীয় দলংখনে দক্ষিণ মুম্বাইক নৱী মুম্বাইৰ সৈতে সংযোগ কৰিছে আৰু এই সেতুখনে বৰ্তমানৰ দুঘণ্টাৰ যাত্ৰা ১৫-২০ মিনিটলৈ হ্ৰাস কৰিব।

২১.৮ কিলোমিটাৰ দৈৰ্ঘৰ দলংখন ১৭,৮৪০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। দলংখনৰ আধাৰশিলা ২০১৬ৰ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে স্থাপন কৰিছিল আৰু ইয়াৰ নিৰ্মাণ বিগত সাত বছৰত কৰা সম্পূৰ্ণ হৈছিল।

এই দলংখনে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দুয়োটালৈ সংযোগ বৃদ্ধি কৰিব, যাৰ ফলত মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতলৈ যাত্ৰাৰ সময় হ্ৰাস পাব। ইয়াৰ উপৰি সেতুখনে মুম্বাই বন্দৰ আৰু জৱাহৰলাল নেহৰু বন্দৰৰ মাজত যোগাযোগ উন্নত কৰিব।

ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলংখনৰ বিষয়ে—

এম.টি.এইচ.এল. হ’ব ছয় লেনৰ সাগৰীয় সংযোগ, যাৰ প্ৰসাৰ সাগৰত ১৬.৫০ কিলোমিটাৰ আৰু ভূমিত ৫.৫০ কিলোমিটাৰ। সাগৰীয় দলঙত মটৰ চাইকেল, অটোৰিক্সা আৰু ট্ৰেক্টৰৰ অনুমতি দিয়া নহ'ব৷ আনহাতে চাৰিচকীয়া বাহনবোৰে প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ গতিবেগ বজাই ৰাখিব লাগিব।

দলংখনৰ আৰোহণ আৰু অৱৰোহণৰ ক্ষেত্ৰত গতিৰ সীমা প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে। ৪ জানুৱাৰীত, মহাৰাষ্ট্ৰ চৰকাৰে এমটিএইচএল ব্যৱহাৰ কৰা গাড়ীৰ বাবে প্ৰতিটো ভ্ৰমণত ২৫০ টকাৰ একমুখী টোল আদায় কৰাৰ প্ৰস্তাৱ দাখিল লৈছিল।

সাগৰীয় দলং ব্যৱহাৰ কৰি ওভতনি যাত্ৰা কৰা গাড়ীবোৰৰ বাবে ৩৭৫ টকাৰ টোল আদায় কৰা হ'ব। মাহিলি আৰু দৈনিক পাছ ক্ৰমান্বয়ে ৬২৫ টকা আৰু ১২,৫০০ টকাত উপলব্ধ হ'ব।

দলংখনত স্বয়ংক্ৰিয় টোল সংগ্ৰহ আৰু স্মাৰ্ট পৰিবহণ প্ৰণালীৰ দৰে উন্নত সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে৷ অকল ইমানেই নহয় স্থানীয় বন্যপ্ৰাণী আৰু সংবেদনশীল অঞ্চলৰ সুৰক্ষাৰ বাবে শব্দ আৰু দৃষ্টি প্ৰতিবন্ধকতাও আছে এই সেতুখনত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক