--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কালি পঞ্জাবত প্রধানমন্ত্রী মোদীয়ে প্ৰতিশ্ৰুতিৰ বন্যা লৈ এক কাৰ্যসূচীত যোৱাৰ সময়তে প্ৰতিবাদী কৃষকে অৱৰোধ কৰিলে মোদীৰ কনভয়। প্ৰায় ২০ মিনিটতকৈয়ো অধিক সময় ৰাস্তাত আবদ্ধ হৈ থাকিল মোদীৰ কনভয়। এই বিষয়ক কেন্দ্র কৰি বিজেপিৰ কেন্দ্রীয় শীর্ষ নেতৃত্বই গৰিহণা দিছে পঞ্জাব চৰকাৰ তথা মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নীক।

সমগ্র বিষয়টোৰ ওপৰত উচ্চপৰ্যায়ৰ তদন্তৰ দাবী তুলিলে। নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টিক গৰিহণা দি কয় যে কংগ্ৰেছে কেৱল ৰাজনীতিহে কৰে কিন্তু উন্নয়ন নিবিচাৰে। বলীউডৰ মোহময়ী অভিনেত্রী কংগনা ৰানাৱটেও বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে “প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত ত্ৰুটী পঞ্জাব এতিয়া দেশ বিৰোধীৰ ঘাটি।”
এই সমগ্র বিতৰ্কৰ ওপৰত পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণ জিৎ সিং চান্নীয়ে মোদী চৰকাৰক প্ৰত্যাক্ৰমণ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে যে “মোদীৰ নিৰাপত্তাত আমি কোনো ভুল কৰা নাই। মোদী কেৱল বিজেপিৰে প্ৰধানমন্ত্ৰী নহয় সমগ্র দেশৰে প্ৰধানমন্ত্ৰী। পঞ্জাবৰ কাৰ্যসূচীত ৭০ হাজাৰ লোকৰ বাবে আসনৰ ব্যৱস্থা কৰিছিল বিজেপিয়ে কিন্তু ৭০০ মানুহো উপস্থিত হোৱা নাছিল বাবেহে মোদীয়ে এই কাৰ্যসূচী বাতিল কৰিছে বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী চৰণ জিৎ সিং চান্নীয়ে। লগতে কয় যে, পঞ্জাবৰ কংগ্রেছ বৰ্তমান দুটা ভাগত বিভক্ত, তাৰে এটা ভাগে কংগ্রেছৰ ভাবমূর্তি দেশবাসীৰ ওচৰত ম্লান কৰিবলৈ এনে কাৰ্য কৰিছে।

ইফালে পঞ্জাবৰ বিজেপিয়ে এই সমগ্র ঘটনা সন্দৰ্ভত আজি পঞ্জাবৰ ৰাজ্যপালক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী উৎত্থাপন


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ