--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কালি পঞ্জাবত প্রধানমন্ত্রী মোদীয়ে প্ৰতিশ্ৰুতিৰ বন্যা লৈ এক কাৰ্যসূচীত যোৱাৰ সময়তে প্ৰতিবাদী কৃষকে অৱৰোধ কৰিলে মোদীৰ কনভয়। প্ৰায় ২০ মিনিটতকৈয়ো অধিক সময় ৰাস্তাত আবদ্ধ হৈ থাকিল মোদীৰ কনভয়। এই বিষয়ক কেন্দ্র কৰি বিজেপিৰ কেন্দ্রীয় শীর্ষ নেতৃত্বই গৰিহণা দিছে পঞ্জাব চৰকাৰ তথা মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নীক।

সমগ্র বিষয়টোৰ ওপৰত উচ্চপৰ্যায়ৰ তদন্তৰ দাবী তুলিলে। নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টিক গৰিহণা দি কয় যে কংগ্ৰেছে কেৱল ৰাজনীতিহে কৰে কিন্তু উন্নয়ন নিবিচাৰে। বলীউডৰ মোহময়ী অভিনেত্রী কংগনা ৰানাৱটেও বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে “প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত ত্ৰুটী পঞ্জাব এতিয়া দেশ বিৰোধীৰ ঘাটি।”
এই সমগ্র বিতৰ্কৰ ওপৰত পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণ জিৎ সিং চান্নীয়ে মোদী চৰকাৰক প্ৰত্যাক্ৰমণ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে যে “মোদীৰ নিৰাপত্তাত আমি কোনো ভুল কৰা নাই। মোদী কেৱল বিজেপিৰে প্ৰধানমন্ত্ৰী নহয় সমগ্র দেশৰে প্ৰধানমন্ত্ৰী। পঞ্জাবৰ কাৰ্যসূচীত ৭০ হাজাৰ লোকৰ বাবে আসনৰ ব্যৱস্থা কৰিছিল বিজেপিয়ে কিন্তু ৭০০ মানুহো উপস্থিত হোৱা নাছিল বাবেহে মোদীয়ে এই কাৰ্যসূচী বাতিল কৰিছে বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী চৰণ জিৎ সিং চান্নীয়ে। লগতে কয় যে, পঞ্জাবৰ কংগ্রেছ বৰ্তমান দুটা ভাগত বিভক্ত, তাৰে এটা ভাগে কংগ্রেছৰ ভাবমূর্তি দেশবাসীৰ ওচৰত ম্লান কৰিবলৈ এনে কাৰ্য কৰিছে।

ইফালে পঞ্জাবৰ বিজেপিয়ে এই সমগ্র ঘটনা সন্দৰ্ভত আজি পঞ্জাবৰ ৰাজ্যপালক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী উৎত্থাপন


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ