--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক ভয়ংকৰ বিস্ফোৰণে কঁপালে চীনৰ চংকিং চহৰ৷ কেন্টিনত সংঘটিত হোৱা এক বিস্ফোৰণত নিহত হয় হয় কেইবাজনো লোক৷ ছিনহুয়া সংবাদ সংস্থাই জনোৱা অনুসৰি দক্ষিণ-পশ্চিম চীনৰ চংকিং চহৰত পৌৰ নিগমৰ কেণ্টিনত গেছ বিস্ফোৰণৰ ফলত কমেও ১৬জন লোকৰ মৃত্যু হয়।


শুকুৰবাৰে চহৰখনৰ ৱুলং জিলাত এই বিস্ফোৰণ সংঘটিত হয়৷ বিস্ফোৰণৰ ফলত কেফেটেৰিয়াখন খহি পৰে। এই ঘটনাত আন দহজন লোকো আহত হৈছে। চংকিং মহানগৰ চৰকাৰে দিয়া বিবৃতি অনুসৰি গেছ লিক হোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। প্ৰথমতে ২০ জনৰো অধিক লোক ধ্বংসস্তূপত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছিল। অৱশ্যে, বিস্ফোৰণৰ সময়ত তাত থকা আনসকল লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।


আনহাতে, এই বিস্ফোৰণত আহতসকলৰ এজন চিকিৎসালয়ত সংকটজনক অৱস্থা আছে। জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰালয়ে ঘটনাস্থলীলৈ ৬০০ ৰো অধিক লোকৰ এটা দল প্ৰেৰণ কৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ