--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক ভয়ংকৰ বিস্ফোৰণে কঁপালে চীনৰ চংকিং চহৰ৷ কেন্টিনত সংঘটিত হোৱা এক বিস্ফোৰণত নিহত হয় হয় কেইবাজনো লোক৷ ছিনহুয়া সংবাদ সংস্থাই জনোৱা অনুসৰি দক্ষিণ-পশ্চিম চীনৰ চংকিং চহৰত পৌৰ নিগমৰ কেণ্টিনত গেছ বিস্ফোৰণৰ ফলত কমেও ১৬জন লোকৰ মৃত্যু হয়।


শুকুৰবাৰে চহৰখনৰ ৱুলং জিলাত এই বিস্ফোৰণ সংঘটিত হয়৷ বিস্ফোৰণৰ ফলত কেফেটেৰিয়াখন খহি পৰে। এই ঘটনাত আন দহজন লোকো আহত হৈছে। চংকিং মহানগৰ চৰকাৰে দিয়া বিবৃতি অনুসৰি গেছ লিক হোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। প্ৰথমতে ২০ জনৰো অধিক লোক ধ্বংসস্তূপত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছিল। অৱশ্যে, বিস্ফোৰণৰ সময়ত তাত থকা আনসকল লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।


আনহাতে, এই বিস্ফোৰণত আহতসকলৰ এজন চিকিৎসালয়ত সংকটজনক অৱস্থা আছে। জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰালয়ে ঘটনাস্থলীলৈ ৬০০ ৰো অধিক লোকৰ এটা দল প্ৰেৰণ কৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু