--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ সন্মুখীন হৈছে। আজাদি কা অমৃত মহোৎসৱ উপলক্ষে প্ৰণয়ন কৰা সকলো লক্ষ্য কিমান পৰিমাণে পূৰণ হৈছে তাক লৈ বিৰোধী নেতাসকলে প্ৰশ্ন উত্থাপন কৰিছে। বিজেপি নেতা তথা নৰেন্দ্ৰ মোদীৰ সমালোচক হিচাপে পৰিচিত সুব্ৰমণিয়ম স্বামীয়েও তেওঁলোকৰ লগত যোগ দিলে।সুব্ৰমণিয়ম স্বামীয়ে "আজাদি কা অমৃতা মহোৎসৱ"ৰ লক্ষ্য সম্পৰ্কে টুইট কৰি কয়, "২০১৭ চনত মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত প্ৰতিশ্ৰুতি দিছিল, ২০২২ চনৰ ১৫ আগষ্টৰ ভিতৰত প্ৰতি বছৰে ২ কোটি চাকৰি, সকলোৰে বাবে গৃহ নিৰ্মাণ, কৃষকৰ দুগুণ আয়, বুলেট ট্ৰেইন, কিন্তু পৰিণাম কি হ'ল? 

তৃণমূলৰ এটা টুইটত প্ৰশ্ন উত্থাপন হৈছে যে স্বাধীনতাৰ ৭৫ বছৰত মোদী চৰকাৰে কিমানখিনি সাধন কৰিবলৈ সক্ষম হৈছে। তৃণমূল ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰেইনে ২০১৬ চনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ এটা ভিডিঅ’ টুইট কৰিছিল। তেওঁ লিখিছে, "প্ৰধানমন্ত্ৰী মোদী এই ভিডিঅ'টো বাস্তৱিক, আপোনাৰ প্ৰতিশ্ৰুতি ভুৱা। ২০১৬ চনত আপুনি ২০২২ চনৰ স্বাধীনতা দিৱসৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ২০২২ চনৰ ভিতৰত আয় দুগুণ কৰিবলৈ কৃষকসকলে প্ৰতি বছৰে তেওঁলোকৰ আয় ১০ শতাংশ বৃদ্ধি কৰাৰ প্ৰয়োজন আছিল।" ২০১৫ চনত বৃদ্ধিৰ হাৰ মাত্ৰ ৩ শতাংশ।” প্ৰসংগক্ৰমে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত "আজাদি কা অমৃত মহোৎসৱ"ৰ সময়ত দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

৭৫ বছৰৰ স্বাধীনতাৰ বাবে ঘোষণা কৰা হৈছিল বিশেষ লক্ষ্য। ২০১৫ চনৰ বাজেট ভাষণত তদানীন্তন কেন্দ্রীয় বিত্তমন্ত্রী প্রয়াত অৰুণ জেটলীয়ে ঘোষণা কৰিছিল যে ২০২২ চনলৈ দেশৰ প্রতিজন নাগৰিকে পকী ঘৰ, খোৱাপানী যোগান, আৰু চহৰ অঞ্চলত ২ কোটি ঘৰ আৰু গ্রাম্য অঞ্চলত ৪ কোটি ঘৰ , ২৪ ঘণ্টীয়া বিদ্যুৎ সেৱা, শৌচাগাৰ, প্ৰতিটো ঘৰলৈ পথ সংযোগৰ কথা ঘোষণা কৰিছিল।

তেওঁ উল্লেখ কৰিছিল যে‌ ২০২২ চনৰ ভিতৰত জনসাধাৰণৰ সকলো মৌলিক প্ৰয়োজন পূৰণ কৰা হ’ব। লগতে গ্ৰামোন্নয়ন, মহিলা সুৰক্ষা, আন্তঃগাঁথনিলৈকে বহুতো ঘোষণা কৰে। সেৱা বাজেটত ১ লাখ কিলোমিটাৰ পথ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল বিত্তমন্ত্ৰী গৰাকীয়ে । গড়কাপ্তানি খণ্ডৰ বাবে জেটলীৰ আবণ্টন আছিল ১৪ হাজাৰ ৩১ কোটি টকা। ২০১৫ চনৰ অমৃত মহোৎসৱৰ আৰম্ভণি বাজেটত কৃষি সম্পৰ্কীয় বহু ঘোষণা কৰা হৈছিল। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনা আঁচনিৰ অধীনত জলসিঞ্চনৰ বাবে আবণ্টন দিয়া হৈছিল ৩০০০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য