--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ সন্মুখীন হৈছে। আজাদি কা অমৃত মহোৎসৱ উপলক্ষে প্ৰণয়ন কৰা সকলো লক্ষ্য কিমান পৰিমাণে পূৰণ হৈছে তাক লৈ বিৰোধী নেতাসকলে প্ৰশ্ন উত্থাপন কৰিছে। বিজেপি নেতা তথা নৰেন্দ্ৰ মোদীৰ সমালোচক হিচাপে পৰিচিত সুব্ৰমণিয়ম স্বামীয়েও তেওঁলোকৰ লগত যোগ দিলে।সুব্ৰমণিয়ম স্বামীয়ে "আজাদি কা অমৃতা মহোৎসৱ"ৰ লক্ষ্য সম্পৰ্কে টুইট কৰি কয়, "২০১৭ চনত মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত প্ৰতিশ্ৰুতি দিছিল, ২০২২ চনৰ ১৫ আগষ্টৰ ভিতৰত প্ৰতি বছৰে ২ কোটি চাকৰি, সকলোৰে বাবে গৃহ নিৰ্মাণ, কৃষকৰ দুগুণ আয়, বুলেট ট্ৰেইন, কিন্তু পৰিণাম কি হ'ল? 

তৃণমূলৰ এটা টুইটত প্ৰশ্ন উত্থাপন হৈছে যে স্বাধীনতাৰ ৭৫ বছৰত মোদী চৰকাৰে কিমানখিনি সাধন কৰিবলৈ সক্ষম হৈছে। তৃণমূল ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰেইনে ২০১৬ চনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ এটা ভিডিঅ’ টুইট কৰিছিল। তেওঁ লিখিছে, "প্ৰধানমন্ত্ৰী মোদী এই ভিডিঅ'টো বাস্তৱিক, আপোনাৰ প্ৰতিশ্ৰুতি ভুৱা। ২০১৬ চনত আপুনি ২০২২ চনৰ স্বাধীনতা দিৱসৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ২০২২ চনৰ ভিতৰত আয় দুগুণ কৰিবলৈ কৃষকসকলে প্ৰতি বছৰে তেওঁলোকৰ আয় ১০ শতাংশ বৃদ্ধি কৰাৰ প্ৰয়োজন আছিল।" ২০১৫ চনত বৃদ্ধিৰ হাৰ মাত্ৰ ৩ শতাংশ।” প্ৰসংগক্ৰমে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত "আজাদি কা অমৃত মহোৎসৱ"ৰ সময়ত দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

৭৫ বছৰৰ স্বাধীনতাৰ বাবে ঘোষণা কৰা হৈছিল বিশেষ লক্ষ্য। ২০১৫ চনৰ বাজেট ভাষণত তদানীন্তন কেন্দ্রীয় বিত্তমন্ত্রী প্রয়াত অৰুণ জেটলীয়ে ঘোষণা কৰিছিল যে ২০২২ চনলৈ দেশৰ প্রতিজন নাগৰিকে পকী ঘৰ, খোৱাপানী যোগান, আৰু চহৰ অঞ্চলত ২ কোটি ঘৰ আৰু গ্রাম্য অঞ্চলত ৪ কোটি ঘৰ , ২৪ ঘণ্টীয়া বিদ্যুৎ সেৱা, শৌচাগাৰ, প্ৰতিটো ঘৰলৈ পথ সংযোগৰ কথা ঘোষণা কৰিছিল।

তেওঁ উল্লেখ কৰিছিল যে‌ ২০২২ চনৰ ভিতৰত জনসাধাৰণৰ সকলো মৌলিক প্ৰয়োজন পূৰণ কৰা হ’ব। লগতে গ্ৰামোন্নয়ন, মহিলা সুৰক্ষা, আন্তঃগাঁথনিলৈকে বহুতো ঘোষণা কৰে। সেৱা বাজেটত ১ লাখ কিলোমিটাৰ পথ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল বিত্তমন্ত্ৰী গৰাকীয়ে । গড়কাপ্তানি খণ্ডৰ বাবে জেটলীৰ আবণ্টন আছিল ১৪ হাজাৰ ৩১ কোটি টকা। ২০১৫ চনৰ অমৃত মহোৎসৱৰ আৰম্ভণি বাজেটত কৃষি সম্পৰ্কীয় বহু ঘোষণা কৰা হৈছিল। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনা আঁচনিৰ অধীনত জলসিঞ্চনৰ বাবে আবণ্টন দিয়া হৈছিল ৩০০০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ