--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাস্তুশাস্ত্ৰই আমাক সুন্দৰ জীৱন যাপনৰ নানান উপায় দিছে৷ প্রদূষণৰ  ফলত এতিয়া বহু ঠাইত বতাহ, পানী আদি বিষাক্ত হৈ পৰিছে। যাৰ ফলত ইয়াৰ প্ৰভাৱ মানুহৰ প্ৰত্যক্ষভাৱে পৰিছে। প্ৰদূষণৰ বাবেই মানুহে এতিয়া অত্যধিক হাৰত কৰ্কট, হাওঁফাওঁৰ ৰোগ, ছালৰ ৰোগ আদিত আক্রান্ত হ'বলৈ ধৰিছে। প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে কল কাৰখানাসমূহ। 

কল-কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদার্থ, ধোঁৱা আদিয়ে পৰিবেশ প্ৰদূষিত কৰি তোলে। কিন্তু উন্নয়নৰ বাবে কল-কাৰখানা লাগিবই। সেইবাবে কল-কাৰখানাৰ সৈতে মানুহে এতিয়া সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। কল-কাৰখানাৰ প্ৰদুষণে যাতে মানুহৰ বিশেষ ক্ষতিসাধন কৰিব নোৱাৰে সেই উদ্দেশ্যে বাস্তু শাস্ত্ৰত কেতবোৰ বিধান দিয়া হৈছে। 

এই বিধানসমূহ মানি চলিলে প্ৰদূষণৰ পৰা কিছু পৰিমাণে হ'লে মুক্ত হৈ থাকিব পৰা যাব। ঘৰৰ কাষত যদি কোনো কল-কাৰখানা থাকে তেন্তে তলৰ বিধানসমূহ মানি চলিব পাৰে।

ঘৰৰ ওচৰত এটা ডাঙৰ বেলুন আঁৰি থৈ দিয়ক। ঘৰৰ সন্মুখত কিছু দূৰলৈ নিশাৰ ভাগত যাতে প্ৰচুৰ পোহৰ সৃষ্টি হয় তাৰ বাবে বিজুলীবাতি লগাওক। সেই বিজুলী বাতিৰ পোহৰত যাতে আপোনাৰ ঘৰখন আলোকিত হৈ থাকে সেই কথালৈ মন কৰক।

ঘৰৰ সন্মুখত ওখ গছ ৰোপণ কৰক।

ঘৰৰ চৌপাশে বাস্তুৰ বিধি অনুসৰি প্ৰচুৰ পৰিমাণে নিম গছ ৰোপণ কৰক। নিম গছে পৰিৱেশৰ প্ৰদূষিত পদার্থ শোষণ কৰি লয় আৰু বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে অক্সিজেন এৰি দিয়ে ।

ঘৰৰ ওচৰে পাজৰে গছ ৰোপণৰ ক্ষেত্ৰত সদায় বাস্তু বিধি মানি চলিব লাগিব । কেতিয়াও পূব আৰু উত্তৰ অংশত ওখ গছ ৰুব নালাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement