--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাস্তুশাস্ত্ৰই আমাক সুন্দৰ জীৱন যাপনৰ নানান উপায় দিছে৷ প্রদূষণৰ  ফলত এতিয়া বহু ঠাইত বতাহ, পানী আদি বিষাক্ত হৈ পৰিছে। যাৰ ফলত ইয়াৰ প্ৰভাৱ মানুহৰ প্ৰত্যক্ষভাৱে পৰিছে। প্ৰদূষণৰ বাবেই মানুহে এতিয়া অত্যধিক হাৰত কৰ্কট, হাওঁফাওঁৰ ৰোগ, ছালৰ ৰোগ আদিত আক্রান্ত হ'বলৈ ধৰিছে। প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে কল কাৰখানাসমূহ। 

কল-কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদার্থ, ধোঁৱা আদিয়ে পৰিবেশ প্ৰদূষিত কৰি তোলে। কিন্তু উন্নয়নৰ বাবে কল-কাৰখানা লাগিবই। সেইবাবে কল-কাৰখানাৰ সৈতে মানুহে এতিয়া সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। কল-কাৰখানাৰ প্ৰদুষণে যাতে মানুহৰ বিশেষ ক্ষতিসাধন কৰিব নোৱাৰে সেই উদ্দেশ্যে বাস্তু শাস্ত্ৰত কেতবোৰ বিধান দিয়া হৈছে। 

এই বিধানসমূহ মানি চলিলে প্ৰদূষণৰ পৰা কিছু পৰিমাণে হ'লে মুক্ত হৈ থাকিব পৰা যাব। ঘৰৰ কাষত যদি কোনো কল-কাৰখানা থাকে তেন্তে তলৰ বিধানসমূহ মানি চলিব পাৰে।

ঘৰৰ ওচৰত এটা ডাঙৰ বেলুন আঁৰি থৈ দিয়ক। ঘৰৰ সন্মুখত কিছু দূৰলৈ নিশাৰ ভাগত যাতে প্ৰচুৰ পোহৰ সৃষ্টি হয় তাৰ বাবে বিজুলীবাতি লগাওক। সেই বিজুলী বাতিৰ পোহৰত যাতে আপোনাৰ ঘৰখন আলোকিত হৈ থাকে সেই কথালৈ মন কৰক।

ঘৰৰ সন্মুখত ওখ গছ ৰোপণ কৰক।

ঘৰৰ চৌপাশে বাস্তুৰ বিধি অনুসৰি প্ৰচুৰ পৰিমাণে নিম গছ ৰোপণ কৰক। নিম গছে পৰিৱেশৰ প্ৰদূষিত পদার্থ শোষণ কৰি লয় আৰু বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে অক্সিজেন এৰি দিয়ে ।

ঘৰৰ ওচৰে পাজৰে গছ ৰোপণৰ ক্ষেত্ৰত সদায় বাস্তু বিধি মানি চলিব লাগিব । কেতিয়াও পূব আৰু উত্তৰ অংশত ওখ গছ ৰুব নালাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু