--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰীতি জিণ্টাৰ প্ৰকৃত নামক লৈ চলিছে নতুন চৰ্চা৷ প্ৰীতি জিণ্টা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম নহয় নেকি? অভিনয়ৰ বাবেহে প্ৰীতি জিণ্টা নামটো ব্যৱহাৰ কৰি আহিছে নেকি অভিনেত্ৰীগৰাকীয়ে?

কিন্তু, কথাটোৰ সত্যাসত্য কিমান? প্ৰকৃততে প্ৰীতিৰ নাম প্ৰীতম সিং জিণ্টা নেকি? এই সন্দৰ্ভত মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে৷ 

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰকৃত নামৰ সন্দৰ্ভত এটা অতি ধেমেলীয়া স্পষ্টীকৰণ জাৰি কৰিছে ইনষ্টাগ্ৰাম হেণ্ডেলত। ইনষ্টাগ্ৰামত মুকলি কৰা এটা ভিডিঅ’ ক্লিপত প্ৰীতিয়ে কয়, মই ইয়ালৈ আহিছোঁ কাৰণ বহুলোকে মোক সুধি থাকে যে প্ৰীতি জিণ্টা মোৰ প্ৰকৃত নাম নে এইটো প্ৰীতম সিং জিণ্টা? গতিকে মই কেৱল এইটো স্পষ্ট কৰিব বিচাৰো যে প্ৰীতম সিং জিণ্টা কেতিয়াও মোৰ নাম নাছিল। মই নাজানো এইটো নাম গুগলত কেনেকৈ উপলব্ধ  হৈছে। মোৰ প্ৰকৃত নাম সদায় প্ৰীতি জিণ্টা।

ভিডিঅ’টোৰ সৈতে প্ৰীতি জিণ্টাই লিখিছিল, বিগত বছৰবোৰত মই বিভিন্ন সংবাদ মাধ্যমৰ প্ৰবন্ধত ধাৰাবাহিকভাৱে পঢ়ি আহিছোঁ যে মই মোৰ নাম প্ৰীতম সিং জিণ্টাৰ পৰা প্ৰীতি জিণ্টালৈ সলনি কৰিছোঁ৷ কিন্তু এয়া সঁচা নহয়৷ প্ৰীতম সিং কেতিয়াও মোৰ নাম নাছিল। এয়া সদায় প্ৰীতি। আশা কৰোঁ এতিয়াৰ পৰা সকলো অস্পষ্টতা চিৰকালৰ বাবে স্পষ্ট হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক