--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেলেষ্টাইনৰ সমৰ্থনত সমদল উলিয়াই বিপদত এখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী৷ চলি থকা ইজৰাইল-হামাছ যুদ্ধৰ মাজতে পেলেষ্টাইনৰ সমৰ্থনত সমদল উলিওৱাৰ অভিযোগত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চাৰিজন ছাত্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।নাম উল্লেখ কৰা চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উপৰিও কেইবাজনো অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীসকলে পেলেষ্টাইনৰ সমৰ্থনত শ্লোগান দিয়া এই পদযাত্ৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এফ আই আৰত নাম উল্লেখ কৰা ছাত্র-ছাত্রীসকল হ’ল খালিদ, কামৰাণ, নৱেদ চৌধুৰী, আৰু আতিফ৷

এফ আই আৰত উল্লেখ কৰা হৈছে যে অনুমতি অবিহনে এই পদযাত্ৰা উলিওৱা হৈছিল। আলিগড়ৰ আৰক্ষী অধীক্ষক মৃগাংক পাঠকে ইণ্ডিয়া টুডেক জনোৱা মতে, পূৰ্বৰ অনুমতি অবিহনে আন্তঃৰাষ্ট্ৰীয় বিষয় এটাক লৈ এ এম ইউ কেম্পাছৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ খবৰ লাভ কৰিছে।

ভাৰতীয় দণ্ডবিধিৰ ১৫৫ এ, ১৮৮ আৰু ৫০৫ ধাৰাত বিভিন্ন সম্প্ৰদায়ৰ মাজত ঘৃণা আৰু শত্ৰুতাৰ বাবে এই এফআইআৰ দাখিল কৰা হৈছে।লগতে এই পদযাত্ৰাত জড়িত ছাত্ৰ-ছাত্ৰী আৰু আইন অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি এ এম ইউ প্ৰশাসনে জানিবলৈ দিয়ে।

৭ অক্টোবৰ শনিবাৰে হামাছ সন্ত্ৰাসবাদী সংগঠনে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাইছিল, য’ত ইজৰাইলৰ চহৰসমূহত অভূতপূৰ্ব অনুপ্ৰৱেশ আৰু নাগৰিকক গুলীয়াই হত্যা কৰা হৈছিল। ছ’চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ত ইজৰাইলত হামাছৰ সন্ত্ৰাসবাদীয়ে মানুহক হত্যা কৰা দেখা গৈছে৷

হামাছৰ সন্ত্ৰাসবাদীয়ে বিদেশী নাগৰিককে ধৰি কেইবাজনো পণবন্দীও লৈছে। ইফালে ইজৰাইলে প্রতিশোধৰ স্বার্থত ‘অপাৰেচন আইৰন ছোৰ্ড’ আৰম্ভ কৰিছে৷ চলি থকা যুদ্ধৰ মাজতে ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশতে এতিয়ালৈকে ১১০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু