--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেলেষ্টাইনৰ সমৰ্থনত সমদল উলিয়াই বিপদত এখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী৷ চলি থকা ইজৰাইল-হামাছ যুদ্ধৰ মাজতে পেলেষ্টাইনৰ সমৰ্থনত সমদল উলিওৱাৰ অভিযোগত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চাৰিজন ছাত্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।নাম উল্লেখ কৰা চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উপৰিও কেইবাজনো অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীসকলে পেলেষ্টাইনৰ সমৰ্থনত শ্লোগান দিয়া এই পদযাত্ৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এফ আই আৰত নাম উল্লেখ কৰা ছাত্র-ছাত্রীসকল হ’ল খালিদ, কামৰাণ, নৱেদ চৌধুৰী, আৰু আতিফ৷

এফ আই আৰত উল্লেখ কৰা হৈছে যে অনুমতি অবিহনে এই পদযাত্ৰা উলিওৱা হৈছিল। আলিগড়ৰ আৰক্ষী অধীক্ষক মৃগাংক পাঠকে ইণ্ডিয়া টুডেক জনোৱা মতে, পূৰ্বৰ অনুমতি অবিহনে আন্তঃৰাষ্ট্ৰীয় বিষয় এটাক লৈ এ এম ইউ কেম্পাছৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ খবৰ লাভ কৰিছে।

ভাৰতীয় দণ্ডবিধিৰ ১৫৫ এ, ১৮৮ আৰু ৫০৫ ধাৰাত বিভিন্ন সম্প্ৰদায়ৰ মাজত ঘৃণা আৰু শত্ৰুতাৰ বাবে এই এফআইআৰ দাখিল কৰা হৈছে।লগতে এই পদযাত্ৰাত জড়িত ছাত্ৰ-ছাত্ৰী আৰু আইন অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি এ এম ইউ প্ৰশাসনে জানিবলৈ দিয়ে।

৭ অক্টোবৰ শনিবাৰে হামাছ সন্ত্ৰাসবাদী সংগঠনে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাইছিল, য’ত ইজৰাইলৰ চহৰসমূহত অভূতপূৰ্ব অনুপ্ৰৱেশ আৰু নাগৰিকক গুলীয়াই হত্যা কৰা হৈছিল। ছ’চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ত ইজৰাইলত হামাছৰ সন্ত্ৰাসবাদীয়ে মানুহক হত্যা কৰা দেখা গৈছে৷

হামাছৰ সন্ত্ৰাসবাদীয়ে বিদেশী নাগৰিককে ধৰি কেইবাজনো পণবন্দীও লৈছে। ইফালে ইজৰাইলে প্রতিশোধৰ স্বার্থত ‘অপাৰেচন আইৰন ছোৰ্ড’ আৰম্ভ কৰিছে৷ চলি থকা যুদ্ধৰ মাজতে ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশতে এতিয়ালৈকে ১১০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ