--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ   নিৰ্বাচন আয়োগে  পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। উক্ত ৰাজ্য কেইখনত ভোটদান প্ৰক্ৰিয়া ৭ নৱেম্বৰত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে  কংগ্ৰেছে দলটোৰ ৰণনীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। কংগ্ৰেছৰ বৈঠকতে জাতিগত লোকপিয়লৰ বিষয়ত  এক সৰ্বসন্মত সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পিছতে কংগ্ৰেছ শাসিত চাৰিখন ৰাজ্যত শীঘ্ৰেই জাতিগত লোকপিয়ল হ'ব কৰা হ’ব বুলি ঘোষণা কৰে  ৰাহুল গান্ধীয়ে ।ৰাহুলে কয় "দেশখনে এটা জাতিগত লোকপিয়ল বিচাৰে। যদি বিজেপিয়ে নিবিচাৰে, তেন্তে তেওঁলোক আঁতৰি যাওঁক। "

চাৰি ঘণ্টাজোৰা বৈঠকখনত  সৰ্বসন্মতিক্ৰমে জাতিগত লোকপিয়লৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ আগতে জাতিগত লোকপিয়লৰ বিষয়টোত বিজেপিক হেঁচা দিয়াৰ উদ্দেশ্যেই কংগ্ৰেছে আজি দলটোৱে শাসন কৰি থকা ৰাজ্য চাৰি খনত জাতিগত লোকপিয়ল কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত 
এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, "ইণ্ডিয়া মিত্ৰজোঁটৰ বেছিভাগ দলে জাতিগত লোকপিয়ল বিচাৰে। অৱশ্যে, মিত্ৰজোঁটৰ সকলো দলৰ সৈতে বিষয়টো আলোচনা কৰা হৈছে। " তেওঁ লগতে কয় "এয়া ধৰ্মৰ বিষয় নহয়। দৰিদ্ৰতাৰ বিষয়। এখন দেশৰ ভিতৰত দুখন দেশ আছে। এখন আদানিৰ, আনখন  বাকীবোৰৰ । এটা জাতিগত লোকপিয়লে দেশৰ ছবি পৰিষ্কাৰ কৰিব। "

ৰাহুলে লগতে কয় "তাৰ পিছত, এক অৰ্থনৈতিক সমীক্ষা হ'ব। কাৰ কিমান সম্পদ আছে আৰু কোন নিঃস্ব সেয়া পৰীক্ষা কৰি নতুন নীতিপ্ৰস্তুত কৰা হ'ব।’’ কংগ্ৰেছ নেতাজনে অভিযোগ কৰে  যে প্ৰধানমন্ত্ৰীয়ে দেশৰ পিছপৰা সম্প্ৰদায়ৰ উন্নয়ন নিবিচাৰে। কংগ্ৰেছে সোমবাৰৰ বৈঠকত সাত দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰে।  দলটোৱে  প্ৰতিশ্ৰুতি দিছিল যে যদি কেন্দ্ৰত কংগ্ৰেছ ক্ষমতালৈ আহে, তেন্তে দেশজুৰি জাতিগত লোকপিয়ল হ'ব। কংগ্ৰেছৰ প্ৰস্তাৱত  মহিলা সংৰক্ষণ বিধেয়কত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি তথা  মণিপুৰৰ বাবে সংৰক্ষণৰ কথাও অন্তৰ্ভুক্ত হৈছে।  

কংগ্ৰেছে আজি বৈঠকত  সাংবাদিক আৰু লেখকসকলৰ বিৰুদ্ধে  মোদী চৰকাৰৰ আক্ৰমণকো গৰিহণা দিয়ে । দলটোৱে সন্ত্ৰাসবাদ বিৰোধী আইনৰ "অপব্যৱহাৰ"কো গৰিহণা দিয়ে। কংগ্ৰেছে কয় যে সংবাদমাধ্যমত  চীনা বিনিয়োগৰ বিষয়ত আপত্তি হাস্যকৰ, য'ত চীনা চৰকাৰী কোম্পানীবোৰে ভাৰতত বিনিয়োগ কৰি আছে আৰু চীনা কোম্পানীবোৰে পিএমকেয়াৰলৈ দান দিছে তাত সংবাদমাধ্যমক কিয় লক্ষ্য কৰি লোৱা হৈছে? বৈঠকত ইজৰাইল-হামাছৰ মাজত লগা  যুদ্ধত কমেও ১,০০০ লোকৰ মৃত্যুত শোক প্ৰকাশ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ