--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজখনক জনআন্দোলন হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  সদায় পৰ্চেষ্টা অব্যাহত ৰাখিছে৷ তেওঁক ২০১৯ চনত মহাবলিপুৰমৰ  সাগৰৰ পাৰত পেলনীয়া প্লাষ্টিক বুটলি থকা দেখা গৈছিল৷ বুধবাৰে, প্ৰধানমন্ত্ৰী মোডীয়ে এটা নীলা জেকেট পিন্ধি সংসদলৈ আহে৷  

তেওঁ সংসদত পিন্ধা নীলা জেকেটটো মোদীৰ বাবে  বিশেষ আছিল ৷ কাৰণ এই জেকেটটো  পুনৰ ব্যৱহাৰ কৰা প্লাষ্টিক বটলৰ পৰা তৈয়াৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱ প্ৰদান কৰিবলৈ সংসদত উপস্থিত হৈছিল৷ 

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে (আইঅ'চি) বাংগালুৰুত ভাৰত শক্তি সপ্তাহত প্ৰধানমন্ত্ৰী মোদীক জেকেটটো উপহাৰ দিছিল৷ শেহতীয়াকৈ চৰকাৰে ১৯,৭০০ কোটি টকা ব্যয়ৰে  ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনও আৰম্ভ কৰিছে৷ এই অভিযানে  নিম্ন কাৰ্বন নৰ্গমনত  সহায় কৰিব, জীৱাশ্ম ইন্ধন আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব । মোদীৰ জেকেটটোৰ দৰেই পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰি নানান বস্ত্ৰ প্ৰস্তুত কৰা হৈছে৷ প্লাষ্টিকৰ ৰিচাইক্লিঙৰ ফলত প্ৰদূষণ হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই