--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজখনক জনআন্দোলন হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  সদায় পৰ্চেষ্টা অব্যাহত ৰাখিছে৷ তেওঁক ২০১৯ চনত মহাবলিপুৰমৰ  সাগৰৰ পাৰত পেলনীয়া প্লাষ্টিক বুটলি থকা দেখা গৈছিল৷ বুধবাৰে, প্ৰধানমন্ত্ৰী মোডীয়ে এটা নীলা জেকেট পিন্ধি সংসদলৈ আহে৷  

তেওঁ সংসদত পিন্ধা নীলা জেকেটটো মোদীৰ বাবে  বিশেষ আছিল ৷ কাৰণ এই জেকেটটো  পুনৰ ব্যৱহাৰ কৰা প্লাষ্টিক বটলৰ পৰা তৈয়াৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱ প্ৰদান কৰিবলৈ সংসদত উপস্থিত হৈছিল৷ 

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে (আইঅ'চি) বাংগালুৰুত ভাৰত শক্তি সপ্তাহত প্ৰধানমন্ত্ৰী মোদীক জেকেটটো উপহাৰ দিছিল৷ শেহতীয়াকৈ চৰকাৰে ১৯,৭০০ কোটি টকা ব্যয়ৰে  ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনও আৰম্ভ কৰিছে৷ এই অভিযানে  নিম্ন কাৰ্বন নৰ্গমনত  সহায় কৰিব, জীৱাশ্ম ইন্ধন আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব । মোদীৰ জেকেটটোৰ দৰেই পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰি নানান বস্ত্ৰ প্ৰস্তুত কৰা হৈছে৷ প্লাষ্টিকৰ ৰিচাইক্লিঙৰ ফলত প্ৰদূষণ হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু