--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সংবাদ মাধ্যমত শীৰ্ষস্থান দখল কৰিছে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী ক্ৰিকেট তাৰকা ছোৱেইব মালিকৰ সম্পৰ্কৰ ভাঙোনৰ খবৰে। বিবাহ বিচ্ছেদ হ’ব নেকি ছানিয়া আৰু ছোৱেইব মালিকৰ? শেহতীয়াকৈ এনেধৰণৰ খবৰে গৰম কৰি ৰাখিছে ভাৰত আৰু পাকিস্তানৰ মিডিয়া। জানিব পৰা মতে, বৰ্তমান দুয়োগৰাকী তাৰকা পৃথকে আছে আৰু তেওঁলোকৰ সন্তান ইজহান মিৰ্জা মালিকৰ দায়িত্ব যুটীয়াভাৱে লৈ আছে।

ছানিয়া আৰু মালিকৰ সম্পৰ্কত কিয় বিভাজন ঘটিছে সেই সন্দৰ্ভত এতিয়াও একো জানিব পৰা হোৱা নাই। এই বিষয়ত দুয়োজনে একো কোৱা নাই যদিও পাকিস্তানী সংবাদ মাধ্যমৰ মতে ছোৱেইব মালিকে প্ৰতাৰণা কৰিছে ছানিয়া মিৰ্জাক।

এই তাৰকা দম্পতীয়ে মুখ নুখুলিলেও একাংশ সংবাদমাধ্যমত ছোৱেইব মালিকৰ নতুন প্ৰেমৰ তথ্য লাভ কৰা গৈছে। প্ৰকাশিত বাতৰি অনুসৰি, পাকিস্তানী অভিনেত্ৰী আয়েছা ওমৰৰ প্ৰেমত মত্ত ছোৱেইব। ২০২১ বৰ্ষত আয়েছাৰে পৰিচয় হয় ক্ৰিকেটাৰগৰাকীৰ। আয়েছাৰ উপৰিও জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ স’তেও ছোৱেইবৰ সম্পৰ্ক আছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

উল্লেক্য যে দুখন চিৰশত্ৰু দেশৰ তাৰকা দুগৰাকীয়ে ২০১০ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বহুচৰ্চিত আছিল এই বিবাহ। ২০১৮ চনত তেওঁলোকৰ পুত্ৰসন্তান ইজহানৰ জন্ম হয়। ২০১০ চনত নিজৰ খেলৰ শীৰ্ষত আছিল ছানিয়া মিৰ্জা। সেই সময়ত পাকিস্তান ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ আছিল ছোৱেইব মালিক। 

২০১০ চনৰ ১২ এপ্ৰিলত ছানিয়া আৰু ছোৱেইব বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰেমৰ বাবেই চিৰ বৈৰী পাকিস্তানৰ বোৱাৰী হৈছিলগৈ ভাৰতীৰ জীয়ৰী ছানিয়া। সেই সময়ত ছানিয়াৰ দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল যদিও তেওঁ কেতিয়াও কোনো খেলতে পাকিস্তানক সমৰ্থন কৰা নাছিল।ছানিয়াই কেতিয়াও পাকিস্তানী দলৰ বাবে কোনো পোষ্ট কৰা নাছিল। তেওঁ সদায় ভাৰতীয় খেলুৱৈক সমৰ্থন কৰে আৰু টেনিছ ক’ৰ্টতো ভাৰতৰ হৈয়ে খেল খেলিছিল।

উল্লেখ্য যে ছোৱেইব মালিকৰ দ্বিতীয় পত্নী ছানিয়া মিৰ্জা। ছোৱেইব মালিকৰ প্ৰথম পত্নী আছিল আয়েছা ছিদ্দিকী। ছানিয়া আৰু ছোৱেইবৰ বিয়া বিতৰ্কৰ মাজত সোমাই পৰিছিল কিয়নো এই বিয়াখনক লৈ আয়েছা ছিদ্দিকীয়ে বহুত হুলস্থুলৰ সৃষ্টি কৰিছিল। আয়েছাই দাবী কৰিছিল যে আয়েছাক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে ছানিয়াক বিয়া কৰাইছিল ছোৱেইবে। ছোৱেইব মালিকে প্ৰথমে এই বিবাহক অস্বীকাৰ কৰি থাকিল যদিও পাছলৈ যেতিয়া এই বিবাদ তীব্ৰতৰ হৈ পৰে, তেতিয়া ছানিয়া মিৰ্জাক বিয়া কৰাই আয়েছাৰ সৈতে বিবাহ বিচ্ছেদ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক