--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দলৰ অতি প্ৰয়োজনীয় মুহূৰ্তত উজ্বলি উঠিল বাবৰ-ৰিঝৱান৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুনামিৰ সৃষ্টি কৰিলে বাবৰ-ৰিঝৱানে৷ টি২০ ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ দূৰ্দান্ত অপেনিং বেটিঙেৰে টি২০ বিশ্বকাপৰ ফাইনেলত উপনিত পাকিস্তান৷

 

চিডনি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্ৰথমখন ফাইনেলত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১৫৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ প্ৰত্যুত্তৰত পাকিস্তানে চমকপ্ৰদ আৰম্ভণি ঘটায়৷

 

অপেনিং যুটিতে বাবৰ-ৰিঝৱানে সংগ্ৰহ কৰে ১২. অভাৰত ১০৫ ৰাণ৷ বাবৰে ৫৩ (৪২) আৰু ৰিঝৱানে ৫৭ (৪২) ৰাণ কৰে৷ বাবৰ-ৰিঝৱানৰ এই অপেনিং যুটিৰ ফলতে পাকিস্তানে টা উইকেট হেৰুৱাই ৫টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়৷ নিউজিলেণ্ডৰ হৈ ট্ৰেণ্ট ল্টে  দুটাকৈ উইকেট দখল কৰে৷

 

ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত নিউজেলেণ্ডে উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ডেৰিল মিছেলে ৫৩ আৰু অধিনায়ক কেন উইলিয়ামছনে ৪৬ ৰাণৰ বৰঙনি আগবঢ়ায়৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদিয়ে দুটাকৈ উইকেট দখল কৰে৷

 

উল্লেখযোগ্য যে টি২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে পাকিস্তানে প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত ব৷ ইয়াৰ পূৰ্বে ২০০৯ চনত বিশ্বকাপবিজয়ৰ সোৱাদ লাভ কৰিছিল দলটোৱে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক