--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দলৰ অতি প্ৰয়োজনীয় মুহূৰ্তত উজ্বলি উঠিল বাবৰ-ৰিঝৱান৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুনামিৰ সৃষ্টি কৰিলে বাবৰ-ৰিঝৱানে৷ টি২০ ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ দূৰ্দান্ত অপেনিং বেটিঙেৰে টি২০ বিশ্বকাপৰ ফাইনেলত উপনিত হ’ল পাকিস্তান৷

 

চিডনি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্ৰথমখন ফাইনেলত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১৫৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ প্ৰত্যুত্তৰত পাকিস্তানে চমকপ্ৰদ আৰম্ভণি ঘটায়৷

 

অপেনিং যুটিতে বাবৰ-ৰিঝৱানে সংগ্ৰহ কৰে ১২.৪ অভাৰত ১০৫ ৰাণ৷ বাবৰে ৫৩ (৪২) আৰু ৰিঝৱানে ৫৭ (৪২) ৰাণ কৰে৷ বাবৰ-ৰিঝৱানৰ এই অপেনিং যুটিৰ ফলতে পাকিস্তানে ৩ টা উইকেট হেৰুৱাই ৫টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়৷ নিউজিলেণ্ডৰ হৈ ট্ৰেণ্ট ব’ল্টে  দুটাকৈ উইকেট দখল কৰে৷

 

ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত নিউজেলেণ্ডে ৪ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ডেৰিল মিছেলে ৫৩ আৰু অধিনায়ক কেন উইলিয়ামছনে ৪৬ ৰাণৰ বৰঙনি আগবঢ়ায়৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদিয়ে দুটাকৈ উইকেট দখল কৰে৷

 

উল্লেখযোগ্য যে টি২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে পাকিস্তানে প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হ’ব৷ ইয়াৰ পূৰ্বে ২০০৯ চনত বিশ্বকাপবিজয়ৰ সোৱাদ লাভ কৰিছিল দলটোৱে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু