--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেটা গোত্ৰতে বিয়া হোৱাটো সামাজিক আৰু বৈজ্ঞানিকভাৱে নিষেধ। ভাতৃ-ভগ্নীৰ মাজত বিবাহ-প্ৰজননক মানৱ সমাজে প্ৰাগঐতিহাসিক কালৰে পৰাই নিষেধাজ্ঞা কৰি আহিছে। তেনেদৰেই চলি আহিছে মানুহৰ সভ্যতা। সংস্কাৰ হওঁক বা বিজ্ঞান হওঁক, পৃথিৱীত বিবাহৰ নিয়ম একে। কইনা আৰু দৰাৰ তেজ যদি একেটা গোত্ৰৰে হয়, তেন্তে তেওঁলোকৰ শিশুৰ স্বাস্থ্যজনিত ব্যাধিও দেখা যায়। যদি একে জিন-বাহিত ক্ৰম'জমৰ পৰা ভ্ৰূণ এটা সৃষ্টি হয়, ইয়াৰ জন্মগত বিকাৰ হোৱাৰ সম্ভাৱনা অধিক। জন্মৰ পিছত কেঁচুৱাটো বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

কিন্তু ছ'চিয়েল মিডিয়াত মাৰ্চেলা হিল নামৰ এগৰাকী মহিলাই চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে। সেয়া হৈছে তেওঁৰ নিজৰ জীৱনকেন্দ্ৰীক। মাৰ্চেলাই জনাইছে যে তাই তাইৰ অজ্ঞাতে সম্পৰ্কীয় এজন ভাতৃক বিয়া কৰাইছিল। বিবাহৰ কেইবাবছৰো পিছত যেতিয়া মাৰ্চেলাই গৰ্ভৱতী অৱস্থাতহে এই বিষয়ে জানিব পাৰে। জন্ম হ’ব লগা সন্তানটোৰ বাবে তেওঁৰ স্বামীৰ বংশাৱলী বিচাৰিছিল, তেতিয়াই তেওঁ সত্যটো বিচাৰি উলিয়াইছিল। বংশাৱলীখনত তাইৰ স্বামীৰ আইতা আৰু ককাকৰ নাম দেখিছিল। তাৰ পৰা জানিব পাৰিছিল তেওঁলোক তৃতীয় প্ৰজন্মৰ সম্পৰ্কীয় ভাই-ভনী।

যেতিয়া তেওঁলোকে গোটেই ঘটনাটো বুজি পাইছিল মাৰ্চেলা গৰ্ভৱতী আছিল। পৰিয়াল আৰু বন্ধুবৰ্গ সকলোৱে শিশুটোৰ ভৱিষ্যতৰ বিষয়ে চিন্তিত হৈ পৰিছিল। আনকি তেওঁ বিভিন্ন নেতিবাচক কথাও শুনিবলৈ পাইছিল।

অৱশ্যে বৰ্তমান মাৰ্চেলাই তেওঁৰ স্বামী আৰু পৰিয়ালৰ সৈতে সুখেৰে বাস কৰি আছে। শিশুটোৱে এতিয়ালৈকে কোনো অসুবিধা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক