--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেটা গোত্ৰতে বিয়া হোৱাটো সামাজিক আৰু বৈজ্ঞানিকভাৱে নিষেধ। ভাতৃ-ভগ্নীৰ মাজত বিবাহ-প্ৰজননক মানৱ সমাজে প্ৰাগঐতিহাসিক কালৰে পৰাই নিষেধাজ্ঞা কৰি আহিছে। তেনেদৰেই চলি আহিছে মানুহৰ সভ্যতা। সংস্কাৰ হওঁক বা বিজ্ঞান হওঁক, পৃথিৱীত বিবাহৰ নিয়ম একে। কইনা আৰু দৰাৰ তেজ যদি একেটা গোত্ৰৰে হয়, তেন্তে তেওঁলোকৰ শিশুৰ স্বাস্থ্যজনিত ব্যাধিও দেখা যায়। যদি একে জিন-বাহিত ক্ৰম'জমৰ পৰা ভ্ৰূণ এটা সৃষ্টি হয়, ইয়াৰ জন্মগত বিকাৰ হোৱাৰ সম্ভাৱনা অধিক। জন্মৰ পিছত কেঁচুৱাটো বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

কিন্তু ছ'চিয়েল মিডিয়াত মাৰ্চেলা হিল নামৰ এগৰাকী মহিলাই চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে। সেয়া হৈছে তেওঁৰ নিজৰ জীৱনকেন্দ্ৰীক। মাৰ্চেলাই জনাইছে যে তাই তাইৰ অজ্ঞাতে সম্পৰ্কীয় এজন ভাতৃক বিয়া কৰাইছিল। বিবাহৰ কেইবাবছৰো পিছত যেতিয়া মাৰ্চেলাই গৰ্ভৱতী অৱস্থাতহে এই বিষয়ে জানিব পাৰে। জন্ম হ’ব লগা সন্তানটোৰ বাবে তেওঁৰ স্বামীৰ বংশাৱলী বিচাৰিছিল, তেতিয়াই তেওঁ সত্যটো বিচাৰি উলিয়াইছিল। বংশাৱলীখনত তাইৰ স্বামীৰ আইতা আৰু ককাকৰ নাম দেখিছিল। তাৰ পৰা জানিব পাৰিছিল তেওঁলোক তৃতীয় প্ৰজন্মৰ সম্পৰ্কীয় ভাই-ভনী।

যেতিয়া তেওঁলোকে গোটেই ঘটনাটো বুজি পাইছিল মাৰ্চেলা গৰ্ভৱতী আছিল। পৰিয়াল আৰু বন্ধুবৰ্গ সকলোৱে শিশুটোৰ ভৱিষ্যতৰ বিষয়ে চিন্তিত হৈ পৰিছিল। আনকি তেওঁ বিভিন্ন নেতিবাচক কথাও শুনিবলৈ পাইছিল।

অৱশ্যে বৰ্তমান মাৰ্চেলাই তেওঁৰ স্বামী আৰু পৰিয়ালৰ সৈতে সুখেৰে বাস কৰি আছে। শিশুটোৱে এতিয়ালৈকে কোনো অসুবিধা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ