--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সাধাৰণতে শুনো যে প্ৰেমে একো বাধা নামানে। প্ৰেমে বয়স, জাতি, ধৰ্ম, কৰ্ম একো নাচায়। প্ৰেম এনেকুৱা এক অনুভূতি যে কেতিয়া কাৰ প্ৰতি ই জাগি উঠে সেয়া ধৰিবকে নোৱাৰি। যিকোনো মানুহৰ লগত যিকোনো সময়ত প্ৰেম হ’ব পাৰে। কেতিয়াবা এই কথাবোৰ আখৰে আখৰে ফলিওৱা দেখা যায় কিছুমান প্ৰেম কাহিনীৰ লগত। এইবাৰ এগৰাকী মহিলা চিকিৎসকৰ প্ৰেম কাহিনীয়ে সকলোতে চৰ্চা লাভ কৰিছে। এখন হাস্পতালত কাম কৰা মহিলা চিকিৎসকগৰাকীয়ে সেই হাস্পতালৰেই এগৰাকী চাফাই কৰ্মীৰ প্ৰেমত পৰে। 

কেৱল প্ৰেমতে সেই সম্পৰ্ক সীমাবদ্ধ নাৰাখি মহিলা চিকিৎসকগৰাকীয়ে সেই প্ৰেমক বিবাহৰ মৰ্যাদাও দিয়ে। সমাজৰ কথা, পৰিয়ালৰ বাধা আওকাণ কৰি চিকিৎসকগৰাকীয়ে চাফাই কৰ্মীগৰাকীক নিজৰ জীৱনলৈ আদৰি লয়। এই প্ৰেম কাহিনী পাকিস্তানৰ। চিকিৎসকগৰাকীৰ নাম কিশ্বৰ চাহিবা আৰু চাফাই কৰ্মীগৰাকীৰ নাম শ্বাহজাদ। উল্লেখ্য যে কিশ্বৰ চাহিবাই নিজে প্ৰেমৰ প্ৰস্তাৱ দিছিল শ্বাহজাদক। শ্বাহজাদে চিকিৎসালয়খনৰ চাফাই কৰ্মী হিচাপে কাম কৰাৰ উপৰিও চিকিৎসালয়খনত চাহ বনোৱা কামো কৰে। 

কিশ্বৰে কয় যে ‘‘শ্বাহজাদৰ ব্যক্তিত্বই মোক আকৰ্ষিত কৰিছিল। শ্বাহজাদক দেখি মোৰ অনুভৱ হোৱা নাছিল যে তেওঁ এজন ঝাড়ু দিয়া বা চাহ বনোৱা মানুহ। শ্বাহজাদৰ সৰলতাই মোক বহুত আপ্লুত কৰিছিল আৰু মই নজনাকৈ তেওঁৰ প্ৰেমত পৰিছিলোঁ। মই শ্বাহজাদৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিছিলোঁ যে ঘৰত কাকো একো নজনোৱাকৈ তেওঁক মই প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ। মই গোটেই জীৱন শ্বাহজাদৰ লগত কটোৱাৰ সিদ্ধান্ত ল’লো। মই মোৰ গোটেই জীৱনটোৰ কথা এদিনতে সিদ্ধান্ত লৈছিলো।” 

আনহাতে শ্বাহজাদে কয় যে ‘‘ডাক্তৰ হোৱাৰ পিছতো তেওঁ মোক প্ৰপ’জ কৰিছিল, এই সকলোবোৰ ভাগ্যৰ কথা। মই কিশ্বৰক চাহ দিবলৈ তেওঁৰ কেবিনলৈ যাওঁ। কিশ্বৰে এদিন মোৰ ফোন নম্বৰটো বিচাৰি ক’লে যে প্ৰয়োজন হ’লে ফোন কৰি চাহৰ কথা ক’ম। এই কথা শুনি মই নিজৰ নম্বৰটো ডাঃ কিশ্বৰক দিছিলোঁ।” 

উল্লেখ্য যে ইয়াৰ পাছত এদিন শ্বাহজাদৰ হোৱাটছএপৰ ষ্টেটাছ কিশ্বৰে লাইক কৰিলে। সেইদিনাই কিশ্বৰে শ্বাহজাদক ফোন কৰি নিজৰ মনৰ কথা প্ৰকাশ কৰে। ডাক্তৰ কিশ্বৰে প্ৰেমৰ প্ৰস্তাৱ দিয়াত শ্বাহজাদে নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিল। ডাক্তৰ কিশ্বৰে ধেমালি কৰা বুলি ভাবিছিল শ্বাহজাদে। তেওঁ এই কথা শুনি ইমানেই অপ্ৰস্তুত হয় যে কেইদিনমান হাস্পতাললৈ নোযোৱাকৈ থাকিল শ্বাহজাদ। কিশ্বৰৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাই বোলে শ্বাহজাদৰ  জ্বৰ উঠি গৈছিল। অৱশেষত কিশ্বৰৰ প্ৰেমৰ প্ৰতি সঁহাৰি আগবঢ়ায় শ্বাহজাদে। 

বিয়া পাতি কিশ্বৰে হস্পিতালখন ত্যাগ কৰে। ইয়াৰ কাৰণ আছিল শ্বাহজাদক বিয়া পতা বাবে তেওঁৰ সহকৰ্মীসকলে কিশ্বৰক বহু ঠাট্টা-মস্কৰা কৰিছিল।এতিয়া ঘৰৰ ওচৰতে এখন ক্লিনিক খুলি জীৱনৰ বাকীছোৱা সময় শ্বাহজাদৰ সৈতে অতিবাহিত কৰিব বিচাৰে ডাঃ কিশ্বৰে। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এই প্ৰেম কাহিনী ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান