--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সাধাৰণতে শুনো যে প্ৰেমে একো বাধা নামানে। প্ৰেমে বয়স, জাতি, ধৰ্ম, কৰ্ম একো নাচায়। প্ৰেম এনেকুৱা এক অনুভূতি যে কেতিয়া কাৰ প্ৰতি ই জাগি উঠে সেয়া ধৰিবকে নোৱাৰি। যিকোনো মানুহৰ লগত যিকোনো সময়ত প্ৰেম হ’ব পাৰে। কেতিয়াবা এই কথাবোৰ আখৰে আখৰে ফলিওৱা দেখা যায় কিছুমান প্ৰেম কাহিনীৰ লগত। এইবাৰ এগৰাকী মহিলা চিকিৎসকৰ প্ৰেম কাহিনীয়ে সকলোতে চৰ্চা লাভ কৰিছে। এখন হাস্পতালত কাম কৰা মহিলা চিকিৎসকগৰাকীয়ে সেই হাস্পতালৰেই এগৰাকী চাফাই কৰ্মীৰ প্ৰেমত পৰে। 

কেৱল প্ৰেমতে সেই সম্পৰ্ক সীমাবদ্ধ নাৰাখি মহিলা চিকিৎসকগৰাকীয়ে সেই প্ৰেমক বিবাহৰ মৰ্যাদাও দিয়ে। সমাজৰ কথা, পৰিয়ালৰ বাধা আওকাণ কৰি চিকিৎসকগৰাকীয়ে চাফাই কৰ্মীগৰাকীক নিজৰ জীৱনলৈ আদৰি লয়। এই প্ৰেম কাহিনী পাকিস্তানৰ। চিকিৎসকগৰাকীৰ নাম কিশ্বৰ চাহিবা আৰু চাফাই কৰ্মীগৰাকীৰ নাম শ্বাহজাদ। উল্লেখ্য যে কিশ্বৰ চাহিবাই নিজে প্ৰেমৰ প্ৰস্তাৱ দিছিল শ্বাহজাদক। শ্বাহজাদে চিকিৎসালয়খনৰ চাফাই কৰ্মী হিচাপে কাম কৰাৰ উপৰিও চিকিৎসালয়খনত চাহ বনোৱা কামো কৰে। 

কিশ্বৰে কয় যে ‘‘শ্বাহজাদৰ ব্যক্তিত্বই মোক আকৰ্ষিত কৰিছিল। শ্বাহজাদক দেখি মোৰ অনুভৱ হোৱা নাছিল যে তেওঁ এজন ঝাড়ু দিয়া বা চাহ বনোৱা মানুহ। শ্বাহজাদৰ সৰলতাই মোক বহুত আপ্লুত কৰিছিল আৰু মই নজনাকৈ তেওঁৰ প্ৰেমত পৰিছিলোঁ। মই শ্বাহজাদৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিছিলোঁ যে ঘৰত কাকো একো নজনোৱাকৈ তেওঁক মই প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ। মই গোটেই জীৱন শ্বাহজাদৰ লগত কটোৱাৰ সিদ্ধান্ত ল’লো। মই মোৰ গোটেই জীৱনটোৰ কথা এদিনতে সিদ্ধান্ত লৈছিলো।” 

আনহাতে শ্বাহজাদে কয় যে ‘‘ডাক্তৰ হোৱাৰ পিছতো তেওঁ মোক প্ৰপ’জ কৰিছিল, এই সকলোবোৰ ভাগ্যৰ কথা। মই কিশ্বৰক চাহ দিবলৈ তেওঁৰ কেবিনলৈ যাওঁ। কিশ্বৰে এদিন মোৰ ফোন নম্বৰটো বিচাৰি ক’লে যে প্ৰয়োজন হ’লে ফোন কৰি চাহৰ কথা ক’ম। এই কথা শুনি মই নিজৰ নম্বৰটো ডাঃ কিশ্বৰক দিছিলোঁ।” 

উল্লেখ্য যে ইয়াৰ পাছত এদিন শ্বাহজাদৰ হোৱাটছএপৰ ষ্টেটাছ কিশ্বৰে লাইক কৰিলে। সেইদিনাই কিশ্বৰে শ্বাহজাদক ফোন কৰি নিজৰ মনৰ কথা প্ৰকাশ কৰে। ডাক্তৰ কিশ্বৰে প্ৰেমৰ প্ৰস্তাৱ দিয়াত শ্বাহজাদে নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিল। ডাক্তৰ কিশ্বৰে ধেমালি কৰা বুলি ভাবিছিল শ্বাহজাদে। তেওঁ এই কথা শুনি ইমানেই অপ্ৰস্তুত হয় যে কেইদিনমান হাস্পতাললৈ নোযোৱাকৈ থাকিল শ্বাহজাদ। কিশ্বৰৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাই বোলে শ্বাহজাদৰ  জ্বৰ উঠি গৈছিল। অৱশেষত কিশ্বৰৰ প্ৰেমৰ প্ৰতি সঁহাৰি আগবঢ়ায় শ্বাহজাদে। 

বিয়া পাতি কিশ্বৰে হস্পিতালখন ত্যাগ কৰে। ইয়াৰ কাৰণ আছিল শ্বাহজাদক বিয়া পতা বাবে তেওঁৰ সহকৰ্মীসকলে কিশ্বৰক বহু ঠাট্টা-মস্কৰা কৰিছিল।এতিয়া ঘৰৰ ওচৰতে এখন ক্লিনিক খুলি জীৱনৰ বাকীছোৱা সময় শ্বাহজাদৰ সৈতে অতিবাহিত কৰিব বিচাৰে ডাঃ কিশ্বৰে। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এই প্ৰেম কাহিনী ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু