--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ অৰ্থনৈতিক দিশত আগুৱাই গৈছে বুলি বহুতে দাবী কৰি অহাৰ  সময়তে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত যে ভাৰত পিছুৱাই আছে সেই কথা ৰাষ্ট্ৰসংঘৰ এক শেহতীয়া প্ৰতিবেদনতে স্পষ্ট হৈছে।ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি)ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০২১ চনৰ মানৱ উন্নয়ন সূচকত ভাৰতে ১৯১ খন দেশৰ ভিতৰত ১৩২ তম স্থান লাভ কৰিছে।

 প্ৰতিবেদন অনুসৰি ভাৰতৰ মানৱ উন্নয়ন সূচক হৈছে ০.৬৩৩। এই হাৰৰ সূচকত থকা দেশক  মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত মধ্যম শ্ৰেণীত থকা দেশ বুলি ধৰা হৈছে।২০২০ চনৰ প্ৰতিবেদনত ভাৰতৰ মানৱ উন্নয়ন সূচকৰ হাৰ আছিল ০.৬৪৫ তকৈ কম। ২০২০ চনৰ মানৱ উন্নয়ন সূচকত ১৮৯ খন দেশৰ ভিতৰত ভাৰতে ১৩১ সংখ্যক  স্থান লাভ কৰিছিল। প্ৰতিবেদন খনত কোৱা হৈছে যে ভাৰতৰ প্ৰত্যাশিত স্কুলীয়া শিক্ষাৰ গড় বছৰ হৈছে ৬.৭ বছৰ।

 মানৱ উন্নয়ন - এখন ৰাষ্ট্ৰৰ স্বাস্থ্য, শিক্ষা আৰু গড় উপাৰ্জনৰ এক পৰিমাপ । এনেবোৰ বিষয়ত  একেৰাহে দুবছৰৰ বাবে ভাৰতে বেয়া ফলাফল দেখুৱাইছে।  ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ৩২ বছৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত মানৱ উন্নয়ন স্তব্ধ হৈ পৰিছে। 

প্ৰতিবেদনত কোৱা হৈছে।  মানৱ সম্পদৰ সঠিক উন্নয়ন নোহোৱা বাবে ভাৰতৰ বিকাশৰ গতিপথত প্ৰভাৱ পেলাইছে বুলি প্ৰতিবেদনত কোৱা হৈছে।মানৱ উন্নয়ন সূচকে  মানৱ সম্পদ বিকাশৰ ৩ টা মুখ্যবিষয়ৰ প্ৰগতি পৰিমাপ কৰে । সেয়া হৈছে  এক স্বাস্থ্যৱান জীৱন, শিক্ষাৰ অধিকাৰ আৰু জীৱনধাৰণৰ এক সুন্দৰ মান। ইয়াক চাৰিটা সূচক ব্যৱহাৰ কৰি গণনা কৰা হয় - জন্মৰ সময়ত জীৱনৰ প্ৰত্যাশা,  স্কুলীয়া শিক্ষাৰ বছৰ, স্কুলীয়া শিক্ষাৰ প্ৰত্যাশিত বছৰ, আৰু জনমূৰি মুঠ ৰাষ্ট্ৰীয় উপাৰ্জন (জিএনআই)।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান