--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ অৰ্থনৈতিক দিশত আগুৱাই গৈছে বুলি বহুতে দাবী কৰি অহাৰ  সময়তে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত যে ভাৰত পিছুৱাই আছে সেই কথা ৰাষ্ট্ৰসংঘৰ এক শেহতীয়া প্ৰতিবেদনতে স্পষ্ট হৈছে।ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি)ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০২১ চনৰ মানৱ উন্নয়ন সূচকত ভাৰতে ১৯১ খন দেশৰ ভিতৰত ১৩২ তম স্থান লাভ কৰিছে।

 প্ৰতিবেদন অনুসৰি ভাৰতৰ মানৱ উন্নয়ন সূচক হৈছে ০.৬৩৩। এই হাৰৰ সূচকত থকা দেশক  মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত মধ্যম শ্ৰেণীত থকা দেশ বুলি ধৰা হৈছে।২০২০ চনৰ প্ৰতিবেদনত ভাৰতৰ মানৱ উন্নয়ন সূচকৰ হাৰ আছিল ০.৬৪৫ তকৈ কম। ২০২০ চনৰ মানৱ উন্নয়ন সূচকত ১৮৯ খন দেশৰ ভিতৰত ভাৰতে ১৩১ সংখ্যক  স্থান লাভ কৰিছিল। প্ৰতিবেদন খনত কোৱা হৈছে যে ভাৰতৰ প্ৰত্যাশিত স্কুলীয়া শিক্ষাৰ গড় বছৰ হৈছে ৬.৭ বছৰ।

 মানৱ উন্নয়ন - এখন ৰাষ্ট্ৰৰ স্বাস্থ্য, শিক্ষা আৰু গড় উপাৰ্জনৰ এক পৰিমাপ । এনেবোৰ বিষয়ত  একেৰাহে দুবছৰৰ বাবে ভাৰতে বেয়া ফলাফল দেখুৱাইছে।  ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ৩২ বছৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত মানৱ উন্নয়ন স্তব্ধ হৈ পৰিছে। 

প্ৰতিবেদনত কোৱা হৈছে।  মানৱ সম্পদৰ সঠিক উন্নয়ন নোহোৱা বাবে ভাৰতৰ বিকাশৰ গতিপথত প্ৰভাৱ পেলাইছে বুলি প্ৰতিবেদনত কোৱা হৈছে।মানৱ উন্নয়ন সূচকে  মানৱ সম্পদ বিকাশৰ ৩ টা মুখ্যবিষয়ৰ প্ৰগতি পৰিমাপ কৰে । সেয়া হৈছে  এক স্বাস্থ্যৱান জীৱন, শিক্ষাৰ অধিকাৰ আৰু জীৱনধাৰণৰ এক সুন্দৰ মান। ইয়াক চাৰিটা সূচক ব্যৱহাৰ কৰি গণনা কৰা হয় - জন্মৰ সময়ত জীৱনৰ প্ৰত্যাশা,  স্কুলীয়া শিক্ষাৰ বছৰ, স্কুলীয়া শিক্ষাৰ প্ৰত্যাশিত বছৰ, আৰু জনমূৰি মুঠ ৰাষ্ট্ৰীয় উপাৰ্জন (জিএনআই)।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু