--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্বশী ৰৌতেলাই ৰহস্য ভাল পায়। ৰহস্যময়ভাৱে তেওঁ সদায় ঋষভ পন্তৰ চাৰিওফালে ঘূৰি ফুৰে। শেহতীয়াকৈ তেওঁ মুম্বাইৰ  কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ চাৰিওফালে ঘূৰি ফুৰিছে। ইয়াৰ কাৰণো হৈছে ঋষভ পন্ত।

উল্লেখ্য যে ভয়াৱহ মটৰ দুৰ্ঘটনাৰ চিকিৎসাৰ বাবে  ঋষভক মুম্বাইৰ  চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি তাতে চিকিৎসাগ্ৰহণ কৰি আছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

শেহতীয়াকৈ উৰ্বশীৰ নতুন এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীক জল্পনা-কল্পনা চলি আছে।  বৃহস্পতিবাৰে উৰ্বশীয়ে দিয়া চিকিৎসালয়ৰ ভৱনটোৰ ক'লা-বগা ছবিখনত কোনো শিৰোনাম নাছিল। কিন্তু  নেটিজেনসকলৰ বাবে ইয়াৰ প্ৰকৃত কাৰণ চিনাক্ত কৰাটো কঠিন নাছিল। এই চিকিৎসালয়তে ঋষভক বুধবাৰে ডেৰাডুনৰ আন এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ক্ৰিকেট তাৰকাজনৰ তাত অস্ত্ৰোপচাৰ হোৱাৰ কথা।



ঋষভক অস্ত্ৰোপচাৰৰ বাবে লৈ যোৱাৰ লগে লগে উৰ্বশীয়ে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ সন্মুখলৈ গৈ নিজেই ছবিখন তুলি লয়।  অৱশ্যে দুৰ্ঘটনাটোৰ পাছত উৰ্বশীয়ে ঋষভৰ বিষয়ে পোনপটীয়াকৈ একো কোৱা নাছিল।

যদিও উৰ্বশীয়ে একো কোৱা নাই, অভিনেত্ৰীগৰাকীৰ মাক মীৰাই শেহতীয়াকৈ সামাজিক মাধ্যমত লিখিছিল- "ঋষভ সোনকালেই সুস্থ হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহিব। তেওঁ উত্তৰাখণ্ডৰ নাম উজ্জ্বল কৰিব। সকলোৱে একেলগে ঋষভৰ বাবে প্ৰাৰ্থনা কৰোঁ আহক।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু