--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে  চৰাই, নদী, বতাহক সীমাৰে বান্ধিব নোৱাৰি।  প্ৰেমৰ ক্ষেত্ৰতো সেই একে কথাই খাটে। প্ৰেমক কোনো আন্তঃৰাষ্ট্ৰীয় সীমান্তই বাধা দি ৰাখিব নোৱাৰে। সেই কথাৰ প্ৰমাণ আমাৰ দেশতে বহুবাৰ পোৱা গৈছে। এইবাৰ প্ৰেমৰ টানতে  পাকিস্তানৰ জৱাৰিয়া খানম নামৰ যুৱতীগৰাকীয়ে ভাৰতৰ  কলকাতা আহি পালেহি। কলকাতাৰ  সমীৰ খান নামৰ প্ৰেমিকক লগ কৰাৰ বাবেই জৱাৰিয়া খানমে হাজাৰ বাধাকো নেওচি ভাৰত আহি পাইছেহি। 

 পাকিস্তানী যুৱতীগৰাকীয়ে  সমীৰৰ সৈতে বিয়াত বহিবলৈ কলকাতাত উপস্থিত হৈছে মঙলবাৰে।  জাৱাৰিয়াই মঙলবাৰে পুৱা প্ৰায় ১১ বজাত পাকিস্তানৰ কৰাচীৰ পৰা আহি অমৃতসৰৰ ৱাঘা সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে। সমীৰ আৰু তেওঁৰ পিতৃ আহমেদ কামাল খানে তেওঁক কলকাতালৈ  আদৰণি জনায়।ভাৰতলৈ আহিবলৈ পাক নাগৰিকে সহজে ভিছা লাভ কৰাটো সম্ভৱ নহয়। ইমানৰ পিছতো জৱাৰিয়া খানমে বহু চেষ্টা কৰি ভিছা মোকলাই লৈছে। 

 সমীৰক লগ পাই তেওঁ এতিয়া  বহুত সুখী। পৰিয়ালৰ সূত্ৰ অনুসৰি  যদি সকলো ঠিকে থাকে, সমীৰ আৰু জাৱাৰিয়াই অহা বছৰৰ জানুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ'ব।

কলকাতাৰ যুৱক সমীৰ  লৰা পাকিস্তানী যুৱতী জৱাৰিয়া খানমৰ প্ৰেমকাহিনী ২০১৮ চনত আৰম্ভ হৈছিল। সমীৰে মাকৰ ফোনত প্ৰথমবাৰৰ বাবে জাৱাৰিয়াৰ ছবি দেখিছিল। প্ৰথম দৰ্শনতে জৱাৰিয়া খানমৰ প্ৰেমত পৰিছিল সমীৰ।তেওঁ তেওঁৰ মাকক কৈছিল যে তেওঁ এই ছোৱালীজনীক বিয়া কৰাব বিচাৰে। তেতিয়াই ভিন্ন দেশত থকা দুয়োটা পৰিয়াল বিবাহৰ বিষয়ত একমত হয়। কিন্তু  কোভিদৰ বাবে ততাতৈয়াকৈ বিবাহ সম্পন্ন কৰিব পৰা হোৱা নাছিল। তদুপৰি জাৱাৰিয়াই  ভিছাৰ বাবেও বহু অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশেষত প্ৰেমৰ সম্পৰ্ক গঢ় লোৱাৰ পাঁচ বছৰৰ পিছত জৱাৰিয়া খানমে সমীৰৰ কাষলৈ আহিবলৈ সক্ষম হৈছে।জৱাৰিয়া খানমে এতিয়া  ৪৫  দিনৰ ভিছা লাভ কৰিছে।

সমাজকৰ্মী আৰু সাংবাদিক মকবুল আহমেদ ওৱাইচিৰ কাদিয়ানৰ সহায়ত জৱাৰিয়া খানমে ভিছা লাভ কৰিছে। জৱাৰিয়া খানমে কয় "মই পাঁচ বছৰৰ পিছত ভিছা পাইছো। মই খুব সুখী। এয়া  সুখৰ আৰম্ভণি।’’ সঁচাকৈয়ে  প্ৰেমে পুনৰ দুয়োখন দেশৰ  শত্ৰুতাক উপেক্ষা কৰিলে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক