--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে  চৰাই, নদী, বতাহক সীমাৰে বান্ধিব নোৱাৰি।  প্ৰেমৰ ক্ষেত্ৰতো সেই একে কথাই খাটে। প্ৰেমক কোনো আন্তঃৰাষ্ট্ৰীয় সীমান্তই বাধা দি ৰাখিব নোৱাৰে। সেই কথাৰ প্ৰমাণ আমাৰ দেশতে বহুবাৰ পোৱা গৈছে। এইবাৰ প্ৰেমৰ টানতে  পাকিস্তানৰ জৱাৰিয়া খানম নামৰ যুৱতীগৰাকীয়ে ভাৰতৰ  কলকাতা আহি পালেহি। কলকাতাৰ  সমীৰ খান নামৰ প্ৰেমিকক লগ কৰাৰ বাবেই জৱাৰিয়া খানমে হাজাৰ বাধাকো নেওচি ভাৰত আহি পাইছেহি। 

 পাকিস্তানী যুৱতীগৰাকীয়ে  সমীৰৰ সৈতে বিয়াত বহিবলৈ কলকাতাত উপস্থিত হৈছে মঙলবাৰে।  জাৱাৰিয়াই মঙলবাৰে পুৱা প্ৰায় ১১ বজাত পাকিস্তানৰ কৰাচীৰ পৰা আহি অমৃতসৰৰ ৱাঘা সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে। সমীৰ আৰু তেওঁৰ পিতৃ আহমেদ কামাল খানে তেওঁক কলকাতালৈ  আদৰণি জনায়।ভাৰতলৈ আহিবলৈ পাক নাগৰিকে সহজে ভিছা লাভ কৰাটো সম্ভৱ নহয়। ইমানৰ পিছতো জৱাৰিয়া খানমে বহু চেষ্টা কৰি ভিছা মোকলাই লৈছে। 

 সমীৰক লগ পাই তেওঁ এতিয়া  বহুত সুখী। পৰিয়ালৰ সূত্ৰ অনুসৰি  যদি সকলো ঠিকে থাকে, সমীৰ আৰু জাৱাৰিয়াই অহা বছৰৰ জানুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ'ব।

কলকাতাৰ যুৱক সমীৰ  লৰা পাকিস্তানী যুৱতী জৱাৰিয়া খানমৰ প্ৰেমকাহিনী ২০১৮ চনত আৰম্ভ হৈছিল। সমীৰে মাকৰ ফোনত প্ৰথমবাৰৰ বাবে জাৱাৰিয়াৰ ছবি দেখিছিল। প্ৰথম দৰ্শনতে জৱাৰিয়া খানমৰ প্ৰেমত পৰিছিল সমীৰ।তেওঁ তেওঁৰ মাকক কৈছিল যে তেওঁ এই ছোৱালীজনীক বিয়া কৰাব বিচাৰে। তেতিয়াই ভিন্ন দেশত থকা দুয়োটা পৰিয়াল বিবাহৰ বিষয়ত একমত হয়। কিন্তু  কোভিদৰ বাবে ততাতৈয়াকৈ বিবাহ সম্পন্ন কৰিব পৰা হোৱা নাছিল। তদুপৰি জাৱাৰিয়াই  ভিছাৰ বাবেও বহু অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশেষত প্ৰেমৰ সম্পৰ্ক গঢ় লোৱাৰ পাঁচ বছৰৰ পিছত জৱাৰিয়া খানমে সমীৰৰ কাষলৈ আহিবলৈ সক্ষম হৈছে।জৱাৰিয়া খানমে এতিয়া  ৪৫  দিনৰ ভিছা লাভ কৰিছে।

সমাজকৰ্মী আৰু সাংবাদিক মকবুল আহমেদ ওৱাইচিৰ কাদিয়ানৰ সহায়ত জৱাৰিয়া খানমে ভিছা লাভ কৰিছে। জৱাৰিয়া খানমে কয় "মই পাঁচ বছৰৰ পিছত ভিছা পাইছো। মই খুব সুখী। এয়া  সুখৰ আৰম্ভণি।’’ সঁচাকৈয়ে  প্ৰেমে পুনৰ দুয়োখন দেশৰ  শত্ৰুতাক উপেক্ষা কৰিলে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক