--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃত প্ৰেমে একো বাচ-বিচাৰ নকৰে। এই প্ৰেম কেতিয়া কাৰ লগত হৈ যায় সেয়া কোনেও ক'ব নোৱাৰে। প্ৰেমে মাঁথো বিচাৰি লয় সঁচা হৃদয়ৰ ঠিকনা। সঁচা মৰম-ভালপোৱাই সদায় সকলো বাধা উফৰাই নিজৰ প্ৰেমাষ্পদক আঁকোৱালি লয়। তেনে এক সঁচা প্ৰেম কাহিনীয়ে এতিয়া সকলোতে লভিছে চৰ্চা। এই প্ৰেম কাহিনী পাকিস্তানৰ। 

এটা আগশাৰীৰ কোম্পানীৰ মালিকনী প্ৰেমত পৰে সেই কোম্পানীতেই পিয়নৰ কাম কৰা এজন যুৱকৰ সৈতে। যুৱতীগৰাকীয়ে বছৰি ৬০ লাখ টকা উপাৰ্জন কৰে। এইগৰাকী দুৰ্দান্ত প্ৰেমিকা শ্বেৰিছৰ কাহিনী এতিয়া বহু লোকৰ মুখে মুখে।

শ্বেৰিছৰ প্ৰেম জাগি উঠে কোম্পানীৰ পিয়ন ৰইছ খানৰ প্ৰতি। এই প্ৰেমত দুৰ্ঘোৰ আপত্তি আছিল শ্বেৰিছৰ পৰিয়ালৰ লোকৰ। কোনো ফালৰ পৰাই ৰইছ খান শ্বেৰিছৰ যোগ্য নহয় বুলি ককৰ্থনা কৰিছিল পৰিয়ালৰ লোকে। এই প্ৰেমত তেওঁলোকে বাধা দিবলৈ ধৰিলে। কিন্তু শ্বেৰিছৰ হৃদয়ে বিচাৰে মাঁথো ৰইছ খানক। সেয়ে সকলো বাধা আঁতৰাই একেবাৰে ৰইছৰ কাষলৈ গুচি আহে শ্বেৰিছ আৰু দুয়ো বিবাহপাশত আবদ্ধ হয়।

এই প্ৰেম সন্দৰ্ভত শ্বেৰিছে কয় যে, ৰইছ এটা খুব ভাল আৰু মৰমীয়াল লৰা। তেওঁ খুউব ভাল গান গায়। কাম কাজতো তেওঁ বহুত ভাল লগতে দেখাতো সুন্দৰ। বিশেষকৈ ৰইছৰ সুন্দৰ কন্ঠৰ প্ৰেমত পৰা বুলি কয় শ্বেৰিছে।
लाखों कमाने वाली मालकिन को ऑफिस बॉय से हुआ प्यार, कर ली शादी! - mistress  who earned 60 lakh rupees Marriage with office boy love story viral tsty -  AajTak
শেহতীয়াকৈ এই নৱ বিবাহিত দম্পতীৰ এক সাক্ষাৎকাৰ লৈছিল পাকিস্তানৰ এটা জনপ্ৰিয় ইউটিউব চেনেলে। এই সাক্ষাৎকাৰ বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সকলোৱে তেওঁলোকৰ সংসাৰ সুখক হবৰ বাবে শুভকামনা জনাইছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক