--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহ আৰু জীৱ-জন্তুৰ মাজৰ সম্পৰ্ক অতি বিশেষ। যেতিয়া দুয়োজনে ইজনে সিজনক হৃদয়ৰ পৰা ভাল পাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকে কোনো‌ এজনৰ বাবে বাবে নিজৰ জীৱনটোও দিব পাৰে । বৰ্তমান শ্ৰীলংকাৰ অন্ত্যেষ্টিক্ৰিয়াৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত এটা বান্দৰ মৃতদেহৰ ওচৰত বহি থকা দেখা গৈছে।

হয়, ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ'টোত এটা বান্দৰক এজন লোকৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা দেখা দেখুওৱা হৈছে।  যিজনে পূৰ্বে সেই বান্দৰটোৰ যত্ন লৈছিল আৰু দৈনিক আহাৰ প্ৰদান কৰিছিল। ক্লিপটোত দেখা যায় বান্দৰটোৱে মৃতদেহৰ ওচৰত বহুবাৰ তেওঁক জগাই তুলিবলৈ চেষ্টা কৰিছিল। ভিডিঅ’টোৱে বৰ্তমান চচিয়েল মিডিয়া ব্যৱহাৰকাৰীক মৰ্মাহত কৰি তুলিছে , বহুতে মানুহ আৰু জন্তুৰ মাজৰ বন্ধুত্বক প্ৰশংসা কৰিছিল। বান্দৰটোৰ এই আচৰণ দেখি শোকত ভাগি পৰা মানুহজনৰ আত্মীয়সকলো স্তম্ভিত হৈ পৰিল। 

ভিডিঅ’টোত বান্দৰটোক আঁতৰাই নিবলৈ চেষ্টা কৰিছে যদিও  যাবলৈ অস্বীকাৰ কৰিছে। তেওঁ ব্যক্তিজনৰ মৃতদেহৰ ওচৰত বহি বাৰে বাৰে তেওঁৰ মুখখন স্পৰ্শ কৰে। কেৱল সেয়াই নহয়,  কপালত চুমা খায়।  হাতখনে মানুহজনৰ মুখখন লৰচৰ কৰবলৈ চেষ্টা কৰে। সচাকৈয়ে আৱেগৰ ক্ষেত্ৰত মানুহ আৰু জীৱ-জন্তুৰ মাজত যে কোনো পাৰ্থক্য নাই সেই কথা ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। তেওঁলোকেও মানুহক দুখী হোৱা দেখিব নোৱাৰে আৰু তেওঁলোকক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।

চাওক বিশেষ ভিডিঅ': 

তথ্য অনুসৰি এই ভিডিঅ’টো শ্ৰীলংকাৰ। যোৱা ১৭ অক্টোবৰত বাট্টিকোলোয়াৰ বাসিন্দা ৫৬ বছৰীয়া পীঠাম্বৰম ৰাজনৰ মৃত্যু হয়। তেওঁ বহুদিন অসুস্থ হৈ আছিল। পীঠাম্বৰমে সদায় এটা বান্দৰক আহাৰ খুৱাইছিল। সেই বান্দটোৱে যেতিয়া তেওঁক মৃত দেখিছিল, তেতিয়া তেওঁৰ প্ৰতিক্ৰিয়া যথেষ্ট আচৰিত হৈছিল যিয়ে মানুহক স্তম্ভিত আৰু আৱেগিক দুয়োটা কৰি তুলিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক