--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমে নামানে বয়সৰ সীমা। বয়স মাথোন সংখ্যাহে, প্ৰেম কিন্তু যুগমীয়া। তাৰেই এক জ্বলন্ত সাক্ষী হৈ ৰ’ল পাকিস্তানৰ এক নৱদম্পত্তি।

পাকিস্তানৰ হাফিজাবাদৰ হাফিজ মহম্মদ নাদিম নামৰ এগৰাকী যুৱকৰ প্ৰেমত পৰে পোলেণ্ডৰ ব্ৰোমা নামৰ এগৰাকী বৃদ্ধা। হাফিজৰ বয়স ২৮ হোৱাৰ বিপৰীতে ব্ৰোমাৰ বয়স হৈছে ৮২।

হাফিজ পেছাত এগৰাকী অটোৰিক্সা মেকানিক। মনৰ মানুহক পাই পোলেণ্ডৰ পৰা পাকিস্তানলৈ গুছি আহিল ব্ৰোমা। উদ্দেশ্য হাফিজৰ স’তে বিয়া কৰোৱা।

এটা পাকিস্তানী সংবাদমাধ্যমক হাফিজে জনায় যে ৬ বছৰ পূৰ্বে ব্ৰোমাৰ লগত কথা-বতৰা হৈছিল তেওঁৰ। কিন্তু কেতিয়াও লগ পোৱা নাছিল। কিন্তু এতিয়া তেওঁলোকে নতুন সংসাৰ গঢ়িবলৈ উলাইছে।

হাফিজৰ ঘৰলৈ আহি পৰম্পৰাগতভাৱেই বিয়াত বহিছে ব্ৰোমা। ৰঙা পোছাক পিন্ধি হাতত মেহেন্দী সানিছে অশীতিপৰ বৃদ্ধাগৰাকীয়ে। তাৰপাছতে সামাজিক মাধ্যমত বিয়াখনক লৈ তীব্ৰ চৰ্চা চলিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ