--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁলোক দুই ভগ্নী। কিন্তু জন্মৰে পৰাই তেওঁলোকৰ দেহ অভিন্ন হৈ ৰৈছে।
দুয়োজনৰ শৰীৰৰ এটা ফাল সম্পূৰ্ণ এটা হৈ আছে ।  এককথাত দুয়োটা শৰীৰ একেলগে এটা শৰীৰত মিলি আছে ।  তেওঁলোকৰ এগৰাকীয়ে  আকৌ প্ৰেমত পৰিছে,  আনগৰাকীয়ে কাৰো প্ৰেমত পৰাৰ কথা ভাবিবই নোৱাৰে।

এই  প্ৰসংগতে তেওঁলোকে কয় যে তেওঁলোক একেবাৰে একে নহয়। এয়া সঁচা  যে তেওঁলোকে শৰীৰৰ কিছু অংশ সংলগ্ন হৈ  আছে, কিন্তু,  তেওঁলোকৰ হৃদয় বেলেগ। মগজুও বেলেগ। সেয়েহে শৰীৰটো এক হ’লে তেওঁলোক দুগৰাকী  পৃথক মানুহ।

এয়া দুগৰাকী মেক্সিকান ভগ্নী কাৰমেন আৰু লুপিটাৰ  সঁচা কাহিনী । দুয়োগৰাকীৰে দেহ একেটাই হ’লেও চিন্তা চৰ্চা বেলেগ বেলেগ। দুয়োগৰাকী ভগ্নীয়ে শেহতীয়াকৈ এটা অনুষ্ঠানত তেওঁলোকৰ কাহিনী বৰ্ণনা কৰিছে।। 

কাৰমেন প্ৰেমত পৰিছে। অৱশ্যে লুপিটাৰ  এই বিষয়ত কোনো আগ্ৰহ নাই।অৱশ্যে এনে শাৰীৰিক অৱস্থাত প্ৰেম কৰাটো মুখৰ কথা  নহয়! লুপিতাই স্বীকাৰ কৰিছে যে এইটো ডাঙুৰ  সমস্যা। অৱশ্যে তেওঁ  প্ৰায় ডেৰ বছৰ ধৰি এজন পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি  আহিছে। ডেটিং এপত ডেনিয়েল নামৰ যুৱকজনৰ সৈতে তেওঁ কথা পাতে। যুৱকজনেও কয় প্ৰথমে মই তেওঁলোকক সংযুক্ত হৈ থকা বাবে অলপ সংকোচ বোধ কৰিছিলোঁ। 

অৱশ্যে তেওঁ আৰম্ভণিৰে পৰা সম্পৰ্কৰ বিষয়ে স্বচ্ছ হ'ব বিচাৰিছিল। সেইকাৰণে তেওঁ সকলো কথা মুকলিকৈ  কৈছিল। ফলস্বৰূপে  পিছৰ সময়ছোৱাত   কোনো সমস্যা হোৱা নাই। তেওঁলোকৰ সম্পৰ্কৰ সীমাবদ্ধতা তেওঁলোকেও বুজি পায়। উদাহৰণ স্বৰূপে শাৰীৰিক কাৰণত তেওঁলোক ওচৰত থাকিব নোৱাৰে আৰু প্ৰেমিক-প্ৰেমিকাৰ  ইয়াত কোনো সমস্যা নাই।

সেয়েহে হাঁহি এটা মাৰি ডেনিয়েলে কৈছিল যে তেওঁৰ প্ৰেমৰ সম্পৰ্ক চলি আছে। আন এগৰাকী ভগ্নী লুপিতাই কয় যে তেওঁ তেওঁৰ ভগ্নী আৰু ভগ্নীৰ প্ৰেমিক দুয়োকে উপহাস কৰি আহিছে। এক কথাত তেওঁলোকৰ প্ৰেম শাৰীৰিক প্ৰেমতকৈ মানসিক প্ৰেমহে। তথাপি লুপিটাৰ অনুমতি লৈ তেওঁলোকে কাষতে বহি অন্তৰংগও হৈ পৰে।

লুপিটা আৰু কাৰমেনৰ দিনবোৰ এনেদৰেই পাৰ হৈ গৈছে।তেওঁলোকে বিশ্বাস কৰে যে  জীৱনটো সঁচাকৈয়ে ধুনীয়া।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক