--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ কবীৰধাম জিলাত সংঘটিত বোমা বিস্ফোৰণত নিহত হৈছে এজন সদ্য বিবাহিত পুৰুষ আৰু তেওঁৰ ভাতৃ। বিস্ফোৰণৰ ঘটনাত আহত হৈছে এটি শিশু আৰু এগৰাকী মহিলাসহ আন চাৰিজন লোক।

বাতৰি অনুসৰি, কইনাৰ প্ৰাক্তন প্ৰেমিকে বিয়াৰ উপহাৰ হিচাপে দিয়া মিউজিক চিষ্টেমত এই বোমাটো ৰখা আছিল। এই ঘটনাত আৰক্ষীয়ে মঙলবাৰে প্ৰাক্তন প্ৰেমিকক গ্ৰেপ্তাৰ কৰে।

মৃত দৰাজনৰ নাম হিমান্দ্ৰ মেৰাই। ১ এপ্ৰিলত তেওঁলোকৰ বিবাহ হয়। বিয়াৰ উপহাৰ হিচাপে তেওঁ লাভ কৰিছিল হোম থিয়েটাৰ মিউজিক চিষ্টেম।

যোৱা সোমবাৰে যেতিয়া এই উপহাৰটো পৰীক্ষা কৰি চোৱাৰ বাবে বিদ্যুতৰ সৈতে সংযোগ কৰা হৈছিল, তেতিয়াই তীব্ৰ শব্দৰে বিস্ফোৰণ ঘটে। বিস্ফোৰণত থিতাতে নিহত হয় হিমান্দ্ৰ। চিকিৎসাধীন অৱস্থাত তেওঁৰ ভাতৃৰো মৃত্যু হয়।

এই বিস্ফোৰণৰ ঘটনাত ঘৰৰ বেৰ ভাঙি মহিলা আৰু শিশুসহ আন চাৰিজন লোক আহত হয়।

বিস্ফোৰণৰ তদন্ত কৰি আৰক্ষীয়ে কয় যে বোমা উপহাৰ প্ৰেৰণ কৰা ব্যক্তিজন নৱবিবাহিত মহিলাগৰাকীৰ প্ৰেমিক। তেওঁৰ নাম চাৰ্জু।

কবীৰধামৰ আৰক্ষী অধীক্ষক মনীষ ঠাকুৰে কয় যে প্ৰেমিকৰ আন ঠাইত বিয়া হোৱাৰ বাবে খঙতে বিস্ফোৰক সামগ্ৰীৰ সৈতে উপহাৰ পঠিয়াইছিল বুলি চাৰ্জুৱে স্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল