--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেল্কঃ চিবিএছই বৰ্ডে ২০২৪ চনৰ পৰীক্ষাৰ বাবে মূল্যায়ন আঁচনিৰ পৰিৱৰ্তন ঘোষণা কৰিছে। এই পৰিৱৰ্তনসমূহৰ ভিতৰত 'বহু পছন্দৰ প্ৰশ্ন’ (এমচিকিউ)ৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। আনহাতে চুটি আৰু দীঘলীয়া উত্তৰৰ প্ৰশ্নসমূহ কমোৱা হৈছে।

এই পৰিৱৰ্তনসমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ পৰামৰ্শৰ সৈতে মিল আছে- যিয়ে মুখস্থ শিক্ষণতকৈ সৃষ্টিশীল আৰু সমালোচনাত্মক চিন্তাধাৰাৰ ক্ষমতাক অগ্ৰাধিকাৰ দিয়ে।

কিন্তু এই পৰিৱৰ্তনসমূহ ২০২৩-২৪ চনৰ শৈক্ষিক বৰ্ষৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব পাৰে। নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (এনচিএফ)ৰ সৈতে নতুন সংস্কাৰ প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

ব’ৰ্ডে দক্ষতাৰ ওপৰত ভিত্তি কৰা শিক্ষা ৰূপায়ণৰ লক্ষ্য ৰাখিছে। বাস্তৱ জীৱনৰ পৰিস্থিতিত শৈক্ষিক ধাৰণাসমূহৰ প্ৰয়োগৰ মূল্যায়ন কৰা হ’ব ইয়াৰ দ্বাৰা।

পিটিআইৰ মতে, চিবিএছই (একাডেমিকছ)ৰ সঞ্চালক জোচেফ ইমানুৱেলে কয় যে ব’ৰ্ডে ২০২৩-২৪ চনৰ শৈক্ষিক বৰ্ষৰ বাবে পৰীক্ষা আৰু মূল্যায়ন পদ্ধতিৰ পৰিৱৰ্তন আৰম্ভ কৰিছে যাতে মূল্যায়নক কম্পিটেন্সি ফ’কাচড এডুকেচনৰ সৈতে সংযুক্ত কৰিব পৰা যায়।

চিবিএছইৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত আধা প্ৰশ্ন (৫০%) দক্ষতাভিত্তিক হ’ব, য’ত বহু পছন্দৰ প্ৰশ্ন (এমচিকিউ), কেছ ভিত্তিক প্ৰশ্ন, উৎসভিত্তিক সংহত প্ৰশ্ন বা অন্যান্য ফৰ্মেট থাকিব। এই ধৰণৰ প্ৰশ্নবোৰৰ পৰিমাণ পূৰ্বৰ শৈক্ষিক বৰ্ষত ৪০% আছিল।

দশম শ্ৰেণী পৰ্যায়ৰ বাবে বস্তুনিষ্ঠ প্ৰশ্নসমূহ বিশেষভাৱে এমচিকিউ হ’ব, যি মুঠ ২০% থাকিব। আনহাতে চুটি উত্তৰ আৰু দীঘলীয়া উত্তৰৰ প্ৰশ্নৰ পৰিমাণ ৪০%ৰ পৰা ৩০%লৈ হ্ৰাস কৰা হৈছে।

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাতো ৪০% প্ৰশ্ন দক্ষতাকেন্দ্ৰিক হ’ব আৰু ইয়াত এমচিকিউ, কেছ ভিত্তিক প্ৰশ্ন, উৎসভিত্তিক সংহত প্ৰশ্ন, বা অন্যান্য ফৰ্মেট অন্তৰ্ভুক্ত হ’ব পাৰে। এই প্ৰশ্নসমূহৰ পৰিমাণ যোৱা শৈক্ষিক বৰ্ষত আছিল ৩০%।

দ্বাদশ শ্ৰেণী পৰ্যায়ৰ বাবে বস্তুনিষ্ঠ প্ৰশ্নসমূহো হ’ব এমচিকিউ আৰু ইয়াৰ পৰিমাণ ২০% হ’ব। চুটি উত্তৰ আৰু দীঘলীয়া উত্তৰৰ ধৰণৰ প্ৰশ্নৰ পৰিমাণ ৫০%ৰ পৰা ৪০%লৈ হ্ৰাস কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস