--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা নৃশংস হত্যাকাণ্ডই পুনৰ জোকাৰি গৈছে দেশক।  এইবাৰ ঘটনাৰ স্থান চেন্নাই। চেন্নাইত এগৰাকী প্ৰেমিকাই তেওঁৰ প্ৰেমিকক  হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰ কৰে আৰু মাটিৰ তলত পুতি থয়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে গোটেই চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  জানিব পৰা মতে  মৃত এম জিয়ানথান ভিল্লুপুৰমৰ বাসিন্দা আছিল। 

তেওঁ ২৯ বছৰীয়া  ভাগ্যলক্ষ্মী নামৰ যুৱতীগৰাকীৰ  প্ৰেমত পৰিছিল। তেওঁলোকে ২০২০ চনত প্ৰথমবাৰৰ বাবে লগ পাইছিল। তাৰ পিছত সম্পৰ্কটো ক্ৰমে গভীৰ হৈ পৰিছিল। পৰিয়ালক নজনোৱাকৈয়ে  দুয়ো মন্দিৰলৈ গৈ বিবাহ পাশত আৱদ্ধ হৈছিল। 

কিন্তু বিয়াৰ পৰৱৰ্তী বছৰতে তেওঁলোকৰ সম্পৰ্ক ভংগ হয়।এয়াৰলাইনৰ এজন কৰ্মচাৰী জিয়ানথান কেইদিনমানৰ বাবে ছুটিত গাওঁলৈ গৈছিল। কিন্তু যোৱা কেইদিনমানধৰি তেওঁক ফোনত কোনেও পোৱা নাছিল। তেতিয়া তেওঁৰ ভনীয়েকে সন্দেহবশতঃ বিষয়টো  আৰক্ষীক অৱগত কৰে।তদন্তৰ সময়ত আৰক্ষীয়ে যুৱকজনৰ ফোনৰ পৰা ভাগ্যলক্ষ্মীৰ ফোন ৰেকৰ্ড ট্ৰেক কৰা আৰম্ভ কৰে আৰু ঘটনাটোৰ ৰহস্য উদ্ঘাটন  কৰিবলৈ আৰম্ভ কৰে। 

জানিব পৰা গৈছে যে ভাগ্যলক্ষ্মীয়ে জিয়ানথানক ফোনত তেওঁৰ ঘৰলৈ মাতিছিল। তাতেই তেওঁক পৰিকল্পিতভাবে  জড়িত হৈ পৰে। ইয়াৰ পিছত, ভাগ্যলক্ষ্মীয়ে তেওঁৰ বন্ধু শংকৰৰ সৈতে জিয়ানথানক হত্যা কৰে। তেওঁৰ শৰীৰটো টুকুৰা টুকুৰা কৰি এটা মোনাত ভৰাই আৰু প্ৰায় ৪০০ কিলোমিটাৰ দূৰৈৰ এটা অঞ্চললৈ লৈ গৈছিল আৰু  মাটিত পুতি পেলাইছিল।

 এজন পুৰোহিতেও তেওঁলোকক এই কামত সহায় কৰিছিলবুলি আৰক্ষীয়ে জানিব পাৰিছে। ভাগ্যলক্ষ্মীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকীয়ে  জেয়ান্থানৰ পৰা ধন দাবী কৰিছিল। ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবেই তেওঁক হত্যা কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি