--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ বিচ্ছেদৰ পিছত কোনেও জানিবলৈ বাকী থকা নাছিল যে হানি সিঙে পুনৰ এক নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে। বছৰটোৰ শেষত দেশৰ ৰেপ তাৰকা হানি সিঙে তেওঁৰ প্ৰেমিকাৰ সৈতে ৰাজহুৱাভাৱে ধৰা দিয়ে। মডেল-অভিনেত্ৰী টিনা থেৰানীয়ে দিল্লীৰ এটা অনুষ্ঠানত হানিৰ হাত ধৰি ঘূৰি ফুৰিছিল।

হানিৰ নতুন গান এলবাম 'পেৰিছ কা ট্ৰিপ'ৰ নামটোও টিনাই দিছে। সংগীত ভিডিঅ'টোত আত্মপ্ৰকাশো কৰিছে টিনাই। কিন্তু এই সকলোবোৰ প্ৰেমৰ সম্পৰ্ক কেতিয়া আৰম্ভণি ঘটিছিল? তাৰকা দম্পতীহালে কম সময়ৰ ভিতৰতে সকলো পৰিকল্পনা সম্পূৰ্ণ কৰিছিল নেকি? 

হানি সিঙৰে সম্পৰ্কত জড়িত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছিল টিনাই। টিনাই কয়, "পৰিকল্পনা অনুসৰি একো হোৱা নাছিল। মই ভাবো যি ঘটিছিল সেয়া নিজেই হৈছিল। মই কিছুমান বস্তু ব্যক্তিগতভাৱে ৰাখিবলৈ ভাল পাওঁ। কিন্তু জীৱন টো নিজৰ ধৰণেই আছে। মোৰ ভাল লাগিছে।’’

দুয়োজনেই সৃষ্টিশীল। টিনাই ভাবে যে যদি আপুনি সম্পৰ্কত আছে, তেন্তে ইজনে সিজনৰ বৃত্তি আৰু ভাল অনুভূতিক গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। হানিয়ে টিনাক বহু ক্ষেত্ৰত সমৰ্থন-সহযোগিতা কৰে বুলি তেওঁ জনায়।

টিনাই কয়- " হানিয়ে বিচাৰে যে তেওঁৰ চাৰিওফালৰ সকলো মানুহ সমৃদ্ধ হওক। এইটো মোৰ খুব ভাল লাগে। তেওঁ বিচাৰে যে দুয়োৱে নিজৰ নিজৰ আমাৰ লক্ষ্যত উপনীত হওঁ। কেৱল মইয়েই নহয়, তেওঁ তেওঁৰ বন্ধুবৰ্গকো উৎসাহিত কৰে চিয়াৰলিডাৰৰ দৰে।"

টিনাৰ দৃষ্টিত হানি সিং এগৰাকী শিক্ষক। টিনাই ভাবে যে তেওঁৰ পৰা বহুত শিকিবলৈ আছে।


উল্লেখ্য যে দুয়োজন যোৱা বছৰৰ এপ্ৰিলৰ পৰা প্ৰেমৰ সম্পৰ্কত আছে। টিনাই কৈছিল যে যেতিয়া তেওঁ হানিক লগ পাইছিল তেতিয়া হানি ১০০ শতাংশ 'অবিবাহিত' আছিল। তেওঁলোকে সম্পৰ্কটো বৈবাহিক স্তৰলৈ লৈ যাবলৈ ইচ্ছুক নেকি? টিনাৰ ভাষাত, "নিশ্চিতভাৱে! মই বহুত সুখী যে আমাৰ পৰিয়ালে এই সম্পৰ্কটো গ্ৰহণ কৰিছে।’’

আনহাতে, হানিয়ে কেইমাহমানৰ পূৰ্বে প্ৰাক্তন পত্নী শালিনী তলৱাৰক বিচ্ছেদ কৰিছে। গায়কজনে শালিনীক ১ কোটি টকা পৰিশোধ কৰিব লগা হৈছিল। ইয়াৰ মাজতে, টিনাৰ সৈতে এক নতুন সম্পৰ্ক ঘোষণা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক