--°C
Loading...
Listen to Article
2 min read
80%

তিৰুৱনন্তপুৰম : আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহৰ অন্যতম মূল ক’ৰিডৰ পৰিণত হৈছে কেৰালা। বিভিন্ন সময়ত কেৰালাত জব্দ হৈছে এনেদৰে সৰবৰাহ কৰাৰ চেষ্টা কৰা সোণ। নতুন নতুন কৌশলেৰে সোণ সৰবৰাহৰ ব্যৱস্থা কৰিছে এইসকল চোৰাং সৰবৰাহকাৰীয়ে। সোমবাৰে পুৱা পুৱাৰ জব্দ কৰা হ’ল অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা বৃহৎ পৰিমাণৰ সোণ। এয়াৰ ইণ্টালিজিন্স ইউনিট আৰু কাষ্টম বিভাগে ৩০২গ্ৰাম সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে জব্দ কৰে।

১৪ লাখ টকা দামৰ এই সোণখিনি এজন সৰবৰাহকাৰীয়ে বিশেষ কৌশলেৰে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল। সাধাৰণতে অলংকাৰ বা বিস্কুটৰ আকাৰত এই মূল্যৱান সম্পদবিধ সৰবৰাহ কৰাৰ চেষ্টা কৰি আহিছিল যদিও এইবাৰ পেষ্টেল ৰূপ দি এই সোণ সৰবৰাহ কৰা চেষ্টা কৰিছিল লোকজনে। লোকজনে তেওঁ পিন্ধা পেণ্টত এই সোণৰ প্ৰলেপ সানি তাক সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল। সংবাদ প্ৰতিষ্ঠান এএনআই-এ ইয়াৰ ছবি প্ৰকাশ কৰিছে।

এএনআইত প্ৰকাশ পোৱা মতে, এটা পেণ্টৰ ওপৰত সোণৰ প্ৰলেপ সানি লোকজনে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল। এএনআই-এ প্ৰকাশ কৰা আলোকচিত্ৰত দেখা গৈছে কিদৰে এই সোণৰ হালধীয়া বৰণ পেণ্টটোৰ ওপৰত জিলিকি আছে। কিন্তু এই কৌশল সফল নহ’ল সৰবৰাহকাৰীৰ। এয়াৰ ইণ্টেলিজেঞ্চ ইউনিটে কান্নুৰ বিমানবন্দৰৰ পৰা এনেদৰে সৰবৰাহ কৰবিলৈ চেষ্টা কৰা ৩০২গ্ৰাম সোণ জব্দ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ