--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰতিবাদৰ জুইত পেৰু জ্বলি আছে। ৰাষ্ট্ৰপতি দিনা বোলাৰ্টৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ইতিমধ্যে কমেও ৪২ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজধানী লিমাকে ধৰি পেৰুৰ কেইবাখনো চহৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। নিৰ্দেশনাসমূহ পৰৱৰ্তী ৩০ দিনৰ বাবে জাৰী কৰা হৈছে। সাধাৰণ মানুহৰ চলাচল, একে ঠাইতে একত্ৰিত হোৱা আদিৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

দেশ খনত  ডিচেম্বৰৰ আৰম্ভণিতে প্ৰথম চৰকাৰ বিৰোধী গণ আন্দোলন আৰম্ভ হৈছিল। এই সময়ছোৱাত তদানীন্তন ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোক একাধিক দুৰ্নীতিৰ অভিযোগত বৰ্খাস্তকৰা হৈছিল। তেওঁ এতিয়া কাৰাগাৰতে আছে। তেওঁৰ দুৰ্নীতিৰ অভিযোগসমূহৰ পৰীক্ষণ চলি আছে। বৰ্তমান সমগ্ৰ দেশতে চলি থকা চৰকাৰ বিৰোধী বিদ্ৰোহৰ সৈতেও তেওঁৰ নাম জড়িত হৈ পৰিছে। 

কাষ্টিলোৰ সমৰ্থকসকলে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰা আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি দিনা বোলাৰ্টেক অপসাৰণৰ দাবী প্ৰতিবাদ অব্যাহত ৰাখিছে।   ইপিনে  ৬০ বছৰীয়া মহিলা ৰাষ্ট্ৰপতি   দিনা বোলাৰ্টে কৈছে যে তেওঁ পদত্যাগ নকৰে।  এক সাক্ষাৎকাৰত বোল্টে কয়, "কিছুমান হিংসাত্মক, মৌলবাদী লোকে মোৰ পদত্যাগ দাবী কৰিছে। তেওঁলোকে সাধাৰণ মানুহক উত্তেজিত  কৰি আহিছে। সমগ্ৰ দেশতে বিশৃংখলতা আৰু ধ্বংসৰ পৰিবেশ সৃষ্টি হৈছে। কিন্তু মই পদত্যাগ নকৰো। পেৰুৰ প্ৰতি মোৰ যথেষ্ট দায়িত্ব আছে। '' যোৱা ২৪ ঘণ্টাত পেৰুত মুঠ ৪২ জন প্ৰতিবাদকাৰীৰ আৰক্ষীৰে হোৱা সংঘৰ্ষত মৃত্যু ঘটিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে