--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰতিবাদৰ জুইত পেৰু জ্বলি আছে। ৰাষ্ট্ৰপতি দিনা বোলাৰ্টৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ইতিমধ্যে কমেও ৪২ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজধানী লিমাকে ধৰি পেৰুৰ কেইবাখনো চহৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। নিৰ্দেশনাসমূহ পৰৱৰ্তী ৩০ দিনৰ বাবে জাৰী কৰা হৈছে। সাধাৰণ মানুহৰ চলাচল, একে ঠাইতে একত্ৰিত হোৱা আদিৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

দেশ খনত  ডিচেম্বৰৰ আৰম্ভণিতে প্ৰথম চৰকাৰ বিৰোধী গণ আন্দোলন আৰম্ভ হৈছিল। এই সময়ছোৱাত তদানীন্তন ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোক একাধিক দুৰ্নীতিৰ অভিযোগত বৰ্খাস্তকৰা হৈছিল। তেওঁ এতিয়া কাৰাগাৰতে আছে। তেওঁৰ দুৰ্নীতিৰ অভিযোগসমূহৰ পৰীক্ষণ চলি আছে। বৰ্তমান সমগ্ৰ দেশতে চলি থকা চৰকাৰ বিৰোধী বিদ্ৰোহৰ সৈতেও তেওঁৰ নাম জড়িত হৈ পৰিছে। 

কাষ্টিলোৰ সমৰ্থকসকলে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰা আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি দিনা বোলাৰ্টেক অপসাৰণৰ দাবী প্ৰতিবাদ অব্যাহত ৰাখিছে।   ইপিনে  ৬০ বছৰীয়া মহিলা ৰাষ্ট্ৰপতি   দিনা বোলাৰ্টে কৈছে যে তেওঁ পদত্যাগ নকৰে।  এক সাক্ষাৎকাৰত বোল্টে কয়, "কিছুমান হিংসাত্মক, মৌলবাদী লোকে মোৰ পদত্যাগ দাবী কৰিছে। তেওঁলোকে সাধাৰণ মানুহক উত্তেজিত  কৰি আহিছে। সমগ্ৰ দেশতে বিশৃংখলতা আৰু ধ্বংসৰ পৰিবেশ সৃষ্টি হৈছে। কিন্তু মই পদত্যাগ নকৰো। পেৰুৰ প্ৰতি মোৰ যথেষ্ট দায়িত্ব আছে। '' যোৱা ২৪ ঘণ্টাত পেৰুত মুঠ ৪২ জন প্ৰতিবাদকাৰীৰ আৰক্ষীৰে হোৱা সংঘৰ্ষত মৃত্যু ঘটিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ