--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত প্ৰতাৰণা কৰাৰ বাবেই প্ৰেমিকৰ ঘৰ জ্বলাই দিলে এগৰাকী যুৱতীয়ে। ঘটনাটো সংঘটিত হৈছে থাইলেণ্ডৰ পাটায়া চহৰত। জুইৰ মাজৰ পৰা আক্ৰান্ত ওই নামৰ যুৱকগৰাকীক উদ্ধাবৰ কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে।

২৫ বছৰ বয়সীয়া ডনলায়া নালি নামৰ যুৱতীগৰাকীৰ স’তে ৩৩ বছৰ বয়সীয়া আক্ৰান্ত ওইৰ সম্পৰ্ক দীৰ্ঘদিনৰ। সম্পৰ্কৰ আৰম্ভণিৰে পৰা দুয়োৱে একেটা এপাৰ্টমেণ্টতে থাকিবলৈ লৈছিল। ডনলায়া এটা বেচৰকাৰী সংস্থাৰ কৰ্মী। আনহাতে, তেওঁৰ প্ৰেমিক এটা তথ্যপ্ৰযুক্তি সংস্থাৰ কৰ্মী।

জানিব পৰামতে, প্ৰথমে দুয়োেৰে মাজত আন্তৰিকতা থাকিলেও কিছু মাহ পাছতে মনোমালিন্য ঘটিবলৈ ধৰে। ডনলায়াই সকলো সময়তে প্ৰেমিকৰ ওপৰত চাপ দি থাকিব ধৰে। তাত প্ৰেমিক আক্ৰান্তৰ সমস্যা হ’ব ধৰে। ক্ৰমে দূৰ হৈ যায় দুয়ো।

প্ৰেমৰ সম্পৰ্কটো ইমানেই তিক্ত হ’বলৈ ধৰে যে ডনলায়াৰ অনুপস্থিতিত তেওঁৰ প্ৰেমিকে আন যুৱতীৰ স’তে সম্পৰ্কত সোমাই পৰে। তাতে প্ৰচণ্ড ক্ষোভিত হৈ পৰে ডনলায়া। মদ্যপান কৰিব ধৰে তেওঁ।

মদৰ নিচাতে এদিন গৈ তেওঁ প্ৰেমিকৰ ঘৰত উপস্থিত হয়। লগালগ জুইশলা কাঠিৰে প্ৰেমিক আক্ৰান্তৰ ঘৰ জ্বলাই বাহিৰলৈ ওলাই আহ। সেই সময়ত আক্ৰান্ত শুই আছিল। ডনলায়াৰ কাণ্ডৰ কথা জনা নাছিল।

হঠাৎ সাৰ পাই দেখে যে তেওঁৰ ঘৰটো দাও দাওকৈ জ্বলি উঠিছে। কোনো মতে তেওঁ বাহিৰলৈ ওলাব পাৰে। বাহিৰতে ডনলায়াক দেখিবলৈ পায়।

তাৰপাছতে লগালগ আৰক্ষীক ফোন কৰে আক্ৰান্তই। ডনলায়াৰ নামত অভিযোগ দাখিল কৰে। তাৰপাছতে যুৱতীগৰাকীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ আগত ডনলায়াই সকলো কথা স্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক