--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত প্ৰতাৰণা কৰাৰ বাবেই প্ৰেমিকৰ ঘৰ জ্বলাই দিলে এগৰাকী যুৱতীয়ে। ঘটনাটো সংঘটিত হৈছে থাইলেণ্ডৰ পাটায়া চহৰত। জুইৰ মাজৰ পৰা আক্ৰান্ত ওই নামৰ যুৱকগৰাকীক উদ্ধাবৰ কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে।

২৫ বছৰ বয়সীয়া ডনলায়া নালি নামৰ যুৱতীগৰাকীৰ স’তে ৩৩ বছৰ বয়সীয়া আক্ৰান্ত ওইৰ সম্পৰ্ক দীৰ্ঘদিনৰ। সম্পৰ্কৰ আৰম্ভণিৰে পৰা দুয়োৱে একেটা এপাৰ্টমেণ্টতে থাকিবলৈ লৈছিল। ডনলায়া এটা বেচৰকাৰী সংস্থাৰ কৰ্মী। আনহাতে, তেওঁৰ প্ৰেমিক এটা তথ্যপ্ৰযুক্তি সংস্থাৰ কৰ্মী।

জানিব পৰামতে, প্ৰথমে দুয়োেৰে মাজত আন্তৰিকতা থাকিলেও কিছু মাহ পাছতে মনোমালিন্য ঘটিবলৈ ধৰে। ডনলায়াই সকলো সময়তে প্ৰেমিকৰ ওপৰত চাপ দি থাকিব ধৰে। তাত প্ৰেমিক আক্ৰান্তৰ সমস্যা হ’ব ধৰে। ক্ৰমে দূৰ হৈ যায় দুয়ো।

প্ৰেমৰ সম্পৰ্কটো ইমানেই তিক্ত হ’বলৈ ধৰে যে ডনলায়াৰ অনুপস্থিতিত তেওঁৰ প্ৰেমিকে আন যুৱতীৰ স’তে সম্পৰ্কত সোমাই পৰে। তাতে প্ৰচণ্ড ক্ষোভিত হৈ পৰে ডনলায়া। মদ্যপান কৰিব ধৰে তেওঁ।

মদৰ নিচাতে এদিন গৈ তেওঁ প্ৰেমিকৰ ঘৰত উপস্থিত হয়। লগালগ জুইশলা কাঠিৰে প্ৰেমিক আক্ৰান্তৰ ঘৰ জ্বলাই বাহিৰলৈ ওলাই আহ। সেই সময়ত আক্ৰান্ত শুই আছিল। ডনলায়াৰ কাণ্ডৰ কথা জনা নাছিল।

হঠাৎ সাৰ পাই দেখে যে তেওঁৰ ঘৰটো দাও দাওকৈ জ্বলি উঠিছে। কোনো মতে তেওঁ বাহিৰলৈ ওলাব পাৰে। বাহিৰতে ডনলায়াক দেখিবলৈ পায়।

তাৰপাছতে লগালগ আৰক্ষীক ফোন কৰে আক্ৰান্তই। ডনলায়াৰ নামত অভিযোগ দাখিল কৰে। তাৰপাছতে যুৱতীগৰাকীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ আগত ডনলায়াই সকলো কথা স্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ