--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত চীনা সেনাই কৰা আগ্ৰাসনকলৈ ভাৰত-চীন সম্পৰ্কৰ লক্ষ্যণীয়ভাবে অৱনতি ঘটিছে। এনে সময়তে আমেৰিকাই ভাৰতৰ প্ৰতি সদয় মনোভাব প্ৰদৰ্শন কৰাত ক্ষোভিত হৈ পৰিছে চীন।  চীনৰ চৰকাৰৰ এৰাকী পদাধিকাৰীয়ে  ভাৰতৰ সৈতে চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়কলৈ  আমেৰিকা যুক্তৰাষ্ট্ৰক মূৰ নঘমাবলৈ  সতৰ্ক কৰি দিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনে মাৰ্কিন  কংগ্ৰেছত  দাখিল কৰা এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে গালোৱানত হোৱা  সংঘৰ্ষৰ পিছত চীনে বাৰে বাৰে সীমান্তত শান্তি বজাই ৰখাৰ দাবী কৰি আহিছে। কিন্তু সেয়া সঁচা নহয়।ঝি  জিনপিঙৰ প্ৰশাসনেও ভাৰতৰ সৈতে  দ্বিপাক্ষিক সম্পৰ্ক উন্নত হোৱাটো বিচৰা নাই।এই ক্ষেত্ৰত আমেৰিকাৰ হস্তক্ষেপৰো তীব্ৰ বিৰোধিতা কৰিছে চীনে।    প্ৰতিবেদন খনত কোৱা হৈছে যে  আমেৰিকাই চীন- ভাৰতৰ সম্পৰ্কত যাতে কোনো ধৰণে সোমাই নপৰে সেই বিষয়ত চীনে আমেৰিকাকক সতৰ্কবাণী শুনাইছে।  

পেন্টাগনে শেহতীয়াকৈ মাৰ্কিন কংগ্ৰেছত দাখিল কৰা  প্ৰতিবেদন এইবুলি কোৱা হৈছে  "চীনে সীমান্ত অঞ্চলত ভাৰতৰ সৈতে বিবাদ হ্ৰাস কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা বুলি কৈছে। এনে সময়তে  ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক ক্ৰমান্বয়ে উন্নত হৈছে। জিনপিঙে সেয়া  ভাল পোৱা নাই। এই কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰক চীনে   ভাৰতৰ সৈতে চীনৰ দ্বিপাক্ষিক সম্পৰ্কত হস্তক্ষেপ নকৰিবলৈ কোৱা হৈছে। "
প্ৰতিবেদনখনত গালোৱান সংঘৰ্ষ আৰু পৰৱৰ্তী সময়ত সীমান্তত দুয়োখন দেশৰ সৈন্য মোতায়েনৰ কথাও উল্লেখ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মতে চীনে ভাৰতৰ সৈতে বিবাদ সমাধানৰ ক্ষেত্ৰত  অধিক সক্ৰিয়তা দেখুৱাব বিচাৰিছিল।  

জিনপিঙে চীনক  এখন শান্তিপূৰ্ণ দেশ হিচাপে উপস্থাপন কৰিব বিচাৰিছিল। প্ৰতিবেদনখনত স্পষ্টকৈ কোৱা হৈছে যে একাধিকবাৰ আলোচনাৰ পিছতো   চীনে সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে।

২০২০ চনৰ গালোৱানৰ সংঘৰ্ষত কমেও ২০ জন ভাৰতীয় সৈনিক নিহত হৈছিল। তেতিয়াৰে পৰা সীমান্তৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে। সেই  সময়ত চীনে অভিযোগ কৰিছিল যে ভাৰতে চীনৰ  ভূখণ্ডত প্ৰৱেশ কৰিছে আৰু বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। ইয়াৰ পৰিৱৰ্তে নতুন দিল্লীয়ে লগতে দাবী কৰি আহিছে  যে চীনেহে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে