--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত চীনা সেনাই কৰা আগ্ৰাসনকলৈ ভাৰত-চীন সম্পৰ্কৰ লক্ষ্যণীয়ভাবে অৱনতি ঘটিছে। এনে সময়তে আমেৰিকাই ভাৰতৰ প্ৰতি সদয় মনোভাব প্ৰদৰ্শন কৰাত ক্ষোভিত হৈ পৰিছে চীন।  চীনৰ চৰকাৰৰ এৰাকী পদাধিকাৰীয়ে  ভাৰতৰ সৈতে চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়কলৈ  আমেৰিকা যুক্তৰাষ্ট্ৰক মূৰ নঘমাবলৈ  সতৰ্ক কৰি দিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনে মাৰ্কিন  কংগ্ৰেছত  দাখিল কৰা এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে গালোৱানত হোৱা  সংঘৰ্ষৰ পিছত চীনে বাৰে বাৰে সীমান্তত শান্তি বজাই ৰখাৰ দাবী কৰি আহিছে। কিন্তু সেয়া সঁচা নহয়।ঝি  জিনপিঙৰ প্ৰশাসনেও ভাৰতৰ সৈতে  দ্বিপাক্ষিক সম্পৰ্ক উন্নত হোৱাটো বিচৰা নাই।এই ক্ষেত্ৰত আমেৰিকাৰ হস্তক্ষেপৰো তীব্ৰ বিৰোধিতা কৰিছে চীনে।    প্ৰতিবেদন খনত কোৱা হৈছে যে  আমেৰিকাই চীন- ভাৰতৰ সম্পৰ্কত যাতে কোনো ধৰণে সোমাই নপৰে সেই বিষয়ত চীনে আমেৰিকাকক সতৰ্কবাণী শুনাইছে।  

পেন্টাগনে শেহতীয়াকৈ মাৰ্কিন কংগ্ৰেছত দাখিল কৰা  প্ৰতিবেদন এইবুলি কোৱা হৈছে  "চীনে সীমান্ত অঞ্চলত ভাৰতৰ সৈতে বিবাদ হ্ৰাস কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা বুলি কৈছে। এনে সময়তে  ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক ক্ৰমান্বয়ে উন্নত হৈছে। জিনপিঙে সেয়া  ভাল পোৱা নাই। এই কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰক চীনে   ভাৰতৰ সৈতে চীনৰ দ্বিপাক্ষিক সম্পৰ্কত হস্তক্ষেপ নকৰিবলৈ কোৱা হৈছে। "
প্ৰতিবেদনখনত গালোৱান সংঘৰ্ষ আৰু পৰৱৰ্তী সময়ত সীমান্তত দুয়োখন দেশৰ সৈন্য মোতায়েনৰ কথাও উল্লেখ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মতে চীনে ভাৰতৰ সৈতে বিবাদ সমাধানৰ ক্ষেত্ৰত  অধিক সক্ৰিয়তা দেখুৱাব বিচাৰিছিল।  

জিনপিঙে চীনক  এখন শান্তিপূৰ্ণ দেশ হিচাপে উপস্থাপন কৰিব বিচাৰিছিল। প্ৰতিবেদনখনত স্পষ্টকৈ কোৱা হৈছে যে একাধিকবাৰ আলোচনাৰ পিছতো   চীনে সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে।

২০২০ চনৰ গালোৱানৰ সংঘৰ্ষত কমেও ২০ জন ভাৰতীয় সৈনিক নিহত হৈছিল। তেতিয়াৰে পৰা সীমান্তৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে। সেই  সময়ত চীনে অভিযোগ কৰিছিল যে ভাৰতে চীনৰ  ভূখণ্ডত প্ৰৱেশ কৰিছে আৰু বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। ইয়াৰ পৰিৱৰ্তে নতুন দিল্লীয়ে লগতে দাবী কৰি আহিছে  যে চীনেহে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক